কোনসকল লোকে খাব নালাগে গাখীৰ? জানক চিকিৎসকৰ পৰা…
গাখীৰ এবিধ পুষ্টিকৰ উপাদান। গাখীৰ খালে শৰীৰৰ বহু লাভ হয়। কিন্তু সকলোৰে বাবে গাখীৰ ভাল নহয়। এয়া জনা দৰকাৰ। গাখীৰ কাৰ বাবে বেয়া বা কাৰ অপকাৰ কৰে এই সন্দৰ্ভত সবিশেষ জনাইছে চিকিৎসক সুভাষ গিৰীয়ে।
গাখীৰ আৰু স্বাস্থ্যৰ মাজত এক ভাল সম্পৰ্ক আছে। গাখীৰ খালে শৰীৰৰ বহু উপকাৰ সাধন হয়। যাৰ বাবে সৰুৰে পৰা শিশুক গাখীৰ খুওৱা হয়। গাখীৰ খালে শৰীৰ শক্তিশালী হয়। গাখীৰত বহু পুষ্টিকৰ উপাদান থাকে যিয়ে শৰীৰৰ বহু প্ৰয়োজনীয়তা পূৰণ কৰাত সহায় কৰে। কিন্তু গাখীৰ সকলোৰে বাবে ভাল নহয়। এই সন্দৰ্ভত সবিশেষ জনাইছে চিকিৎসক সুভাষ গিৰীয়ে। গতিকে কোনে গাখীৰ খাব নালাগে এই সন্দৰ্ভত তলত উল্লেখ কৰা হ’ল।
গাখীৰ কিয় সকলোৰে বাবে ভাল নহয়
চিকিৎসকগৰাকীয়ে কয় যে, গাখীৰ সকলোৰে বাবে ভাল নহয়। সাধাৰণ কাৰণ হ’ল লেক্টজ ইনটলাৰেন্স। এই লোকসকলৰ লেক্টেজ এনজাইম কম থকা বাবে গাখীৰ হজম কৰাত সমস্যা হয়। ইয়াৰ ফলত গেছ, পেটৰ বিষ, ডায়েৰিয়া আদি হ’ব পাৰে। কিছুমান লোকৰ গাখীৰ খালে এলাৰ্জী বা শ্লেষ্মা বৃদ্ধি হোৱা দেখা যায়, ইয়াৰ ফলত চৰ্দি, শ্বাস-প্ৰশ্বাসজনিত সমস্যা আদি হ’ব পাৰে।
ইয়াৰোপৰি যিসকলৰ পাচনতন্ত্ৰ দুৰ্বল তেওঁলোকৰ বাবেও গাখীৰ বেয়া। এই লোকসকলৰ গাখীৰ খোৱাৰ পাছত পেট ফুলা, পেট গধুৰ হোৱা আদি সমস্যা হ’ব পাৰে। এইবোৰ কাৰণতেই গাখীৰ সকলোৰে বাবে ভাল নহয়।
ছালৰ সমস্যা
গাখীৰৰ ফলত ছালৰ সমস্যা অধিক হৈ পৰে। যাৰ ছাল তেলেতীয়া বা যাৰ ব্ৰণৰ সমস্যা আছে তেনে লোকসকলৰ গাখীৰ খোৱাৰ পাছত ব্ৰণৰ সমস্যা বৃদ্ধি হোৱা দেখা যায়। গাখীৰত থকা কিছুমান হৰম’নে ছালৰ তেলগ্ৰন্থি অতিমাত্ৰা সক্ৰিয় কৰিব পাৰে বুলি কোৱা হয়। ইয়াৰ ফলত ছিদ্ৰ বন্ধ হৈ ব্ৰণৰ সৃষ্টি হ’ব পাৰে। এটা কথা মনত ৰখা দৰকাৰ যে, সকলোৰে এনে নহয়। ই ব্যক্তিৰ ছালৰ প্ৰকাৰ আৰু শৰীৰৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে যাৰ গাখীৰৰ দ্বাৰা সমস্যা হয় তেনে লোকে গাখীৰ খাব নালাগে।
কি কৰিব?
যাৰ গাখীৰ খোৱাৰ ফলত সমস্যা হয় তেনে লোকে গাখীৰ খাব নালাগে। ইয়াৰ সলনি দৈ, মাখন, বা লেক্ট’জবিহীন গাখীৰ খাব লাগে। এইবোৰ হজম হোৱাত সহজ। ইয়াৰোপৰি আপোনাৰ যদি ছালৰ বা পেটৰ সমস্যা আছে তেন্তে চিকিৎসক বা পুষ্টিবিদৰ পৰামৰ্শ লোৱাটো ভাল। সবাতোকৈ গুৰুত্বপূৰ্ণ দিশ এয়াই যে, প্ৰতিজন ব্যক্তিৰ শৰীৰ বেলেগ বেলেগ, গতিকে তাৰ ওপৰত ভিত্তি কৰি ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
অন্য খবৰ পঢ়কঃ ছালৰ পৰা ব্লাড চুগাৰ নিয়ন্ত্ৰণলৈ…ভতুৱা শাকৰ ৮টা উপকাৰী গুণ কি কি, জানক…