খাদ্য খোৱাৰ পাছত ভুলতো নকৰিব এই ৫ টা কাম, হ’ব পাৰে বিপদ! জানক সকলো…
খাদ্য খোৱাৰ পাছত বহুতে খোজকাঢ়ে, কিছুমানে জিৰণি লয়। কিন্তু খাদ্য গ্ৰহণ কৰাৰ কিছু সময়লৈকে কিছুমান বিশেষ কাম কৰিব নালাগে। ইয়াৰ প্ৰভাৱ আমাৰ স্বাস্থ্যত পৰে।

খাদ্য খোৱাৰ পাছত কি কি কৰিব নালাগে ইয়াক লৈ জ্যেষ্ঠসকলে প্ৰায়ে কিছুমান উপদেশ দিয়ে। বহুতে কয় যে, খাদ্য খোৱাৰ পাছত অলপ জিৰণি ল’ব লাগে, লগ লগে পানী খাব নালাগে আদি। কিন্তু কেতিয়াবা আপুনি ভাবিছেনে ইয়াৰ আঁৰৰ কাৰণ কি? খাদ্য কেৱল পেট ভৰোৱাৰ বাবেই নহয়, আমাৰ স্বাস্থ্য আৰু হজম শক্তিৰ বাবেও ই অতি গুৰুত্বপূৰ্ণ। যেতিয়া আমি খাদ্য গ্ৰহণ কৰো তেতিয়া আমাৰ শৰীৰে হজম কৰা প্ৰক্ৰিয়া আৰম্ভ কৰে। যেনে পেটত এচিড গঠন, অন্ত্ৰ সক্ৰিয় হোৱা আৰু শৰীৰক শক্তি প্ৰদান কৰা।
কিন্তু আমি খাদ্য গ্ৰহণ কৰাৰ লগে লগে যদি কিছুমান ভুল কাম কৰো তেন্তে পাচন ক্ৰিয়াৰ ক্ষতি হোৱাৰ লগতে গেছৰ সমস্যা, বদহজম, ওজন বৃদ্ধি আৰু পেটৰ লগত জড়িত ৰোগ আদি হ’ব পাৰে। গতিকে ৫ টা এনে কাম আছে যি খাদ্য গ্ৰহণ কৰাৰ লগে লগে কৰিব নালাগে। ইয়াৰ বিষয়ে তলত উল্লেখ কৰা হ’ল।
শুৱা
কিছুমান মানুহে খাদ্য গ্ৰহণ কৰাৰ লগে লগে জিৰণি লয় বা শুৱে। বিশেষকৈ দুপৰীয়া আৰু ৰাতি। কিন্তু এই অভ্যাস অত্যন্ত বেয়া। ই আমাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। যদি আপুনি খাদ্য খোৱাৰ লগে লগে শুৱে তেন্তে হজম প্ৰক্ৰিয়াত প্ৰভাৱ পৰিব পাৰে। যাৰ ফলত হাৰ্টবাৰ্ণ আৰু এচিডিটি আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে। গতিকে খাদ্য গ্ৰহণৰ ১ বা ১.৫ ঘন্টা পাছত শুব লাগে।
ধূমপান
বহু মানুহে খাদ্য গ্ৰহণ কৰাৰ পাছতে ধূমপান কৰে। বহুতে ভাবে যে এনে কৰিলে শৰীৰে আৰাম পাব। কিন্তু ই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। খাদ্য খোৱাৰ লগে লগে হজম প্ৰক্ৰিয়া যথেষ্ট দ্ৰুত হয়। এনে পৰিস্থিতিত তৎক্ষণাত চিগাৰেট খালে শৰীৰত নিকোটিন দ্ৰুতভাৱে শোষিত হয়, যাৰ ফলত কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। গতিকে খাদ্য গ্ৰহণ কৰাৰ ৩০-৪০ মিনিট পিছত ধূমপান কৰিব লাগে। যদি সম্ভৱ ধূমপান বন্ধ কৰিব লাগে।
পানী বা চাহ খোৱা
খাদ্য গ্ৰহণ কৰাৰ পাছত বহুতে পানী বা চাহ খায়। কিন্তু চাহত টেনিন থাকে।যাৰ ফলত আইৰণ আৰু অন্যান্য খনিজ পদাৰ্থ শোষণ হোৱাত বাধা দিয়ে। বহুতে খাদ্য গ্ৰহণ কৰাৰ পাছত বা খাদ্য খোৱাৰ সময়ত পানী খায়। ইয়াৰ ফলত ভালদৰে হজম নহয়। গতিকে খাদ্য খোৱাৰ ৩০ মিনিটমান পাছত চাহ বা পানী খাব লাগে।
খোজকঢ়া
বহুতে খাদ্য গ্ৰহণ কৰাৰ পাছত খোজ কাঢ়ে। কিন্তু খাদ্য খোৱাৰ লগে লগে খোজ কাঢ়িব নালাগে। কাৰণ ইয়াৰ ফলত হজম প্ৰক্ৰিয়াত ব্যাঘাত জন্মিব পাৰে। তেজৰ সোঁত পেটৰ পেশীৰ ফালে যায়। খাদ্য খোৱাৰ ২০-৩০ মিনিট পিছত খোজ কাঢ়িলে উপকাৰী বুলি কোৱা হয়।
গা ধোৱা
খাদ্য খোৱাৰ পাছত গা ধুব নালাগে। যদি এই অভ্যাস আছে তেন্তে বন্ধ কৰক। খাদ্য খোৱাৰ একদম পাছত গা ধুলে শৰীৰৰ উষ্ণতা অৱনমিত হয় আৰু তেজ পেটৰ সলনি ছালৰ ফালে গতি কৰে। ইয়াৰ উপৰিও ই হজম প্ৰক্ৰিয়াও লেহেমীয়া হয়। গতিকে খাদ্য গ্ৰহণৰ ৩০-৪০ মিনিট পাছত গা ধুব লাগে।
অন্য খবৰ পঢ়কঃ পুনৰ Covid-19 ৰ ভয়াবহ ৰূপ! দেশত শ শ লোক আক্ৰান্ত কোৰোনাত…