শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Morning Habits: অলসতা আঁতৰাবলৈ শীতকালৰ ৰাতিপুৱা কৰক এই ৬টা কাম, বাঢ়িব শক্তি…

শীতকাল আৰামদায়ক হ’লেও ইয়াৰ ফলত অলসতা, ঠাণ্ডা, ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। ৰাতিপুৱাৰ আৰম্ভণিতে স্বাস্থ্যসন্মত খাদ্যই শৰীৰ গৰম কৰি শক্তি বঢ়ায়।

Morning Habits: অলসতা আঁতৰাবলৈ শীতকালৰ ৰাতিপুৱা কৰক এই ৬টা কাম, বাঢ়িব শক্তি…
পুৱাৰ অভ্যাসImage Credit source: Dmitrii Marchenko/Moment/Getty Images
trishna-kalita
Trishna Kalita | Updated On: 23 Nov 2025 20:01 PM

শীতকালৰ দিনকেইটা যথেষ্ট আৰামদায়ক। কিন্তু ঠাণ্ডাৰ ফলত অলসতা, ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পোৱাৰ সম্ভাৱনাও বৃদ্ধি পাব পাৰে। ৰাতিপুৱাৰ আৰম্ভণিতে স্বাস্থ্যসন্মত খাদ্যই শৰীৰ গৰম কৰি শক্তি বঢ়ায়। শীতকালত ৰাতিপুৱাৰ ৰুটিনত কি কি অন্তৰ্ভুক্ত কৰিব লাগে সেই বিষয়ে ইয়াত উল্লেখ কৰা হৈছে।

১) কুহুমীয়া পানীৰে দিনটো আৰম্ভ কৰক

সাৰ পোৱাৰ লগে লগে এগিলাচ কুহুমীয়া পানী খোৱাটো আটাইতকৈ উপকাৰী বুলি গণ্য কৰা হয়। কুহুমীয়া পানী খালে হজম শক্তি উন্নত হয়, শৰীৰৰ বিষমুক্ত হয়, ৰক্ত সঞ্চালন ভাল হয়, ঠাণ্ডাৰ ফলত হোৱা অলসতা হ্ৰাস পায়। ইচ্ছা কৰিলে অলপ নেমু বা মৌও দিব পাৰে।

২) আদা-হালধিৰ কাঢ়া বা পানী

ৰাতিপুৱা আদা-হালধি-জালুকৰ কাঢ়া খালে শীতকালত চৰ্দি আৰু সংক্ৰমণ প্ৰতিৰোধৰ বাবে অত্যন্ত উপকাৰী। আদা-হালধিৰ পানী খালে ডিঙিৰ বিষৰ পৰা উপশম পোৱা যায়, ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়, শৰীৰ গৰম হৈ থাকে।

৩) শুকান ফল (ভিজা)

ৰাতিপুৱা তিয়াই থোৱা আলমণ্ড, কিচমিচ, আখৰোট খালে তৎক্ষণাত শক্তি পোৱা যায়। এইবোৰে স্বাস্থ্যকৰ চৰ্বি, ভিটামিন, মগজু বৃদ্ধি, উষ্ণতা আদি বহুতো উপকাৰ পোৱা যায়।

৪) ঘিউৰ সৈতে কুহুমীয়া গাখীৰ

শীতকালত ৰাতিপুৱা ঘিউৰ সৈতে কুহুমীয়া গাখীৰ খালে শৰীৰৰ ভিতৰৰ পৰা উষ্ণ হৈ পৰে আৰু দীৰ্ঘস্থায়ী শক্তি প্ৰদান কৰে। ইয়াৰ ফলত হাড় শক্তিশালী হয়, গ্ল’য়িং ছাল হয়, আৰু বিপাকীয় ক্ৰিয়া উন্নত হয়।

৫) গাজৰ-বীট বা আমলখিৰ ৰস

ৰাতিপুৱা গাজৰ-বীট বা আমলখিৰ ৰস খালে শীতকালত শৰীৰত সকলো প্ৰয়োজনীয় পুষ্টিকৰ উপাদান পোৱা যায়। ই ৰক্ত সঞ্চালন বৃদ্ধি কৰে, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, আৰু ছালৰ বাবে উপকাৰী।

৬) লাইট মৰ্নিং ৱাক আৰু সূৰ্য নমস্কাৰ

১০–১৫ মিনিটৰ ৰাতিপুৱা খোজ কাঢ়িলে আৰু কেইমিনিটমান সূৰ্য্য নমস্কাৰ খালে শৰীৰটো গৰম কৰি ৰখা আৰু অলসতা দূৰ কৰাত অতি ফলপ্ৰসূ। লগতে পেশী শক্তিশালী কৰে, ৰক্ত সঞ্চালন উন্নত কৰে, মন সতেজ কৰে।

শীতকালত সঠিক খাদ্যৰ সৈতে দিনটো আৰম্ভ কৰিলে গোটেই দিনটো শৰীৰটো শক্তিশালী, উষ্ণ আৰু সুস্থ হৈ থাকে। ৰাতিপুৱাৰ অলপ ব্যায়াম, স্বাস্থ্যকৰ পানীয়, আৰু পুষ্টিকৰ ব্ৰেকফাষ্টে আপোনাৰ শীতকালীন ৰাতিপুৱাটো নিখুঁত কৰি তুলিব পাৰে।

লগতে পঢ়ক: ভৰিৰ এইসমূহ সাধাৰণ সমস্যাই দিব পাৰে বৃক্ক বিকল হোৱাৰ ইংগিত! সাৱধান হওক…