শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

খাদ্য গ্ৰহণৰ পাছত গৰম পানী খোৱা ভাল নে বেয়া? জানক বিশেষজ্ঞৰ পৰা…

বৰ্তমান শীতকাল পৰিছে। এই সময়চোৱাত বহুতে গৰম পানী খায়। বিভিন্ন ক্ষেত্ৰত গৰম পানী ব্যৱহাৰ কৰে। বহুতে খাদ্য গ্ৰহণ কৰাৰ আগত বা পাছত গৰম পানী খায়। প্ৰশ্ন হয়, খাদ্য গ্ৰহণ কৰাৰ পাছত গৰম পানী খোৱা ভাল নে বেয়া?

খাদ্য গ্ৰহণৰ পাছত গৰম পানী খোৱা ভাল নে বেয়া? জানক বিশেষজ্ঞৰ পৰা…
গৰম পানীImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 19 Nov 2025 15:52 PM

জীয়াই থাকিবলৈ মানুহক যিদৰে পানীৰ প্ৰয়োজন, ঠিক তেনেকৈ খাদ্যৰো প্ৰয়োজন। সেইবাবে কয়, পানীয়ে জীৱৰ প্ৰাণ। প্ৰতিদিনে কমেও ৩ লিটাৰ পানী খোৱা প্ৰয়োজন। আমি সাধাৰণতে পিয়াহ লাগিলে পানী খাও। কিছুমানে খাদ্য খোৱাৰ আগত বা পাছতো পানী খায়। অৱশ্যে শীতকালত বহুতে কম আৰু গৰম পানী খায়। আপোনাৰো খাদ্য খোৱাৰ পাছত গৰম পানী খোৱাৰ অভ্যাস আছে নেকি? প্ৰশ্ন হয়, ইয়াৰ ফলত কি হ’ব পাৰে?

শীতকালত গৰম পানী খোৱাৰ উপকাৰ

পৰ্যাপ্ত পৰিমাণৰ পানী খোৱা শৰীৰৰ বাবে ভাল। শীতকালত গৰম পানী খাব লাগে। কিয়নো শীতকালত ঠাণ্ডা পানী খোৱাৰ ফলত চৰ্দি-কাহ আদি হ’ব পাৰে। ইয়াৰোপৰি ডিঙিৰ সমস্যা হ’ব পাৰে।

খাদ্যৰ পাছত গৰম পানী

যদি আপুনি সঠিক পদ্ধতিৰে পানী খাইছে তেন্তে শীতকালত গৰম পানী খোৱা ভাল। ই পাচনতন্ত্ৰৰ সমস্যা কম কৰে। ইয়াৰোপৰি যদি আপুনি বেছিকৈ খাদ্য খাই তেন্তে গৰম পানীয়ে সেয়া হজম হোৱাত সহায় কৰে। যদি আপুনি কম খাদ্য গ্ৰহণ কৰিছে তেন্তে সাধাৰণ পানী খাব পাৰে।

শীতকালত গৰম পানী খোৱাৰ উপকাৰিতা

পাচনতন্ত্ৰঃ ঠাণ্ডা দিনত গৰম পানী খালে পাচনতন্ত্ৰ মজবুত হয়। গৰম পানীয়ে খাদ্য হজম হোৱাত সহায় কৰে।

বেক্টেৰিয়া আৰু ভাইৰাছঃ গৰম পানীয়ে শৰীৰৰ ভিতৰৰ বেক্টেৰিয়া আৰু ভাইৰাছ নষ্ট কৰাত সহায় কৰে। যদি ঠাণ্ডাৰ দিনত অধিক সক্ৰিয় হৈ পৰে।

শৰীৰ গৰমঃ গৰম পানীয়ে শৰীৰ গৰম ৰখাত সহায় কৰে। যাৰ ফলত ঠাণ্ডা কমকৈ অনুভৱ হয়। গতিকে শীতকালত পৰ্যাপ্ত পৰিমাণে গৰম পানী খোৱা শৰীৰৰ বাবে ভাল।

 

অন্য খবৰ পঢ়কঃ এইসকল লোকে ভুলতো খাব নালাগে মেথি গুটি, জানক বিশেষজ্ঞৰ পৰা…