শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

১০ টকাৰে কৰক ছালখন ধুনীয়া, জিলিকনি দেখি আচৰিত হ’ব সকলো!

যিকোনো ধৰণৰ ছালৰ বাবে গোলাপ জলে আচৰিত কাম কৰে। বিশেষকৈ শুকান ছালত গোলাপে যাদুৰ দৰে কাম কৰে। অৱশ্যে গোলাপ জল লগোৱাৰো এটা কৌশল আছে, নাজানিলে হাজাৰবাৰ লগালেও কামত নাহিব।

১০ টকাৰে কৰক ছালখন ধুনীয়া, জিলিকনি দেখি আচৰিত হ’ব সকলো!
জিলিকনি দেখি আচৰিত হ'ব সকলো!
Barasha Misra
Barasha Misra | Published: 25 Jul 2025 15:20 PM

যিকোনো ধৰণৰ ছালৰ বাবে গোলাপ জলে আচৰিত কাম কৰে। বিশেষকৈ শুকান ছালত গোলাপ জলে যাদুৰ দৰে কাম কৰে। গোলাপ জল লগোৱাৰ এটা কৌশল আছে, নাজানিলে উজ্জ্বল নহ’ব আপোনাৰ ছাল।

গোলাপ জলত এনে উপাদান থাকে যিয়ে ছালত আৰ্দ্ৰতা ধৰি ৰাখে। কেৱল সেয়াই নহয়, ই ক’লা দাগ আঁতৰাই ছালখন উজ্জ্বল কৰি তোলে। ভাল টোনাৰ হিচাপে গোলাপ জল একেবাৰে উত্তম।

প্ৰথমে বাহিৰৰ পৰা ঘৰলৈ উভতি অহাৰ পিছত ভালদৰে মুখখন ধুব। তাৰ পিছত এটা বাটিত পানী অলপ লৈ তাত কেইটোপালমান গোলাপ জল দিব। সেই পানীৰে মুখখন ধুই দিব। আপুনি অনুভৱ কৰিব যে আপোনাৰ ছালখন সতেজ হৈ পৰিছে।

মুখ ধোৱাৰ পিছত কপাহ গোলাপ জলত তিয়াই মুখখন পৰিষ্কাৰ কৰক। আপুনি দেখিব যে ইয়াৰ দ্বাৰা ছালৰ মৃত কোষবোৰ আঁতৰি যায়। ফলত আপোনাৰ ছালখন উজ্জ্বল হৈ পৰিব।

ইয়াৰোপৰি দৈত এচামুচ গোলাপ জল মিহলাই লওক। এই ফেচ পেকটো সপ্তাহত কমেও দুবাৰকৈ লগাব লাগে। কিছুদিনৰ পিছত দেখিব যে আপোনাৰ ক’লা দাগবোৰ নাইকিয়া হৈ গৈছে।