শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

নিয়ন্ত্ৰণত থাকিব চুগাৰৰ মাত্ৰা! বিশেষজ্ঞই জনালে ৫টা সহজ আৰু ঘৰুৱা উপায়…

দেশত বৃদ্ধি পাইছে ডায়েবেটিছ ৰোগীৰ সংখ্য়া। এই ক্ষেত্ৰত মানুহক সজাগ কৰিবলৈ প্ৰতিবছৰে ১৪ নৱেম্বৰৰ দিনটো বিশ্ব মধুমেহ দিৱস হিচাপে পালন কৰা হয়। এই ৰোগৰ বিষয়ে ৰাইজক সজাগ কৰাৰ বাবে এই দিৱস পালন কৰা হয়।

নিয়ন্ত্ৰণত থাকিব চুগাৰৰ মাত্ৰা! বিশেষজ্ঞই জনালে ৫টা সহজ আৰু ঘৰুৱা উপায়…
ডায়েবেটিছImage Credit source: GettyImages
Barasha Sarma
Barasha Sarma | Published: 14 Nov 2025 09:14 AM

আজি ১৪ নৱেম্বৰ। প্ৰতিবছৰে এই দিনটো বিশ্ব মধুমেহ দিৱস পালন কৰা হয়। এই দিৱসৰ উদ্দেশ্য, ডায়েবেটিছ সম্পৰ্কে মানুহৰ মাজত সজাগতা বৃদ্ধি কৰা আৰু যত্ন, খাদ্য, সুষম জীৱনশৈলীৰ দ্বাৰা কেনেকৈ এই ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি তাক অৱগত কৰোৱা। দেশত তীব্ৰগতিত বৃদ্ধি পাইছে ডায়েবেটিছ ৰোগীৰ সংখ্যা। উদ্বেগজনক বিষয় এয়াই যে যুৱক-যুৱতীসকলৰ মাজতো এই ৰোগ বৃদ্ধি পোৱে দেখা গৈছে।

শাৰীৰিক কাৰ্যকলাপৰ অভাৱ, জীৱনশৈলী, খাদ্যভাস, মানসিক চাপ আদি বিভিন্ন কাৰণত এই ৰোগ হয়। কিন্তু কিছুমান ঘৰুৱা উপায়ৰ দ্বাৰাও এই ৰোগ নিয়ন্ত্ৰণত ৰাখিব পাৰি। আয়ুৰ্বেদত ইয়াৰ বিশেষ বিধান উল্লেখ আছে। গতিকে এনে ৫টা উপায় তলত উল্লেখ কৰা হ’ল।

এই সন্দৰ্ভত সবিশেষ জনাইছে, গোৱাৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ আয়ুৰ্বেদৰ আয়ুৰ্বেদ বিশেষজ্ঞ সঞ্জয় খেৰেকাদে। তেওঁ কয় যে, কেৱল চুগাৰৰ ভাৰসাম্যহীনতাৰ বাবে ডায়েবেটিছ নহয়। শৰীৰৰ তিনিটা দোষ- বাতা, পিত্ত, আৰু কাফাত ভাৰসাম্যহীনতাৰ ফলতো এই ৰোগ হয়।

চজিনাঃ আয়ুৰ্বেদ বিশেষজ্ঞগৰাকীয়ে কয় যে, চজিনাৰ গুটিয়ে তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে। চজিনাৰ গুটি আৰু পাত ইনচুলিনৰ দৰে কাম কৰে। ইয়াত থকা এন্টিঅক্সিডেন্টে চেনিক শৰীৰত শক্তিলৈ ৰূপান্তৰিত কৰাত সহায় কৰে।

বাৰ্লিঃ ডায়েবেটিছ ৰোগীৰ বাবে বাৰ্লিও উপকাৰী। বাৰ্লিয়ে প্ৰাকৃতিক বিষমুক্তকৰণ হিচাপে কাম কৰে। লগতে ই শৰীৰত চেনিৰ শোষণ লেহেমীয়া কৰে। পুৱা যৱৰ পানী খালে চুগাৰ নিয়ন্ত্ৰণত সহায়ক হয়। ইয়াৰোপৰি ই মেদবহুলতাৰ ক্ষেত্ৰত ফলপ্ৰসূ।

আমলখিঃ আমলখিত ভিটামিন চি আৰু ক্ৰ’মিয়াম থাকে। ই ইনচুলিনৰ সংবেদনশীলতা হ্ৰাস কৰে। প্ৰতিদিনে আমলখিৰ ৰস বা সাধাৰণভাৱে আমলখি খাব পাৰে। ইয়াৰ ফলত তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ হোৱাৰ লগতে অগ্নাশয়ৰ কাৰ্যক্ষমতা উন্নত হয়।

খোজকঢ়াঃ ডায়েবেটিছ ৰোগীসকলে খোজ কাঢ়িব লাগে। দৈনিক অন্তত ৩০ মিনিট সময় বেগেৰে খোজ কাঢ়িব লাগে। লগতে ব্যায়াম কৰা প্ৰয়োজন। ঘাঁহৰ ওপৰত খোজ কাঢ়িলে বেছি ভাল।

মুখ পৰিষ্কাৰঃ মুখৰ স্বাস্থ্য আৰু পাচনৰ সম্পৰ্ক চেনিৰ মাত্ৰাৰ সৈতে আছে। গতিকে নিম টুথব্ৰাছ বা ত্ৰিফালা পাউদাৰেৰে মুখৰ পৰিষ্কাৰ কৰি ৰাখিব পাৰে। প্ৰতিদিনে পুৱা গৰম পানীৰ সৈতে মেথি গুটি খাব পাৰে। ই চুগাৰ নিয়ন্ত্ৰণ কৰিব পাৰে।

 

(উল্লেখ্য যে, আপোনাৰ যদি এনে কোনো সমস্যা আছে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰি বস্তু সেৱন কৰা বেছি ভাল।)

 

 

অন্য খবৰ পঢ়কঃ পুৱা সোনকালে সাৰ পালে কি কি ৰোগ ভাল হয়? জানক সকলো…