কিয় গোৰোহা ফাটে? চিকিৎসকে জনালে ৫ টা মুখ্য কাৰণ…
Cracked Heels: শীতকালত গোৰোহা ফটা সাধাৰণ কথা। কিন্তু ইয়াৰ আঁৰত কাৰণ থাকিব পাৰে। কেতিয়াবা ভিটামিন বা পুষ্টিকৰ উপাদানৰ অভাৱৰ ফলত গোৰোহা ফাটিব পাৰে। গতিকে যত্ন লোৱা দৰকাৰ।
শীতকালত মানুহৰ স্বাস্থ্যজনিত বিভিন্ন সমস্যা হোৱা দেখা যায়। এই সময়চোৱাত প্ৰায়ভাগ মানুহৰ গোৰোহা ফাটে। বহুতে এয়া সাধাৰণ বুলি ভাবে। কিন্তু আপুনি জানেনে, কেৱল ঠাণ্ডাৰ বাবে নহয় ভিটামিন আৰু খনিজ পদাৰ্থৰ অভাৱ হোৱাৰ ফলতো গোৰোহা ফাটে। এনে অৱস্থাত, ঠাণ্ডা হওক বা গৰম সকলো সময়তে গোৰোহা ফটা দেখা যায়। কেতিয়াবা সামান্য বিষ অনুভৱ হ’ব পাৰে। এই সন্দৰ্ভত সবিশেষ জনাইছে চিকিৎসক শালিনী সিং সোলাংকিয়ে (MBBS, MD)। তেওঁ সামাজিক মাধ্যমত এটা ভিডিঅ’ শ্বেয়াৰ কৰি এই সন্দৰ্ভত জনায়।
কাৰণ
চিকিৎসকগৰাকীয়ে কয় যে, পুষ্টিকৰ উপাদানৰ অভাৱৰ ফলত গোৰোহা ফাটিব পাৰে। ইয়াৰ মুখ্য কাৰণ শৰীৰত ভিটামিন ই আৰু জিংকৰ অভাৱ হ’ব পাৰে। ভিটামিন ইয়ে ছালত আৰ্দ্ৰ কৰি ৰখাত সহায় কৰে আৰু স্বাস্থ্যবান কৰি ৰাখে। ইয়াৰ অভাৱৰ ফলত ছাল শুকান হয় আৰু গোৰোহা ফাটিবলৈ আৰম্ভ কৰে। ইয়াৰ বিপৰীতে জিংকে ছালৰ ঘাঁ ভাল কৰাত বিশেষ ভূমিকা পালন কৰে। ইয়াৰ অভাৱৰ ফলত ছালৰ ক্ষতি হ’ব পাৰে আৰু গোৰোহা ফাটিব পাৰে।
ইয়াৰোপৰি আন বহুতো কাৰণত গোৰোহা ফাটিব পাৰে। অন্য কিছুমান কাৰণ হ’ল-
- ঠাণ্ডাঃ ঠাণ্ডা আৰু শুকান বতাহে ছালৰ পৰা আৰ্দ্ৰতা টানি লয়, যাৰ ফলত গোৰোহা শুকান হৈ ফাটিবলৈ আৰম্ভ কৰে।
- ওজন বৃদ্ধিঃ ওজন বৃদ্ধি হ’লে ভৰিত বেছি হেঁচা পৰে। দীৰ্ঘ সময় থিয় হৈ থাকিলে বা খোজ কাঢ়িলে গোৰোহাত হেঁচা পৰি ফাটিব পাৰে।
- ছালৰ সমস্যাঃ একজিমা, ছোৰাযছিচ বা ফাংগল সংক্ৰমণৰ ফলত ছাল দুৰ্বল হৈ পৰে। যাৰ ফলত গোৰোহা ফাটিব পাৰে।
- চেণ্ডেলঃ বহুতে পাতল চেণ্ডেল পিন্ধে। কিন্তু ইয়াৰ ফলতো গোৰোহা ফাটিব পাৰে।
View this post on Instagram
যত্ন লোৱাৰ উপায়
- খাদ্যত ওমেগা ৩ ফেটি এচিড,ভিটামিন অন্তৰ্ভুক্ত কৰক। ইয়াৰ বাবে বাদাম, অখৰোট, এবোকাডো আদি খাওক।
- প্ৰতি নিশা কুহুমীয়া পানীত অলপ সময় ভৰিখন তিয়াই ৰাখক।
- পাছত স্ক্ৰাব বা পিউমিক ষ্টোনেৰে চাফা কৰিব। ইয়াৰ পাছত নাৰিকল তেল বা মইশ্বৰাইজাৰ লগাই মালিচ কৰিব।
অন্য খবৰ পঢ়ক- যুৱক-যুৱতীসকলৰ মাজত কিয় বৃদ্ধি পাইছে হৃদযন্ত্ৰৰ সমস্যা, জানক চিকিৎসকৰ পৰা…