Happy Father’s Day 2025 Wishes,Quotes: জীৱনৰ প্ৰতিটো হাঁহিৰ আঁৰত থকা মানুহজনেই দেউতা… পিতৃ দিৱসত এইদৰে দিয়ক শুভেচ্ছা
কাইলৈ পিতৃ দিৱস, এই তাৰিখটো প্ৰতি বছৰে সলনি হয় কাৰণ ইয়াক নিৰ্দিষ্ট দিনত নহয়, জুন মাহৰ তৃতীয় দেওবাৰে পালন কৰা হয়। ভাৰত, আমেৰিকা, ব্ৰিটেইনৰ দৰে বহু দেশত একেলগে উদযাপন কৰা হয়। এই দিনটোত আপোনাৰ পিতৃক এইদৰে দিয়ক শুভেচ্ছা বাৰ্তা...

আজিৰ ব্যস্ত পৃথিৱীত আমি প্ৰায়ে আওকাণ কৰোঁ যিসকল মানুহ আমাৰ পিছফালে থিয় হৈ নিজৰ মৌনতাৰে আমাৰ যুদ্ধত জয়ী হ’বলৈ প্ৰেৰণা আৰু শক্তি প্ৰদান কৰিছে। পিতৃ দিৱস সেই নীৰৱ সমৰ্থনক অনুভৱ কৰাৰ এক সুযোগ।
পিতৃ দিৱস (Father’s Day 2025) সেইসকল পিতৃৰ বাবে উৎসৰ্গিত যিসকলে প্ৰতিটো পৰিস্থিতিত আমাৰ লগত দৃঢ়তাৰে থিয় দিয়ে। ২০২৫ চনত ১৫ জুনত পিতৃ দিৱস পালন কৰা হ’ব। পিতৃ দিৱস হৈছে এক অকথিত অনুভৱ, যিয়ে নিজৰ সন্তানৰ বাবে প্ৰতিদিনে জীয়াই থাকে। কেতিয়াবা দিয়া গালিবোৰত লুকাই থাকে প্ৰেম, মৌনতাৰ আঁৰত থাকে সমৰ্থন। আজি পিতৃ দিৱসৰ বিষয়ে আলোচনা কৰো আহক।
এইবাৰ ১৫ জুন দেওবাৰে পিতৃ দিৱস পালন কৰা হ’ব। এই তাৰিখটো প্ৰতি বছৰে সলনি হয় কাৰণ ইয়াক নিৰ্দিষ্ট দিনত নহয়, জুন মাহৰ তৃতীয় দেওবাৰে পালন কৰা হয়। ভাৰত, আমেৰিকা, ব্ৰিটেইনৰ দৰে বহু দেশত একেলগে উদযাপন কৰা হয়। পিতৃৰ প্ৰতি থকা অনুভৱ প্ৰকাশ কৰাৰ বাবে এইটো দিন বিশেষ। এই দিনটোত আপোনাৰ পিতৃক এইদৰে দিয়ক শুভেচ্ছা বাৰ্তা…
পিতৃ দিৱসৰ শুভেচ্ছা
- প্ৰতিটো খোজতে তোমাৰ আশীৰ্বাদ অনুভৱ কৰো পাপা। তুমি মোৰ সাহস, তুমি মোৰ প্ৰেৰণা….পিতৃ দিৱসৰ শুভেচ্ছা থাকিল
- ত্যাগ, আস্থা, নিৰাপত্তা আৰু বিশ্বাসৰ প্ৰতীক ‘দেউতা’লৈ পিতৃ দিৱসৰ শুভেচ্ছা
- নিঃস্বাৰ্থভাৱে মৰম কৰি আমাৰ সুখবোৰ নিজৰ সুখ বুলি সাবটি লোৱাজনেই হৈছে দেউতা…পিতৃ দিৱসৰ শুভেচ্ছা
- জীৱনৰ প্ৰতিটো হাঁহিৰ আঁৰত থকা মানুহজনেই দেউতা.. পিতৃ দিৱসৰ শুভেচ্ছা
- দেউতা হৈছে শক্তিশালী জীৱনধাৰাৰ বাস্তৱ নায়ক। পিতৃ দিৱসৰ শুভেচ্ছা থাকিল
- পিতৃয়ে নিজ পৰিয়াল আৰু সন্তানৰ কাৰণে সদায়েই এডাল বৃক্ষই ছাঁ দি থকাৰ দৰে আৱৰি থাকে। যিকোনো সময়তে সন্তানৰ কাৰণে নিজৰ সৰ্ব্বোচ্চ ত্যাগ কৰিবলৈ তেওঁ প্ৰস্তুত। পিতৃ দিৱসৰ শুভেচ্ছা থাকিল
- পিতৃ ধৰ্ম্ম মোৰ পিতৃ স্বৰ্গ মোৰ পিতৃ পৰম তপ যেতিয়া এজনে পিতৃৰ সুখ লাভ কৰে সকলো দেৱতা সন্তুষ্ট হয়। পিতৃ দিৱসৰ শুভেচ্ছা থাকিল
- পিতৃ দিৱসৰ আজিৰ এই পবিত্ৰ দিনটোত পিতৃসকলক শ্ৰদ্ধা জনোৱাৰ লগতে প্ৰত্যেকগৰাকী পিতৃলৈ পিতৃ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
- প্ৰতিগৰাকী সন্তানৰ জীৱনত পিতৃৰ ভূমিকা অসীম। বিশ্বৰ প্ৰতিজন পিতৃৰ অকৃত্ৰিম মৰম আৰু ত্যাগক স্মৰণ কৰি শুভেচ্ছা আৰু সেৱা আগবঢ়াইছোঁ।