শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
উত্তৰ-পূবৰ ভিতৰত প্ৰথম! নিজ ব্যৱসায়িক ক্ষেত্ৰলৈ নিৰ্মাণ ৰে'ল কৰিডৰ...

উত্তৰ-পূবৰ ভিতৰত প্ৰথম! নিজ ব্যৱসায়িক ক্ষেত্ৰলৈ নিৰ্মাণ ৰে’ল কৰিডৰ…

barasha-sarma
Barasha Sarma | Published: 24 Nov 2025 13:39 PM

Assam Business: ব্যৱসায়িক ক্ষেত্ৰত অসমীয়া যুৱকৰ দপদপনি। দুখনকৈ ট্ৰেইন ক্ৰয় কৰি চমক সৃষ্টি কৰিছে ব্যৱসায়ী কনক ডেকাই। ব্যৱসায়িক ক্ষেত্ৰলৈ নিৰ্মাণ কৰিছে ৰে'ল কৰিডৰ।

এগৰাকী অসমীয়া যুৱকৰ গৌৰৱময় যাত্ৰা। দুখনকৈ ট্ৰেইন ক্ৰয় কৰি ব্যৱসায়িক চমক সৃষ্টি কামৰূপ জিলাৰ কমলপুৰৰ যুৱ ব্যৱসায়ী কনক ডেকাৰ। যুব ব্যৱসায়ী গৰাকীয়ে নিজ ব্যৱসায়িক ক্ষেত্ৰলৈ নিৰ্মাণ কৰিছে ৰে’ল কৰিডৰ। ব্যক্তিগত ব্যৱসায়িক ক্ষেত্ৰলৈ ৰে’ল কৰিডৰ এয়া উত্তৰ-পূবৰ ভিতৰতে প্ৰথম।

ইতিমধ্যে ভাৰতীয় ৰে’ল মানচিত্ৰত সংযোজিত হৈছে কনক ডেকাৰ ব্যক্তিগত ৰে’ল ষ্টেচনৰ নাম । প্ৰধানমন্ত্ৰী গতি শক্তি আঁচনিৰ অধীনত নিৰ্মাণ কৰা এই প্ৰকল্প শীঘ্ৰেই মুকলি কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তিনিশ বিঘা ভুমিত নিৰ্মাণ কৰা এই প্ৰকল্পত প্ৰায় এহেজাৰ যুৱক যুৱতী কৰ্ম সংস্থাপন লাভ কৰিব। ২৪৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰকল্পত টাটা , মহেন্দ্ৰা, সোনালিকা, হিন্দুস্তান ইউনিলিভাৰকে ধৰি ভালেসংখ্যক বহুজাতিক প্ৰতিস্থানে গ্ৰহন কৰিব ল’জিষ্টিক সেৱা। এডভান্টেজ আছাম ২ত  স্বাক্ষৰিত কৰা প্ৰায় ৫০০ কোটি টকাৰ চুক্তি মৰ্মে অসমীয়া যুৱ ব্যৱসায়ী কনক ডেকাই স্থাপন কৰিছে এই প্ৰকল্প।

চাওক ভিডিঅ’…