শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

নিশা বাৰে বাৰে মুখ শুকাই যায় নেকি? হ’ব পাৰে এই ৬টা ৰোগৰ কাৰণ…

বহুতৰে নিশা শুৱাৰ সময়ত মুখ শুকাই যায়। যাৰ বাবে বাৰে বাৰে টোপনিৰ মাজত বাৰে বাৰে সাৰ পোৱা, কাহ হোৱা বা অন্য সমস্যাৰ সৃষ্টি হয়।

নিশা বাৰে বাৰে মুখ শুকাই যায় নেকি? হ’ব পাৰে এই ৬টা ৰোগৰ কাৰণ…
মুখৰ সমস্যাImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Updated On: 05 Oct 2025 21:13 PM

প্ৰায়ভাগ মানুহৰে নিশা মুখ শুকাই যায়। চিকিৎসা ভাষাত ইয়াত জেৰষ্টোমিয়া বুলি কোৱা হয়। যেতিয়া মুখত লেলাউটি উৎপাদন কম হয় তেতিয়া মুখখন আঠা আঠা লাগে। এনে অৱস্থাত মুখখন শুকান হৈ পৰে। টোপনিৰ সময়ত আমাৰ শৰীৰত স্বাভাৱিকতকৈ কম লেলাউটি উৎপন্ন হয়, কিন্তু এই সমস্যা যদি স্থায়ী পৰে তেতিয়া ই গুৰুতৰ ৰোগৰ কাৰণ হ’ব পাৰে। পানীৰ অভাৱ, মুখ মেলি শুই থকা, কফি বা মদ অত্যধিক সেৱন, কিছুমান ঔষধৰ পাৰ্শ্বক্ৰিয়া আৰু হৰম’নৰ পৰিৱৰ্তন আদি বিভিন্ন কাৰণৰ বাবে এই সমস্যা হ’ব পাৰে। ইয়াৰ ফলত দাঁতৰ সমস্যা, মুখৰ ঘাঁ, মুখৰ দুৰ্গন্ধ আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ আঁৰৰ কাৰণ জানি চিকিৎসা গ্ৰহণ কৰিব লাগে।

নিশা বাৰে বাৰে মুখ শুকাই যোৱাৰ লগতে অন্য লক্ষণেও দেখা দিব পাৰে। ইয়াৰ ভিতৰত জিভাত জলা বা ৰুক্ষতা অনুভৱ, কথা কোৱা আৰু গিলিবলৈ অসুবিধা, ওঁঠ ফাটি যোৱা আৰু মুখৰ দুৰ্গন্ধ আদি অন্যতম। কেতিয়াবা মানুহে সোৱাদো কমকৈ পায়। মুখ শুকাই যোৱাৰ সমস্যা বাৰে বাৰে হ’লে দাঁতৰ সংক্ৰমণ বা অন্য সংক্ৰমণ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। কিয়নো ললাউটিয়ে বেক্টেৰিয়া আঁতৰ কৰাৰ কাম কৰে। ইয়াৰ ফলত ডিঙিৰ বিষ, অত্যাধিক পিয়াহ, টোপনিৰ সময়ত বাৰে বাৰে সাৰ পোৱা আদি লক্ষণেও দেখা দিব পাৰে।

কিহৰ লক্ষণ

  • ডায়েবেটিছৰ বাবে নিশা বাৰে বাৰে মুখ শুকাই যাব পাৰে। এনে অৱস্থাত ব্লাড চুগাৰৰ মাত্ৰা বৃদ্ধি পোৱাৰ ফলত শৰীৰত পানীৰ অভাৱ হয়। যাৰ ফলত লেলাউটি কম ওলাই আৰু মুখ শুকাই যায়।
  • থাইৰয়ডৰ সমস্যা থাকিলেও লেলাউটি উৎপাদন হ্ৰাস পায়।
  • স্লিপ এপনিয়াত আক্ৰান্ত লোকসকলে প্ৰায়ে মুখ মেলি শুই থাকে, যাৰ ফলত এই সমস্যা বৃদ্ধি পায়।
  • শ্বোগ্ৰেন চিণ্ড্ৰমৰ দৰে অটোইম্যুন ৰোগে লালাগ্ৰন্থিবোৰক প্ৰভাৱিত কৰে, যাৰ ফলত মুখ শুকান হ’ব পাৰে।
  • চৰ্দি
    শ্বাস-প্ৰশ্বাসৰ এলাৰ্জী বা সংক্ৰমণ,
  • কিছুমান দীৰ্ঘদিনীয়া ঔষধ যেনে এন্টিহিষ্টামিন, এন্টিডিপ্ৰেছন, আৰু ৰক্তচাপৰ ঔষধ আদিয়েও এই সমস্যাৰ সৃষ্টি কৰিব পাৰে।
  • দীৰ্ঘদিন এই সমস্যা হৈ থাকিলে শীঘ্ৰেই চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা প্ৰয়োজন।

কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি

  • দিনটোৰ ভিতৰত পৰ্যাপ্ত পৰিমাণে পানী খাব লাগে।
  • শুৱাৰ পূৰ্বে মদ আৰু কেফেইন পৰিহাৰ কৰিব লাগে।
  • মুখ বন্ধ কৰি উশাহ লোৱাৰ অভ্যাস গঢ়ি তোলক।
  • শুৱাৰ আগতে মাউথৱাছ বা লালা বৃদ্ধি কৰা জেল ব্যৱহাৰ কৰিব লাগে।
  • ঘৰত বতাহত আৰ্দ্ৰতা বজাই ৰাখিবলৈ হিউমিডিফায়াৰ ব্যৱহাৰ কৰক।
  • দাঁত আৰু আলু ভালদৰে পৰিষ্কাৰ কৰক।
  • যদি সমস্যাটো স্থায়ী হৈ থাকে তেন্তে চিকিৎসকৰ পৰা পৰীক্ষা কৰাব লাগে।

 

অন্য খবৰ পঢ়কঃ থাইৰয়ডৰ সমস্যা হ’লে কি কি খাব লাগে, কি নালাগে, জানক সকলো…