হালধিৰ অনন্য গুণ, ডায়েবেটিছ ৰোগীক এইদৰে কৰে সহায়

24 NOV 2025

TV9 ASSAM

অনন্য গুণেৰে ভৰপূৰ হালধি আয়ুৰ্বেদত এক মহৌষধি স্বৰূপ। ইয়াত প্ৰচুৰ পৰিমাণে থকা কাৰকুমিন আৰু এণ্টিঅক্সিডেণ্টে ডায়েবেটিছ ৰোগীক উপকৃত কৰে।

হালধি

হালধিত থকা কাৰকুমিন আৰু এণ্টিঅক্সিডেণ্টে শৰীৰত তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ই তাৎক্ষণিকভাৱে তেজত চেনিৰ মাত্ৰা বৃদ্ধি ৰোধ কৰে।

চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ

হালধিত কাৰকুমিন যথেষ্ট পৰিমাণে থাকে। এই উপাদানে শৰীৰত ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি কৰে। ই কোষত গ্লুক’জ ভালদৰে শোষণ কৰাত সহায় কৰে।

ইনচুলিন

হালধিৰ প্ৰদাহ নিবাৰণকাৰী গুণ দেহৰ বাবে অতি উপযোগী। ইয়াৰ ফলত ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাস পায়। এইদৰে হালধিয়ে প্ৰি ডায়েবেটিছৰ গতি লেহেমীয়া কৰে।

প্ৰি ডায়েবেটিছ

প্ৰদাহৰ সমস্যা দীৰ্ঘদিনলৈ থাকিলে শৰীৰত ইনচুলিনৰ সংবেদনশীলতা অধিক বেয়া কৰিব পাৰে। হালধিৰ এণ্টিঅক্সিডেণ্ট গুণে তেজত চেনিৰ পৰিমাণ বেছি থকা লোকৰ প্ৰদাহ হ্ৰাস কৰে।

প্ৰদাহ হ্ৰাস

ডায়েবেটিছৰ ফলত হৃদযন্ত্ৰৰ সমস্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে। হালধিয়ে শৰীৰত থকা বেয়া কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইড হ্ৰাস কৰি হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে।

হৃদযন্ত্ৰৰ স্বাস্থ্য

পঢ়িবলৈ ক্লিক কৰক 

গাখীৰ চাহ খালে কিডনী ষ্ট'ন হ'ব পাৰে নেকি!