শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

প্ৰতিদিনে দুটাকৈ ইলাচি খালে কি হয়? ইয়াৰ উপকাৰী গুণৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি…

Elaichi benefits: প্ৰায় প্ৰতি মানুহৰ পাকঘৰত ইলাচি থাকে। ই খাদ্যৰ সোৱাদ বৃদ্ধি কৰি সুগন্ধি আনে। কিন্তু ইলাচি স্বাস্থ্যৰ বাবেও উপকাৰী। মাত্ৰ ১৫ দিনতে ইয়াৰ সুফল পাব।

প্ৰতিদিনে দুটাকৈ ইলাচি খালে কি হয়? ইয়াৰ উপকাৰী গুণৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি…
ইলাচিImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 02 Nov 2025 18:44 PM

প্ৰায় সকলোৰে পাকঘৰত থাকে ইলাচি। চাহৰ পৰা আৰম্ভ কৰি খাদ্য বা আন ক্ষেত্ৰতো ব্যৱহাৰ কৰা হয় ইলাচি। ই খাদ্যৰ সোৱাদ বৃদ্ধি কৰি সুগন্ধি আনে। কিন্তু আপুনি জানেনে ইলাচি স্বাস্থ্যৰ বাবেও ভাল? এই সন্দৰ্ভত বিখ্যাত যোগ গুৰু তথা লেখিকা ড০ হন্সা যোগেন্দ্ৰই তেওঁৰ ইউটিউব চেনেলত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। য’ত তেওঁ কৈছে যদি প্ৰতিদিনে ২টা সেউজীয়া ইলাচি আপুনি খাই তেন্তে ইয়াৰ ফল দেখিবলৈ পাব। মাত্ৰ ১৫ দিন খালেই ইয়াৰ ইতিবাচক পৰিৱৰ্তন দেখিবলৈ পাব।

প্ৰতিদিনে দুটা খোৱাৰ ইলাচিৰ উপকাৰ

মুখৰ গোন্ধঃ ইলাচিত এন্টিবেক্টেৰিয়েল গুণ থাকে, যিয়ে মুখৰ দুৰ্গন্ধ দূৰ কৰাত সহায় কৰে। ই মুখৰ বেয়া বেক্টেৰিয়াবোৰ মাৰি পেলায়। ইয়াৰ বাবে আগৰ ৰজা-মহাৰজা সকলেও খাদ্য গ্ৰহণ কৰাৰ পাছত ইলাচি খাইছিল। ইয়াৰ ফলত উশাহ-নিশাহ সতেজ হৈ থাকে আৰু দুৰ্গন্ধ নোলায়।

চৰ্দি-কাহঃ এতিয়া শীতকাল পৰিছে। বতৰৰ পৰিৱৰ্তনৰ লগে লগে বহুতৰ চৰ্দি-কাহ আদি হোৱা দেখা গৈছে। এনে অৱস্থাত ইলাচি উপকাৰী হ’ব পাৰে। ইলাচি গৰম প্ৰকৃতিৰ। যাৰ বাবে শ্লেষ্মা ঢিলা কৰে। ইয়াৰ ফলত বুকুখন শ্লেমা জমা নহয় আৰু উশাহ-নিশাহ ভাল হয়।

পাচনতন্ত্ৰঃ ইলাচিয়ে পাচনতন্ত্ৰৰ সমস্যা হ্ৰাস কৰে। পাচন এনজাইম সক্ৰিয় কৰে। খাদ্য গ্ৰহণ কৰাৰ পাছত ১-২টা ইলাচি চোবাই খালে গেছ, পেট ফুলা আদি সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়। ই খাদ্য হজম কৰাত সহায় কৰে।

হৃদযন্ত্ৰঃ ইয়াৰোপৰি ইলাচি হৃদযন্ত্ৰৰ বাবে উপকাৰী। যোগগুৰুৰ মতে, ইলাচিত পৰ্যাপ্ত পৰিমাণৰ এন্টিঅক্সিডেন্ট থাকে, যিয়ে শৰীৰৰ অতিৰিক্ত পানী আৰু নিমখ বাহিৰ কৰাত সহায় কৰে। ইয়াৰ ফলত ব্লাড প্ৰেচাৰ নিয়ন্ত্ৰণত থাকে আৰু হৃদযন্ত্ৰত হেঁচা নপৰে। ব্লাড প্ৰেচাৰৰ সমস্যা থকাসকলে প্ৰতিদিনে ইলাচি খাব পাৰে।

কেনেকৈ খাব

  • খাদ্য খোৱাৰ পাছত ২টা ইলাচি চোবাই খাব।
  • ইলাচি পাউদাৰ, মৌ, নেমু, কলা নিমখ মিহলি কৰি খাব পাৰে।
  • ইলাচিৰ চাহ খাব পাৰে।

 

অন্য খবৰ পঢ়কঃ কিয় গোৰোহা ফাটে? চিকিৎসকে জনালে ৫ টা মুখ্য কাৰণ…