শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

খাদ্য খোৱাৰ লগে লগে টোপনি আহে নেকি? ই কি সমস্যাৰ লক্ষণ, জানক…

আজিকালি মানুহৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। ভাল স্বাস্থ্যৰ বাবে মানুহৰ হজম শক্তি ভাল হোৱা প্ৰয়োজন। কিন্তু যেতিয়া হজম শক্তিক সমস্যা আহে তেতিয়া বিভিন্ন লক্ষণে দেখা দিয়ে।

খাদ্য খোৱাৰ লগে লগে টোপনি আহে নেকি? ই কি সমস্যাৰ লক্ষণ, জানক…
টোপনিImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 26 Oct 2025 23:00 PM

পাচনতন্ত্ৰই আমাৰ শৰীৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যদি পাচন প্ৰক্ৰিয়া দুৰ্বল হয় তেতিয়া ইয়াৰ প্ৰভাৱ আমাৰ শৰীৰৰ ওপৰত পৰে। যদি আমাৰ খাদ্য ভালদৰে হজম নহয় তেতিয়া শৰীৰে প্ৰয়োজনীয় পুষ্টিকৰ উপাদান লাভ নকৰে। ইয়াৰ ফলত বহু সমস্যা হ’ব পাৰে। গতিকে সুস্থ শৰীৰৰ বাবে সুস্থ পাচনতন্ত্ৰৰ প্ৰয়োজন। যেতিয়া আমাৰ পাচন প্ৰক্ৰিয়া বা হজম শক্তি দুৰ্বল হৈ পৰে তেতিয়া কিছুমান লক্ষণে দেখা দিয়ে। তলত ইয়াৰ বিষয়ে উল্লেখ কৰা হ’ল-

পেট ফুলাঃ যদি সাধাৰণ খাদ্য গ্ৰহণ কৰাৰ পাছতে পেট ভৰি যোৱা যেন অনুভৱ হয় তেন্তে এয়া ভাল নহয়। ই আপোনাৰ হজম শক্তি ঠিকমতে কাম নকৰাৰ ইংগিত। প্ৰায়ে পেট ফুলাৰ সমস্যাই পাচনতন্ত্ৰৰ সমস্যাৰ ইংগিত দিয়ে।

বাৰে বাৰে গেছঃ পেটত গেছ হোৱা সাধাৰণ কথা। ইয়াৰ বিভিন্ন কাৰণ থাকিব পাৰে। বেয়া খাদ্যৰ ফলত সাধাৰণতে এনে হয়। কিন্তু কম আৰু সীমিত খাদ্য গ্ৰহণ কৰাৰ পাছতো যদি বাৰে বাৰে গেছৰ সমস্যা হয় তেন্তে এয়া ভাল নহয়। ইয়ে আপোনাৰ হজম শক্তি বেয়া হোৱাৰ ইংগিত দিয়ে।

খাদ্য খোৱাৰ লগে লগে টোপনিঃ প্ৰায়ভাগ মানুহৰে খাদ্য গ্ৰহণ কৰাৰ পাছত জিৰণি লোৱাৰ অভ্যাস আছে। কিন্তু আপোনাৰ যদি খাদ্য গ্ৰহণ কৰাৰ লগে লগে টোপনি লাগে তেন্তে এয়া হজম শক্তি দুৰ্বল হোৱাৰ ডাঙৰ লক্ষণ। খাদ্য হজম হ’বলৈ শৰীৰক অধিক শক্তিৰ প্ৰয়োজন হ’লে এনে হয়।

জিভাৰ ৰং সলনিঃ যদি শৰীৰে ভালদৰে খাদ্য হজম কৰিব নোৱাৰে তেন্তে জিভাৰ ৰং সলনি হয়। পাচনতন্ত্ৰত বিষাক্ত পদাৰ্থ জমা হ’লে জিভাত বগা আৱৰণ গঠন হয়।

পেটৰ ভৰ্তিঃ হজম প্ৰক্ৰিয়া নষ্ট হ’লে কম খাদ্য খালে পেট ভৰি যায়, বা খাবলৈ মন নাযায়। ইয়াৰোপৰি এচিডিটি, বাৰে বাৰে উগাৰ আহিব পাৰে।

কৌষ্ঠকাঠিন্যঃ কোষ্ঠকাঠিন্যও দুৰ্বল পাচনতন্ত্ৰৰ লক্ষণ। যেতিয়া পাচনতন্ত্ৰই ভালদৰে কাম নকৰে তেতিয়া শৌচ ঠিক নহয়।

গতিকে এনে লক্ষণসমূহ সাধাৰণভাৱে ল’ব নালাগে। হজম শক্তি ভাল নহলে ই আমাক বিভিন্ন দিশৰ পৰা ক্ষতি কৰে। গতিকে দীৰ্ঘদিন ধৰি যদি এইসমূহ লক্ষণে দেখা দি থাকে তেন্তে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

 

 

অন্য খবৰ পঢ়কঃ মহিলাৰ ৫টা সাধাৰণ অভ্যাস! ছাল অকালতে কৰি তোলে বৃদ্ধ, জানক সকলো…