Eye Dark Circle: চকুৰ তলত ক’লা দাগ পৰা কি ৰোগৰ লক্ষণ? জানক চিকিৎসকৰ পৰা…
Eye Dark Circle: বহতৰে চকুৰ গুড়ি বা চাৰিওফাল ক'লা পৰা দেখা যায়। ই মানুহৰ সৌন্দৰ্যত প্ৰভাৱ পেলায়। কম বয়সতে বেছি বয়স হোৱা যেন লাগে। ইয়াৰ আঁৰত বিভিন্ন কাৰণ থাকিব পাৰে। গতিকে ইয়াৰ বিষয়ে জনা দৰকাৰ।
মানুহক ধুনীয়া কৰাত চকুই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিন্তু কেতিয়াবা চকুৰ চাৰিওফাল বা চকুৰ গুড়ি ক’লা পৰা দেখা যায়। যিয়ে আপোনাৰ সৌন্দৰ্যত প্ৰভাৱ পেলায়। চকুৰ তলত ক’লা বৃত্ত (Eye Dark Circle) গঠন হোৱাৰ বিভিন্ন কাৰণ থাকিব পাৰে। টোপনিৰ অভাৱ, বহু সময় মোবাইল-লেপটপ ব্যৱহাৰ কৰাৰ ফলতো এই সমস্যা হ’ব পাৰে। কিন্তু কেতিয়াবা ইয়াৰ আঁৰৰ কাৰণ কোনো ৰোগ হ’বও পাৰে। এই সন্দৰ্ভত সবিশেষ জনাইছে এম এম জি হাস্পতালৰ জ্যেষ্ঠ চিকিৎসক ডাঃ সন্তৰাম বৰ্মাই। তেওঁ কয় যে, চকুৰ তল ক’লা পৰাৰ কাৰণ বিভিন্ন থাকিব পাৰে।
কাৰণ
চিকিৎসকগৰাকীয়ে কয় যে, চকুৰ তল ক’লা পৰাৰ বিভিন্ন কাৰণ থাকিব পাৰে। ইয়াৰ আঁৰত কিছুমান ৰোগো থাকিব পাৰে। কিছুমান সাম্ভাব্য কাৰণ তলত উল্লেখ কৰা হ’ল-
- আইৰনৰ অভাৱ হোৱাৰ ফলত চকুৰ তল ক’লা পৰিব পাৰে।
- যকৃতৰ ৰোগ হ’লেও এই লক্ষণ দেখা দিয়ে।
- যি লোকৰ থাইৰয়ডৰ সমস্যা আছে তেনে লোকৰ চকুৰ চাৰিওফাল কলা পৰে।
- ডিহাইড্ৰেশ্যন, ধূমপান, অত্যধিক সুৰাপান কৰা লোকসকলৰ চকুৰ চাৰিওফাল ক’লা পৰে।
- মানসিক চাপ থাকিলে চকুৰ চাৰিওফাল ক’লা পৰিব পাৰে।
পৰিত্ৰাণৰ উপায়
চিকিৎসকে কয় যে, কেতিয়াবা দীৰ্ঘদিন টোপনিৰ অভাৱ হ’লেও চকুৰ তল ক’লা পৰা দেখা যায়। কিন্তু যদি চকুৰ তল ক’লা পৰাৰ লগতে অন্য লক্ষণে দেখা দিয়ে তেতিয়া সেই ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। ইয়াৰোপৰি এই দাগৰ পৰা পৰিত্ৰাণ পাবলৈ কিছুমান দিশৰ ওপৰত গুৰুত্ব দিয়া দৰকাৰ।
- ভাল খাদ্য গ্ৰহণ কৰক।
- জীৱনশৈলী ভাল কৰক।
- পৰ্যাপ্ত টোপনি যাওক।
- মানসিক চাপ কম কৰক।
- মদ্যপান নকৰিব।
- ধূমপান ত্যাগ কৰক।
এইবোৰ ব্যৱস্থা লোৱাৰ পাছতে যদি আপোনাৰ চকুৰ তলত দাগ থাকে তেন্তে সাৱধান হোৱা দৰকাৰ। এই ক্ষেত্ৰত আপুনি বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।
অন্য খবৰ পঢ়কঃ ডায়েবেটিছ ৰোগীয়ে পুৱা খালী পেটত কি খাব লাগে কি নালাগে? জানক চিকিৎসকৰ পৰা…