Father’s Day 2025: আজি পিতৃ দিৱস, এই বিশেষ দিনটোত এইদৰে দিয়ক শুভেচ্ছা…
আজি পিতৃ দিৱস, ব্যস্ত পৃথিৱীত আমি প্ৰায়ে আওকাণ কৰোঁ যিসকল মানুহ আমাৰ পিছফালে থিয় হৈ নিজৰ মৌনতাৰে আমাৰ যুদ্ধত জয়ী হ’বলৈ প্ৰেৰণা আৰু শক্তি প্ৰদান কৰিছে। পিতৃ দিৱস সেই নীৰৱ সমৰ্থনক অনুভৱ কৰাৰ এক সুযোগ। এই পবিত্ৰ দিনটোত প্ৰত্যেকগৰাকী পিতৃক এিদৰে জনাওক আন্তৰিক শুভেচ্ছা...

পিতৃ দিৱস (Father’s Day 2025) সেইসকল পিতৃৰ বাবে উৎসৰ্গিত যিসকলে প্ৰতিটো পৰিস্থিতিত আমাৰ লগত দৃঢ়তাৰে থিয় দিয়ে। আজি ১৫ জুন দেওবাৰ, আজি সকলোৱে পালন কৰিছে পিতৃ দিৱস। পিতৃ দিৱস হৈছে এক অকথিত অনুভৱ, যিয়ে নিজৰ সন্তানৰ বাবে প্ৰতিদিনে জীয়াই থাকে। কেতিয়াবা দিয়া গালিবোৰত লুকাই থাকে প্ৰেম, মৌনতাৰ আঁৰত থাকে সমৰ্থন। আজি পিতৃ দিৱসৰ বিষয়ে আলোচনা কৰো আহক।
আজিৰ ব্যস্ত পৃথিৱীত আমি প্ৰায়ে আওকাণ কৰোঁ যিসকল মানুহ আমাৰ পিছফালে থিয় হৈ নিজৰ মৌনতাৰে আমাৰ যুদ্ধত জয়ী হ’বলৈ প্ৰেৰণা আৰু শক্তি প্ৰদান কৰিছে। পিতৃ দিৱস সেই নীৰৱ সমৰ্থনক অনুভৱ কৰাৰ এক সুযোগ।
এইবাৰ ১৫ জুন দেওবাৰে পিতৃ দিৱস পালন কৰা হৈছে। এই তাৰিখটো প্ৰতি বছৰে সলনি হয় কাৰণ ইয়াক নিৰ্দিষ্ট দিনত নহয়, জুন মাহৰ তৃতীয় দেওবাৰে পালন কৰা হয়। ভাৰত, আমেৰিকা, ব্ৰিটেইনৰ দৰে বহু দেশত একেলগে উদযাপন কৰা হয়। পিতৃৰ প্ৰতি থকা অনুভৱ প্ৰকাশ কৰাৰ বাবে এইটো দিন বিশেষ।
এই দিনটো কেৱল নিজৰ পিতৃৰ বাবেই নহয়, কাৰোবাৰ জীৱনত পিতৃৰ ভূমিকা পালন কৰা সকলোবোৰ জ্যেষ্ঠ ভাই-ককাই, শিক্ষক বা যিকোনো পথ প্ৰদৰ্শক। তেওঁলোকৰ মৰম, যত্ন আৰু সমৰ্থনক সন্মান জনোৱাৰ দিন। এই বিশেষ দিনটোত এইদৰে শুভেচ্ছা দি তেওঁক অনুভৱ কৰাওক আৰু বিশেষ…
পিতৃ দিৱসৰ শুভেচ্ছা (Father’s Day Wishes)
- দেউতা এজোপা বট বৃক্ষৰ দৰে, তেওঁহে জানে প্ৰখৰ ৰ’দত কিদৰে আমাক চাঁৰে আৱৰি ৰাখে ৷
- মোৰ জীৱনত গুৰুতৰ প্ৰভাৱ পেলোৱা মানুহজন, ভগৱানে আপোনাক সকলো পৰিস্থিতিৰ সন্মুখীন হ’ব পৰাকৈ শক্তি দিয়ক… পিতৃ দিৱসৰ শুভেচ্ছা
- মোৰ পৃথিৱীখন প্ৰেমেৰে উজ্জ্বল কৰি তোলা বিশেষ ব্যক্তিজন তুমি, পিতৃ দিৱসৰ শুভেচ্ছা থাকিল দেউতা…
- তুমি মোৰ বাবে এই পৃথিৱীৰ আটাইতকৈ ডাঙৰ উপহাৰ, পিতৃ দিৱসৰ শুভেচ্ছা থাকিল দেউতা
- দেউতা মোৰ বাবে সাহস, অনুপ্ৰেৰণাৰ উৎস আৰু চালিকাশক্তিস্বৰূপ। তেওঁৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ মই জীৱন যাত্ৰাত নতুন উদ্যমেৰে আগুৱাই যোৱাৰ বাবে উদ্বুদ্ধ হৈ আহিছোঁ, যিয়ে মোক দিছে এক অনন্য মাত্ৰা। পিতৃ দিৱসৰ শুভেচ্ছা