শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Alzheimer Disease: সৰু সৰু কথা পাহৰি যায় নেকি? ই সাধাৰণ নে এলঝেইমাৰৰ লক্ষণ, জানক বিশেষজ্ঞৰ পৰা…

কেতিয়াবা মানুহে সৰু সৰু কথা পাহৰি থকা দেখা যায়। এয়া সাধাৰণ কথা। কিন্তু দীৰ্ঘদিন ধৰি এনে হৈ থকা ভাল নহয়। ই পাছলৈ কোনো গুৰুতৰ ৰোগৰ সৃষ্টি কৰিব পাৰে।

Alzheimer Disease: সৰু সৰু কথা পাহৰি যায় নেকি? ই সাধাৰণ নে এলঝেইমাৰৰ লক্ষণ, জানক বিশেষজ্ঞৰ পৰা…
এলঝেইমাৰImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Updated On: 18 Aug 2025 17:28 PM

কেতিয়াবা মানুহে সৰু সৰু কথা পাহৰি যোৱা দেখা যায়। যেনে- ফোনটো ক’ত থৈছে, চাবি ক’ত ৰাখিছে আদি। কেতিয়াবা এনে হোৱা সাধাৰণ কথা। কিন্তু বাৰে বাৰে যদি এনে হয় তেতিয়া বহুতৰে মনত এটা প্ৰশ্ন আহে যে এয়া এলঝেইমাৰ ৰোগ বা স্মৃতিশক্তি হেৰুওৱাৰ আৰম্ভণি নেকি?

সৰু সৰু কথা পাহৰি যোৱা অভ্যাসৰ বাবে বহুতে ভয় খায়। কিন্তু সঁচা এয়াই যে সকলো পাহৰি যোৱা অভ্যাসে এলঝেইমাৰ নহয়। আমাৰ জীৱনশৈলী, মানসিক চাপ, টোপনিৰ অভাৱ, বয়স বৃদ্ধিয়েও স্মৃতিশক্তি দুৰ্বল কৰাত ভূমিকা পালন কৰে। যদি আপুনি দৈনন্দিন জীৱনৰ সৰু সৰু কথাবোৰ পাহৰিবলৈ আৰম্ভ কৰিছে তেন্তে তাৰ অৰ্থ এয়া নহয় যে আপোনাৰ কোনো ডাঙৰ ৰোগ হৈছে। অৱশ্যে দীৰ্ঘসময় এনে হৈ থাকিলে ইয়াক সহজভাৱে লোৱা ভাল নহয়। কেতিয়াবা সৰু আৰম্ভণি পাছলৈ গুৰুতৰ ৰোগৰ ৰূপ ল’ব পাৰে।

সাধাৰণ কথাবোৰ পাহৰি যোৱাৰ কাৰণ

মগজু এটা যন্ত্ৰৰ দৰে। যন্ত্ৰ এটাক যেনেকৈ জিৰণি আৰু উপযুক্ত যত্নৰ প্ৰয়োজন হয়, মগজুকো জিৰণিৰ প্ৰয়োজন। কিন্তু যদি আমি অনবৰত মানসিক চাপত থাকো, পৰ্যাপ্ত টোপনি নলও বা পুষ্টিকৰ খাদ্য গ্ৰহণ নকৰো তেতিয়া স্মৃতিশক্তি দুৰ্বল হ’বলৈ ধৰে।  প্ৰথম পৰ্যায়ত সৰু সৰু কথাবোৰ পাহৰিবলৈ আৰম্ভ কৰে। প্ৰথম অৱস্থাত এয়া সাধাৰণ লাগিব পাৰে, কিন্তু পাছলৈ ই বাঢ়িব পাৰে।

এলঝেইমাৰ আৰু সাধাৰণ স্মৃতিশক্তি দুৰ্বলৰ পাৰ্থক্য

এনে ক্ষেত্ৰত প্ৰশ্ন হয়, এলঝেইমাৰ আৰু সাধাৰণ স্মৃতিশক্তি দুৰ্বল হোৱাৰ পাৰ্থক্য কেনেকৈ বুজিব পাৰি। এই সন্দৰ্ভত স্নায়ু বিশেষজ্ঞ ডাঃ দলজিৎ সিঙে কয় যে এলঝেইমাৰ মানে কেৱল কথাবোৰ পাহৰি যোৱাই নহয়। ইয়াৰ ফলত মগজুৰ চিন্তা, বুজা আৰু কাম কৰাৰ ক্ষমতাতো প্ৰভাৱ পৰে। ৰোগীয়ে কথা পাহৰি যোৱাৰ লগতে কেতিয়াবা ৰাস্তা, সময় আনকি নিজৰ আপোনজনকো পাহৰি যায়। এই ৰোগে মানুহৰ জীৱন লাহে লাহে সলনি কৰি দিয়ে।

আওকান নকৰিব এই লক্ষণ

মাজে মাজে কথা পাহৰি যোৱা সাধাৰণ কথা। ই মানসিক চাপ, টোপনিৰ অভাৱ, ভাগৰ আদিৰ ফলত হব পাৰে। কিন্তু যদি বাৰে বাৰে এনে সমস্যা হয় লগতে দৈনন্দিন জীৱনৰ গুৰুত্বপূৰ্ণ কামত সমস্যাৰ সৃষ্টি হয়, কথা কওতে শব্দ মনত ৰাখিব নোৱাৰে, এটা প্ৰশ্ন বহাৰে বাৰে সুধি থাকে তেন্তে ই মগজুৰ কোনো ৰোগৰ লক্ষণ হ’ব পাৰে। এনে অৱস্থাত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে। কিছুমান লক্ষণ যেনে-

  • স্মৃতি শক্তি দুৰ্বল
  • ভাষা ব্যৱহাৰ কৰাত সমস্যা
  • ব্যক্তিত্ব সলনি
  • দিশহাৰা হোৱা
  • স্বাভাৱিক দৈনন্দিন কাম-কাজ সম্পন্ন কৰাত সমস্যা
  • আচৰণ সলনি (খং, আক্ৰমণ কৰা, শত্ৰুভাৱ আদি)।

পৰিত্ৰাণৰ উপায়

  • সাৱধান হোৱা উচিত।
  • ওমেগা-৩ ফেটি এচিড, সেউজীয়া শাক-পাচলি, ফল-মূল, বাদাম যুক্ত খাদ্য গ্ৰহণ কৰক।
  • দৈনিক কমেও ৭-৮ ঘণ্টা টোপনি লওক
  • মানসিক চাপ কম কৰক।
  • যোগাসন আৰু ধ্যান কৰক।
  • মগজু সক্ৰিয় কৰি ৰাখক
  • কিতাপ পঢ়ক, নতুন কথা শিকক, প্ৰহেলিকা বা স্মৃতিৰ খেল খেলক।
  • সমগ্ৰ বিশ্বৰ ৫.৫ কোটিতকৈ অধিক লোক স্মৃতিভ্ৰংশ ৰোগত আক্ৰান্ত।

 

 

অন্য খবৰ পঢ়কঃ দীৰ্ঘসময় অন্তৰ্বাস পৰিধান কৰি থকা হ’ব পাৰে নেকি স্তনৰ কৰ্কট ৰোগৰ কাৰণ? জানক সকলো…