কিয় হয় মৃগীৰোগ? শিশুৰ ক্ষেত্ৰত ইয়াৰ আশংকা কিমান? কাৰণ, প্ৰতিকাৰৰ উপায় জানক…
মৃগীৰোগৰ দৰে ৰোগক লৈ মানুহৰ প্ৰায়ে ভয় আৰু ভুল ধাৰণা থাকে। বহুতে ভাবে যে যদি পিতৃ বা মাতৃৰ মৃগীৰোগ হয়, তেন্তে শিশুটিৰো এই ৰোগ নিশ্চিতভাৱে হ’ব। এই ধাৰণা ভুল নে শুদ্ধ, চিকিৎসকে কি কয়? মৃগীৰোগ বিষয়ে সবিশেষ জানক...

মৃগীৰোগ বৰ্তমানৰ এটা ডাঙৰ সমস্যা। বহুতে ইয়াৰ আঁৰৰ কাৰণ নাজানে আৰু ইয়াক নিৰাময় কৰিবলৈ অন্ধবিশ্বাসৰ জালত পৰে। স্বাস্থ্য বিশেষজ্ঞসকলেও এই কাম নকৰিবলৈ প্ৰায়ে পৰামৰ্শ দিয়ে। অৱশ্যে মৃগীৰোগ মগজুৰ লগত জড়িত ৰোগ। মগজুৰ কাম-কাজত ব্যাঘাত জন্মিলে এই ৰোগ হয়।
বহু ক্ষেত্ৰত ই জিনীয় হ’ব পাৰে। কিন্তু ইয়াৰ বিষয়ে মানুহৰ জ্ঞান কম। মৃগীৰোগ হৈছে স্নায়ুজনিত (মগজু সম্পৰ্কীয়) ৰোগ, য’ত মগজুৰ বৈদ্যুতিক কাৰ্যকলাপ হঠাতে অস্বাভাৱিক হৈ পৰে আৰু এই ৰোগ (Seizures) হয়। কিন্তু প্ৰশ্ন উত্থাপন হয় যে যদি পিতৃ-মাতৃৰ কোনোবা এজনৰ মৃগীৰোগ হৈছে তেন্তে এই সমস্যা শিশু বা আগন্তুক প্ৰজন্মৰ মাজত হ’ব পাৰে নে?
মৃগীৰোগ জিনীয় নেকি?
মৃগীৰোগৰ দৰে ৰোগ এটাক লৈ মানুহৰ বহু ধৰণৰ ভয় আৰু উৰা বাতৰি আছে। বহুতে বিশ্বাস কৰে যে পিতৃ-মাতৃৰ যদি মৃগীৰোগ হয়, তেন্তে ল’ৰা-ছোৱালীৰো এই ৰোগ হ’ব। কিন্তু নিউৰ’চাৰ্জন ডাঃ দলজিৎ সিঙে কয় যে সদায় এনে নহয়। যদি পৰিয়ালৰ কোনোবাই মৃগী ৰোগত আক্ৰান্ত হয়, তেন্তে স্বাভাৱিক লোকতকৈ শিশুৰ ক্ষেত্ৰত ইয়াৰ আশংকা অলপ বেছি। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে সকলো ক্ষেত্ৰতে এনেকুৱা হয়। এইটো জৰুৰী নহয় যে যদি পিতৃ-মাতৃৰ এই ৰোগ হয়, তেন্তে শিশুটিৰ এই ৰোগ নিশ্চয় হ’ব।
শিশুৰ মৃগীৰোগৰ আশংকা কিমান?
উদাহৰণস্বৰূপে, যদি পিতৃ-মাতৃৰ কোনো এজনৰ মৃগীৰোগ হয়, তেন্তে শিশুৰ ক্ষেত্ৰত ইয়াৰ আশংকা প্ৰায় ৫%ৰ পৰা ১০% বৃদ্ধি পায়। আনহাতে যদি পিতৃ-মাতৃ দুয়োৰে মৃগীৰোগৰ সমস্যা হৈছে, তেন্তে তেওঁলোকৰ সন্তানৰ ক্ষেত্ৰত ইয়াৰ আশংকা বৃদ্ধি পায়। আনহাতে যি পৰিয়ালত এই ৰোগ নাথাকে, তেনে পৰিয়ালত শিশুৰ ক্ষেত্ৰত ইয়াৰ আশংকা প্ৰায় ১ শতাংশ বা তাতোকৈ কম।
মৃগীৰোগ কিমান গুৰুতৰ?
মৃগী ৰোগৰ চিকিৎসা কৰিব পাৰি কিন্তু ইয়াৰ চিকিৎসা দীঘলীয়া হোৱাৰ বাবে কিছুমান লোকে চিকিৎসা মাজভাগত এৰি দিয়ে। ইয়াৰ কাৰণে এই ৰোগে গুৰুতৰ ৰূপ ল’ব পাৰে। যেনে, হঠাৎ অজ্ঞান হোৱা, স্মৃতিশক্তিৰ সমস্যা হোৱাটো মৃগী ৰোগৰ লক্ষণ। এনে হ’লে পলম নকৰাকৈ চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।
জিনীয় হোৱাৰ বাহিৰে আন কি কি কাৰণ আছে-
- জন্মৰ সময়ত মগজুৰ আঘাত
- সংক্ৰমণ (যেনে মেনিনজাইটিছ)
- ব্ৰেইন টিউমাৰ
- ষ্ট্ৰোক বা মূৰত গুৰুতৰ আঘাত
- মগজুৰ স্নায়ুৰ অস্বাভাৱিক বিকাশ
যদি আপোনাৰ পৰিয়ালত মৃগীৰোগ দেখা গৈছে আৰু আপুনি শিশুটিৰ স্বাস্থ্যৰ প্ৰতি চিন্তিত, তেন্তে স্নায়ু বিশেষজ্ঞ বা জিনীয় পৰামৰ্শদাতাৰ পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ। সময়মতে পৰীক্ষা আৰু সঠিক নিৰ্দেশনাৰ দ্বাৰা আপুনি বিপদ বুজিব পাৰিব আৰু প্ৰয়োজন হ’লে সঠিক চিকিৎসা আৰম্ভ কৰিব পাৰিব।
লগতে পঢ়ক: এই ৫ বিধ নিৰামিষ খাদ্যই দূৰ কৰে আইৰণৰ অভাৱ, বৃদ্ধি কৰে তেজ …