শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

এই ৫ বিধ নিৰামিষ খাদ্যই দূৰ কৰে আইৰণৰ অভাৱ, বৃদ্ধি কৰে তেজ …

আইৰণৰ অভাৱৰ বাবে ৰক্তহীনতাৰ দৰে গুৰুতৰ ৰোগ হয়, শৰীৰত ভাগৰুৱা অনুভৱ হয়, দুৰ্বল হয়, ছাল হালধীয়া হয়, কেতিয়াবা মূৰ ঘূৰোৱা হয়, আনকি উশাহ-নিশাহৰ সমস্যাও দেখা দিয়ে। আইৰণৰ অভাৱৰ উত্তম উৎস হ’ল ৰঙা মাংস, মটৰ আৰু সাগৰীয় খাদ্য। অৱশ্যে নিৰামিষভোজীয়ে এইবোৰ খাব নোৱাৰে। তেতিয়া তেওঁলোকৰ আইৰণৰ অভাৱ কেনেকৈ পূৰণ হ’ব?

এই ৫ বিধ নিৰামিষ খাদ্যই দূৰ কৰে আইৰণৰ অভাৱ, বৃদ্ধি কৰে তেজ …
ই ৫ বিধ নিৰামিষ খাদ্যই দূৰ কৰে আইৰণৰ অভাৱ
trishna-kalita
Trishna Kalita | Published: 03 Sep 2025 16:47 PM

আমাৰ শৰীৰৰ বাবে আইৰণ এক গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান। ইয়াৰ অভাৱৰ বাবে ৰক্তহীনতাৰ দৰে গুৰুতৰ ৰোগ হয়, শৰীৰত ভাগৰুৱা অনুভৱ হয়, দুৰ্বল হয়, ছাল হালধীয়া হয়, কেতিয়াবা মূৰ ঘূৰোৱা হয়, আনকি উশাহ-নিশাহৰ সমস্যাও দেখা দিয়ে। আইৰণৰ অভাৱৰ উত্তম উৎস হ’ল ৰঙা মাংস, মটৰ আৰু সাগৰীয় খাদ্য। অৱশ্যে নিৰামিষভোজীয়ে এইবোৰ খাব নোৱাৰে। তেতিয়া তেওঁলোকৰ আইৰণৰ অভাৱ কেনেকৈ পূৰণ হ’ব?

যদি আপুনি নিৰামিষভোজী আৰু শৰীৰত থকা আইৰণৰ অভাৱ স্বাভাৱিকভাৱে পূৰণ কৰিব বিচাৰে, তেন্তে কি কৰিব লাগে বিতংভাৱে জানো আহক। ইয়াত ৫টা নিৰামিষ খাদ্যৰ বিষয়ে উল্লেখ কৰা হৈছে, যিবোৰ আপুনি সহজেই আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে।

পালেং শাক

আইৰণ সমৃদ্ধ খাদ্যৰ ভিতৰত প্ৰথমটো হ’ল পালেং। ইয়াক আইৰনৰ উৎকৃষ্ট উৎস বুলি গণ্য কৰা হয়। হেল্থলাইনৰ তথ্য অনুসৰি ১০০ গ্ৰাম পালেং শাকত প্ৰায় ২.৭ গ্ৰাম আইৰণ থাকে। ই শৰীৰত তেজৰ পৰিমাণ সোনকালে বৃদ্ধি কৰাত সহায় কৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যিকোনো ব্যক্তিয়ে বিভিন্ন ধৰণে পালেং শাক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে। যেনে পালেং শাক জোল, পালেং শাক ভাজি আৰু চালাডৰ ৰূপত।

দাইল

মগু, মচুৰ দাইল, মাহ, বুটৰ দাইল আইৰণৰ ভাল উৎস। একাপ কেঁচা মচুৰ দাইলত প্ৰায় ৬.৬ গ্ৰাম আইৰণ পোৱা যায়, যিটো শৰীৰত তেজৰ পৰিমাণ বৃদ্ধি কৰাত অতি সহায়ক। ভিটামিন চি সমৃদ্ধ খাদ্যৰ লগত মচুৰ দাইল মিহলাই ল’লে আইৰণ ভালদৰে শোষিত হয়।

বুট

যদি আপুনি নিৰামিষভোজী হয় তেন্তে আপুনি খাদ্য তালিকাত বুট অন্তৰ্ভুক্ত কৰিব পাৰে। আইৰণৰ বাহিৰেও ই প্ৰটিন আৰু আঁহৰ এক উৎকৃষ্ট উৎস। ইয়াক বিভিন্ন ধৰণে খাব পাৰি। যেনে বুটৰ চাটনি, চালাড আৰু ভাজি বা চবজি।

ডালিম/বেদনা

শৰীৰত তেজ বৃদ্ধিৰ বাবে ডালিম অন্যতম উত্তম উৎস। ১০০ গ্ৰাম ডালিমৰ গুটিত ০.৩১ মিলিগ্ৰাম আইৰণ থাকে। দৈনিক এটা ডালিম খোৱাটোৱে তেজ বৃদ্ধিত যথেষ্ট সহায় কৰে। আইৰণৰ উপৰিও ডালিমত ভিটামিন চি, এন্টিঅক্সিডেন্ট আৰু বহুতো পুষ্টিকৰ উপাদানও প্ৰচুৰ পৰিমাণে থাকে।

গোটা শস্য

নেচনেল লাইব্ৰেৰী অৱ মেডিচিনৰ তথ্য অনুসৰি গোটা শস্যও আইৰণৰ এক উত্তম উৎস। আপুনি আপোনাৰ খাদ্যত ওটছ, কুইনোৱা, বাজৰা আৰু ব্ৰাউন ৰাইচ অন্তৰ্ভুক্ত কৰিব পাৰে। কিন্তু যদি আপুনি ভিটামিন চি সমৃদ্ধ খাদ্যৰ সৈতে আইৰণযুক্ত খাদ্য খায় তেন্তে শোষণ ভাল হ’ব পাৰে।

লগতে পঢ়ক: যকৃতৰ ৰোগত হালধি খাব লাগে নে নালাগে? চিকিৎসকৰ পৰা জানি লওক…