শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ডায়েবেটিছৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? জানক এইমছৰ চিকিৎসকৰ পৰা…

Diabetes Symptoms: আজিকালি বহু লোক ডায়েবেটিছত আক্ৰান্ত হয়। যুৱক-যুৱতীৰ পৰা বৃদ্ধলৈকে প্ৰায় সকলো বয়সৰ মানুহৰে এই সমস্যা হয়। যেতিয়া এই ৰোগৰ আৰম্ভণি তেতিয়া তেতিয়া কিছুমান লক্ষণে দেখা দিয়ে। ইয়াৰ বিষয়ে জনা দৰকাৰ।

ডায়েবেটিছৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? জানক এইমছৰ চিকিৎসকৰ পৰা…
ডায়েবেটিছৰ লক্ষণImage Credit source: GettyImages
Barasha Sarma
Barasha Sarma | Published: 14 Nov 2025 14:29 PM

দেশত বৃদ্ধি পাইছে ডায়েবেটিছ ৰোগীৰ সংখ্যা। আইচিএমআৰৰ তথ্য অনুসৰি ভাৰতত ১০ কোটিৰো অধিক ডায়েবেটিছ ৰোগী আছে। ডাঙৰ কথা এয়াই যে, বহু মানুহে এই ৰোগৰ লক্ষণৰ বিষয়ে নাজানে। ইয়াৰ লক্ষণ জানি সময়মতে চিকিৎসা গ্ৰহণ কৰিব পাৰিলে ভাল। এই ৰোগ সন্দৰ্ভত সবিশেষ জনাইছে দিল্লীৰ এইমছৰ এণ্ডক্ৰাইন’লজী আৰু মেটাবলিজম বিভাগৰ এইচ অ’ ডি অধ্যাপক ড০ নিখিল টণ্ডনে।

প্ৰকাৰ

ডাঃ নিখিলে কয় যে, ডায়েবেটিছ দুই প্ৰকাৰৰ: টাইপ ১ আৰু টাইপ ২। টাইপ ১ ডায়েবেটিছ জিনীয় কাৰণত আৰু টাইপ-২ ডায়েবেটিছ জীৱনশৈলী, খাদ্যভাস, মেদবহুলতা আদি বিভিন্ন কাৰণত হ’ব পাৰে। টাইপ-১ ডায়েবেটিছত শৰীৰে পৰ্যাপ্ত পৰিমাণৰ ইনচুলিন উৎপাদন নকৰে। ইয়াৰ বিপৰীতে টাইপ ২ ডায়েবেটিছত শৰীৰে ইনচুলিন সঠিকভাৱে ব্যৱহাৰ কৰিব নোৱাৰে।

ডাঃ নিখিলে কয় যে,এতিয়া ১৫ৰ পৰা ২০ বছৰ বয়সৰ লোকৰ ক্ষেত্ৰতো টাইপ ২ ডায়েবেটিছ দেখা গৈছে। ই এক চিন্তাৰ কাৰণ। তেওঁ কয় যে, এই ৰোগ এবাৰ হ’লে একেবাৰে শেষ কৰিব নোৱাৰি। কিন্তু নিয়ন্ত্ৰণত ৰাখিব পাৰি।

লক্ষণ

ভোক অনুভৱঃ চিকিৎসকগৰাকীয়ে কয় যে, যেতিয়া শৰীৰে খাদ্যক গ্লুকজলৈ ৰূপান্তৰ কৰে তেতিয়া ইনচুলিনৰ প্ৰয়োজন হয়। যদি শৰীৰে পৰ্যাপ্ত পৰিমাণৰ ইনচুলিন উৎপাদন নকৰে  তেন্তে গ্লুক’জ  প্ৰৱেশ কৰিব নোৱাৰে। ইয়াৰ ফলত শক্তিহীন হয়। এনে ক্ষেত্ৰত সাধাৰণতকৈ বেছি ভোক লাগে।

সঘনাই প্ৰস্ৰাৱঃ সাধাৰণতে ব্যক্তিয়ে ২৪ ঘণ্টাত প্ৰায় চাৰিৰ পৰা সাতবাৰ প্ৰস্ৰাৱ কৰিব লাগে। কিন্তু ডায়েবেটিছ ৰোগীৰ বাৰে বাৰে প্ৰস্ৰাৱ লাগে। গ্লুকজ বৃক্কৰ মাজেৰে পাৰ হৈ গ’লে ই শোষণ হয়। কিন্তু চুগাৰৰ মাত্ৰা বৃদ্ধি হ’লে বৃক্কই পুনৰ শোষণ কৰিব নোৱাৰে। যাৰ বাবে অধিক প্ৰস্ৰাৱ উৎপন্ন হয় আৰু বাৰে বাৰে প্ৰস্ৰাৱ লাগে।

মুখ শুকাই যোৱাঃ শৰীৰত পানীৰ অভাৱ হৈ পৰে। যাৰ বাবে বাৰে বাৰে মুখ শুকাই যায়।

ছালত খজুৱতিঃ ছালত বাৰে বাৰে খজুৱতি হ’ব পাৰে। কেতিয়াবা ৰঙা পৰিব পাৰে।

দৃষ্টিশক্তিঃ দৃষ্টিশক্তি ম্লান বা অস্পষ্ট হৈ পৰিব পাৰে। চকুৰ আকৃতি সলনি হ’ব পাৰে।

অৱশ্যে কেতিয়াবা এইবোৰৰ বাহিৰে অন্য লক্ষণেও দেখা দিব পাৰে। সকলোৰে ক্ষেত্ৰত আটাইবোৰ লক্ষণ দেখা নিদিব পাৰে। এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ ল’ব লাগে।

প্ৰতিৰোধৰ উপায়

  • জীৱনশৈলী পৰিৱৰ্তন।
  • ব্যায়ম।
  • সুষম খাদ্য।
  • ওজন নিয়ন্ত্ৰণ।
  • পৰ্যাপ্ত টোপনি।
  • মাজে মাজে স্বাস্থ্য পৰীক্ষা কৰা দৰকাৰ।

 

 

অন্য খবৰ পঢ়কঃ নিয়ন্ত্ৰণত থাকিব চুগাৰৰ মাত্ৰা! বিশেষজ্ঞই জনালে ৫টা সহজ আৰু ঘৰুৱা উপায়…