স্তনৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক লক্ষণসমূহ জানেনে? জানক চিকিৎসকৰ পৰা…
আজিকালি বহুতৰে বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। মহিলাসকলৰ ক্ষেত্ৰত দেখা দিয়ে এক সমস্যা হ'ল স্তনৰ কৰ্কট ৰোগ। এই ৰোগ হ'লে কিছুমান বিশেষ লক্ষণে দেখা দিয়ে।

আজিকালি মহিলাসকলৰ স্তনৰ কৰ্কট ৰোগৰ সমস্যা বৃদ্ধি পোৱা পৰিলক্ষিত হয়। যেতিয়া স্তনৰ কোষবোৰ অস্বাভাৱিকভাৱে বৃদ্ধি পাবলৈ ধৰে তেতিয়া ই টিউমাৰলৈ ৰূপান্তৰিত হয়, আৰু পাছত লাহে লাহে ই কৰ্কট ৰোগৰ ৰূপ লয়। এই ৰোগ মহিলাসকলৰ ক্ষেত্ৰত কেৱল শাৰীৰিকভাৱেই নহয়, মানসিকভাৱেও কষ্টদায়ক। স্তনৰ কৰ্কট ৰোগ হ’লে কিছুমান লক্ষণে দেখা দিয়ে। যদি প্ৰথম অৱস্থাত এই লক্ষণ আওকান কৰা যায় তেন্তে ই মাৰাত্মক হ’ব পাৰে। এই ৰোগৰ কাৰণ আৰু লক্ষণসমূহৰ বিষয়ে মহিলাসকলে জনাটো অতি প্ৰয়োজনীয়।
স্তন কেন্সাৰ কিয় হয়, ইয়াৰ প্ৰধান লক্ষণ কি আৰু ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি সেই সন্দৰ্ভত এই লেখাটোত উল্লেখ কৰা হ’ল।
কাৰণ
স্তনৰ কৰ্কট ৰোগৰ আঁৰত বহু কাৰণ আছে। ইয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণসমূহ হ’ল হৰম’নৰ ভাৰসাম্যহীনতা, মাতৃত্ব পলমকৈ হোৱা, স্তনপান নকৰা, মেদবহুলতা, ধূমপান, মদ্যপান আৰু দুৰ্বল জীৱনশৈলী আদি। বয়সৰ লগে লগে ইয়াৰ আশংকাও বৃদ্ধি পায়, বিশেষকৈ ৪০ বছৰৰ পিছত মহিলাসকলৰ স্তন কৰ্কট ৰোগৰ আশংকা বৃদ্ধি পায়।
ইয়াৰোপৰি পৰিয়ালৰ কোনোৱে যদি পূৰ্বতে স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছে, তেন্তে সেই পৰিয়ালৰ অন্য মহিলাৰ স্তনৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। ইয়াৰোপৰি ৰেডিয়েশ্যনৰ সংস্পৰ্শলৈ অহা আৰু দীৰ্ঘদিন ধৰি হৰম’ন ৰিপ্লেচমেণ্ট থেৰাপী গ্ৰহণ কৰাৰ ফলতো স্তনৰ কৰ্কট ৰোগ হ’ব পাৰে।
লক্ষণ
মেক্স হাস্পতালৰ অংক’লজিষ্ট ডাঃ ৰোহিত কাপুৰে কয় যে, স্তনৰ কৰ্কট ৰোগ হ’লে কিছুমান বিশেষ লক্ষণ দেখা দিয়ে। প্ৰথম অৱস্থাত এই লক্ষণ সাধাৰণ হয় যদিও লাহে লাহে গুৰুতৰ ৰূপ লয়। ইয়াৰ কিছুমান লক্ষণ তলত উল্লেখ কৰা হ’ল-
- স্তনৰ আকৃতি বা টেক্সচাৰৰ পৰিৱৰ্তন,
- স্তনত সৰু সৰু টেমুনাৰ দৰে হোৱা
- ছালত গাঁত বা সংকুচিত হোৱা, নিপলৰ পৰা হঠাতে নিৰ্গমন হোৱা,
- নিপল ভিতৰলৈ সোমাই যোৱা বা ইয়াৰ চাৰিওফালে থকা ছালখন ৰঙা বা ফাটি যোৱা দেখা যোৱা,
- স্তন বা কাষৰ অংশত ফুলা বা গোটা অনুভৱ কৰা
- অহৰহ বিষ হোৱাটোও ইয়াৰ লক্ষণ হ’ব পাৰে।
এই সকলোবোৰ স্তনৰ কৰ্কট ৰোগৰ লক্ষণ হব পাৰে । যদি এইবোৰৰ কোনো এটা লক্ষণ দীৰ্ঘদিন ধৰি থাকে, তেন্তে তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰিব লাগে। যদি প্ৰাৰম্ভিক অৱস্থাত ধৰা পৰে তেন্তে চিকিৎসা অধিক সফল হয়।
পৰিত্ৰাণ
- নিয়মীয়াকৈ স্তনৰ পৰীক্ষা (নিজেই হাতেৰে চুই চালে গম পাব)
- বছৰত এবাৰ মেম’গ্ৰাফী কৰাওক।
- স্বাস্থ্যসন্মত আৰু সুষম খাদ্য গ্ৰহণ কৰক।
- ব্যায়াম কৰক আৰু ওজন নিয়ন্ত্ৰণত ৰাখক।
- ধূমপান আৰু মদৰ পৰা আঁতৰি থাকক।
- মানসিক চাপ কমাবলৈ চেষ্টা কৰক
- পৰ্যাপ্ত পৰিমাণে শুব লাগে।
অন্য খবৰ পঢ়কঃ ওজন হ্ৰাসৰ বাবে খালী পেটত নেমু ৰস আৰু মৌ খোৱা ভাল নে বেয়া? জানক বিশেষজ্ঞৰ পৰা…