শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Diabetes: ডায়েবেটিছ হ’লে ছালত কি কি লক্ষণে দেখা দিয়ে? জানক চিকিৎসকৰ পৰা…

Diabetes Symptoms: আজিকালি বিভিন্নজনৰ মাজত ডায়েবেটিছৰ সমস্যা হোৱা দেখা যায়। যেতিয়া এই ৰোগ হয় তেতিয়া বিভিন্ন লক্ষণে দেখা দিয়ে। কিছুমান লক্ষণ ছালত দেখা দিয়ে। যি আওকাণ কৰিব নালাগে।

Diabetes: ডায়েবেটিছ হ’লে ছালত কি কি লক্ষণে দেখা দিয়ে? জানক চিকিৎসকৰ পৰা…
ডায়েবেটিছImage Credit source: GettyImages
Barasha Sarma
Barasha Sarma | Published: 18 Jan 2026 18:04 PM

ডায়েবেটিছ আজিৰ সময়ত এক ডাঙৰ সমস্যা। যেতিয়া ডায়েবেটিছ (Diabetes) হয় তেতিয়া মানুহৰ শৰীৰত বিভিন্ন লক্ষণে দেখা দিয়ে। তেজত অনিয়ন্ত্ৰিত চেনিৰ মাত্ৰাৰ সৈতে ডায়েবেটিছ জড়িত হৈ থাকে যদিও ছালকো ই প্ৰভাৱিত কৰে। দীৰ্ঘদিন ব্লাড চুগাৰৰ সমস্যা হৈ থাকিলে ইয়াৰ লক্ষণ ছালতো দেখা দিয়ে। কিয়নো ইয়াৰ ফলত তেজৰ চলাচল আৰু আৰ্দ্ৰতাৰ ভাৰসাম্য প্ৰভাৱিত হয়। যাৰ বাবে ছালৰ প্ৰাকৃতিক প্ৰতিৰক্ষা শক্তি দুৰ্বল হৈ পৰে।

ডায়েবেটিছৰ ছালৰ লক্ষণসমূহ কি কি?

এই সন্দৰ্ভত সবিশেষ জনাইছে আৰ এম এল হাস্পতালৰ চিকিৎসা বিভাগৰ সঞ্চালক অধ্যাপক ডাঃ সুভাষ গিৰীয়ে। তেওঁ কয় যে, ডায়েবেটিছৰ ফলত ছালত বিভিন্ন পৰিবৰ্তন দেখা দিব পাৰে। ইয়াৰ ভিতৰত ছাল বেছি শুকান হোৱা এক সাধাৰণ লক্ষণ। ইয়াৰোপৰি ছালৰ খজুৱতি বা জ্বলা-পোৰা আদি হ’ব পাৰে। লগতে ডিঙি, উৰুৰ চাৰিওফালে ক’লা দাগ দেখা দিব পাৰে।

ইয়াৰোপৰি ডায়েবেটিছ হ’লে আঘাত হোৱা স্থান ভাল হোৱাত বহু সময় লাগে। কটা দাগ ঠিক হোৱাত সময় লাগে। ইয়াৰোপৰি ভেঁকুৰ বা বেক্টেৰিয়াৰ সংক্ৰমণ, ছালৰ ফুটা বা ৰঙা পৰাও দেখা যায়।  এই সকলোবোৰ লক্ষণ দেখা দিয়াতো ব্লাড চুগাৰ বৃদ্ধিৰ লক্ষণ হ’ব পাৰে।

কি কৰিব?

ছালত এনে পৰিবৰ্তন দেখা দিলে লগে লগে চুগাৰ পৰীক্ষা কৰাওক। ইয়াৰোপৰি দীৰ্ঘদিন ধৰি এনে লক্ষণ দেখা দিলে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক।

গুৰুত্বপূৰ্ণ

  • চুগাৰ পৰীক্ষা কৰক।
  • পৰ্যাপ্ত পৰিমাণে পানী থাব।
  • ছাল শুকাব নিদিব।
  • ছালত বেছি ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ নকৰিব।
  • লক্ষণ দেখা দিলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক।

 

অন্য খবৰ পঢ়কঃ কোনসকল লোকে খাব নালাগে গাখীৰ? জানক চিকিৎসকৰ পৰা…