Skin Care: বৰফৰ পানীত মুখ তিয়াই ৰাখিলে কি লাভ হয়? জানক বিশেষজ্ঞৰ পৰা…
Skin Care: আজিকালি প্ৰায়ভা মানুহে ছালৰ যত্ন লোৱাৰ বাবে বিভিন্ন প্ৰডাক্ট ব্যৱহাৰ কৰে। কিন্তু ঘৰুৱা উপায়ৰ দ্বাৰাও ছাল ধুনীয়া আৰু উজ্বল কৰি ৰাখিব পাৰি। এই ক্ষেত্ৰত বৰফ পানীয়ে সহায় কৰিব পাৰে।
প্ৰায় সকলো মানুহে ধুনীয়া আৰু উজ্বল ছাল বিচাৰে। ইয়াৰ বাবে মানুহে বিভিন্ন ধৰণৰ প্ৰডাক্ট ব্যৱহাৰ কৰে। কিন্তু কিছুমান ঘৰুৱা উপায়ৰ দ্বাৰাও মুখখন ধুনীয়া আৰু উজ্বল কৰিব পাৰি। এনে এক উপায় হ’ল বৰফল পানীত মুখখন তিয়াই ৰখা। পিছে ইয়াৰ ফলত কি লাভ হয় জানেনে? এই সন্দৰ্ভত ছালৰ বিশেষজ্ঞ ইপ্সিতা জোহৰীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। য’ত তেওঁ কৈছে বৰফত মুখ তিয়াই ৰাখিলে কি কি লাভ হ’ব পাৰে।
কি কয় বিশেষজ্ঞই
বিশেষজ্ঞগৰাকীয়ে কয় যে, বৰফৰ পানীয়ে মুখখন সতেজ কৰি ৰাখে আৰু ফুলি উঠা কমায়। ইয়াৰোপৰি বৰফৰ পানীয়ে তেজৰ সঞ্চালন বৃদ্ধি কৰে যাৰ ফলত মুখখন অধিক উজ্বল হৈ পৰে। মেকআপৰ আগতে বৰফ পানী থেৰাপি ল’লে বেছিসময় মেকআপ থাকে।
কি কৰিব নালাগে
- বিশেষজ্ঞই কয় যে, বৰফৰ পানীত বহুত সময় মুখখন ৰাখিব নালাগে। ইয়াৰ ফলত ছাল শুকান, ৰঙা পৰা আদি সমস্যা হ’ব পাৰে।
- ছাল পাতল হ’লে বৰফৰ টুকুৰা পোনে পোনে ছালত লগাব নালাগে। ইয়াৰ ফলত ক্ষতি হ’ব পাৰে।
- যদি মুখত শালমইনা, ৰঙা দাগ আদি থাকে তেন্তে এয়া নল’ব।
- বৰফ পানী ব্যৱহাৰ কৰাৰ পাছত মুখত মইশ্বৰাইজাৰ লগাব।
View this post on Instagram
কি কৰিব
- প্ৰতিটো ডিপ মাত্ৰ ১০-১৫ ছেকেণ্ডৰ বাবে কৰক, আৰু মাজতে বিৰতি লওক।
- যদি ছাল সংবেদনশীল তেন্তে বৰফৰ সলনি ঠাণ্ডা পানী ব্যৱহাৰ কৰক।
- ছালৰ আৰ্দ্ৰতা বজাই ৰাখিবলৈ বৰফৰ পানী ব্যৱহাৰ কৰাৰ পিছত সদায় মইশ্ব’ৰাইজাৰ লগাব লাগে।
- দিনত মাত্ৰ ১-২ বাৰ ব্যৱহাৰ কৰিব।
বিশেষজ্ঞগৰাকীয়ে কয় যে, বৰফৰ পানী মুখ তিয়াই ৰখাতো এক ভাল প্ৰক্ৰিয়া। ই মুখ ধুনীয়া, উজ্বল কৰে। কিন্তু সাৱধানতা অৱলম্বন কৰা দৰকাৰ। অন্যথা ক্ষতি হোৱাৰ সম্ভাৱনা থাকে।
অন্য খবৰ পঢ়কঃ পুৱা শুই উঠাৰ পাছত চকুৰ পৰা পানী কিয় ওলায়? ই কি ৰোগৰ লক্ষণ, জানক চিকিৎসকৰ পৰা…