শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

এইসকল লোকে ভুলতো খাব নালাগে মেথি গুটি, জানক বিশেষজ্ঞৰ পৰা…

প্ৰায় সকলোৰে পাকঘৰত মেথি গুটি মচলা হিচাপে ব্যৱহাৰ কৰা হয়। পিছে ই স্বাস্থ্যৰ বাবেও ফলপ্ৰসূ। পিছে আপুনি জানেনে, কিছুমান মানুহে মেথি গুটি খাব নালাগে। একাংশৰ বাবে মেথি গুটিয়ে অপকাৰহে কৰে।

এইসকল লোকে ভুলতো খাব নালাগে মেথি গুটি, জানক বিশেষজ্ঞৰ পৰা…
মেথি গুটিImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 19 Nov 2025 15:14 PM

মেথি গুটিৰ বহু উপকাৰী গুণ আছে। ব্লাড চুগাৰ নিয়ন্ত্ৰণৰ পৰা আৰম্ভ কৰি ওজন নিয়ন্ত্ৰণলৈ বিভিন্ন ক্ষেত্ৰত মেথি ফলপ্ৰসূ। কিন্তু কিছুমান মানুহৰ বাবে মেথি গুটি  ভাল নহয়। কিছুমানে মেথি গুটি খোৱাৰ ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ লোৱা প্ৰয়োজন। গতিকে প্ৰশ্ন হয়, কোনসকল লোকে মেথি গুটি খাব নালাগে?

উল্লেখ্য যে, মেথি গুটিত বিভিন্ন পুষ্টিকৰ উপাদান থাকে। ইয়াত প্ৰ’টিন, কাৰ্বহাইড্ৰেট, ফাইবাৰ, ভাল চৰ্বি, কেলচিয়াম, আইৰণ, মেগনেছিয়াম, পটেছিয়াম,ভিটামিন চি, বি ১, বি ২, বি ৩, ফলেট, জিংক, কপাৰ,চেলেনিয়াম আদি থাকে। পিছে কোনসকল লোকে মেথি গুটি খাব নালাগে সেই সন্দৰ্ভত তলত উল্লেখ কৰা হ’ল।

বিশেষজ্ঞই কি কয়,

অল ইণ্ডিয়া ইনষ্টিটিউট অৱ আয়ুৰ্বেদৰ সঞ্চালক তথা অধ্যাপক (ভি.ডি.) প্ৰদীপ কুমাৰ প্ৰজাপতিয়ে কয় যে পিত্ত প্ৰকৃতি থকা লোকসকলে মেথি গুটি খাব নালাগে। যদি আপোনাৰ যকৃতৰ সমস্যা আছে তেন্তে আপোনাৰ বাবে মেথি গুটি বেয়া। যকৃতৰ সমস্যা শৰীৰৰ পৰা বেয়া পদাৰ্থ বাহিৰ কৰাত বাধা অহাৰ ক্ষেত্ৰত জড়িত। এনে অৱস্থাত বিপাকীয় ক্ৰিয়া প্ৰভাৱিত হ’ব পাৰে।

ইয়াৰ ফলত পেট ফুলা, এচিডিটি বা পেটৰ লগত জড়িত অন্য সমস্যা হ’ব পাৰে। ই যকৃতৰ কোষৰ সৃষ্টি কৰিব পাৰে। গতিকে যিসকলৰ এনে সমস্যা আছে সেইসকলে মেথি গুটি খাব নালাগে।

মেথি গুটি খোৱাৰ ফলত কি কি হ’ব পাৰে

মেথি গুটি তিয়াই থৈ খালে কিছুমান সাধাৰণ সমস্যাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ ভিতৰত গেছ, পেট ফুলা বা গধুৰ অনুভৱ হোৱা আদিও অন্যতম। যদি বেছিকৈ এই মেথি গুটি খাই তেন্তে ডায়েৰিয়া, বমি আদি হ’ব পাৰে। ইয়াৰোপৰি ঘাম আৰু মুখৰ পৰা দুৰ্গন্ধ ওলাব পাৰে।

আৰু কোনে খাব নালাগে

এলাৰ্জিঃ যদি আপোনাৰ এলাৰ্জিৰ সমস্যা আছে তেন্তে মেথি গুটি খোৱাৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা প্ৰয়োজন।

গৰ্ভাৱস্থাঃ গৰ্ভাৱস্থাত কিছুমান মহিলাৰ ডায়েবেটিছ হয়। এনে ক্ষেত্ৰত চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিবলৈ মেথি গুটি খায়। কিন্তু চিকিৎসকৰ পৰামৰ্শ অবিহনে মেথি খাব নালাগে। এনে কৰিলে অকালতে প্ৰসৱ হ’ব পাৰে।

তেজ পাতলঃ যিসকল লোকে তেজ পাতল কৰা ঔষধ খাই সেইসকলে বিশেষজ্ঞৰ পৰামৰ্শ নোহোৱাকৈ মেথি গুটি খাব নালাগে।

শিশু আৰু বৃদ্ধঃ শিশু আৰু বৃদ্ধসকলৰ শৰীৰ সংবেদনশীল। গতিকে এই লোকসকলে মেথি গুটি খোৱাৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা প্ৰয়োজন।

 

 

অন্য খবৰ পঢ়কঃ নিশা শুৱাৰ পাছত বাৰে বাৰে মুখ শুকাই যায় নেকি? এয়া কিহৰ লক্ষণ, জানক…