যুৱক-যুৱতীসকলৰ মাজত কিয় বৃদ্ধি পাইছে হৃদযন্ত্ৰৰ সমস্যা, জানক চিকিৎসকৰ পৰা…
বিগত কিছু সময়ৰ পৰা হৃদযন্ত্ৰৰ লগত জড়িত সমস্যা বৃদ্ধি পোৱা দেখা গৈছে। কিন্তু চিন্তাৰ কাৰণ এয়াই যে, এতিয়া কম বয়সৰ যুৱক-যুৱতীসকলৰ মাজতে হৃদযন্ত্ৰৰ সমস্যা বৃদ্ধি হোৱা দেখা যায়।
বিগত কেইটামান বছৰৰ পৰা দেশত বৃদ্ধি পাইছে হৃদযন্ত্ৰৰ সমস্যা। কিন্তু চিন্তাৰ কাৰণ এয়াই যে, আজিকালি কম বয়সীয়া যুৱক-যুৱতীসকলৰ মাজতো এই সমস্যা হোৱা দেখা গৈছে। চিকিৎসকৰ মতে, প্ৰতি ৪ জন হাৰ্ট এটেক ৰোগীৰ ভিতৰত এজনৰ বয়স ৪০ বছৰৰ তলত। ইয়াৰ দ্বাৰা বুজা যায় যে যুৱক-যুৱতীসকলৰ হৃদযন্ত্ৰ দুৰ্বল হৈ পৰিছে। পৰৱৰ্তিত জীৱনশৈলী, খাদ্য, মানসিক চাপ, শাৰীৰিক কাৰ্যকলাপ অভাৱ আদিৰ ফলত এনে হয়।
বৰ্তমান দেশত হাৰ্ট এটেক আৰু কাৰ্ডিয়াক এৰেষ্টৰ ঘটনা বৃদ্ধি পাইছে। সামাজিক মাধ্যমত দেখা যায় যে জিম কৰি থকা সময়ত বা নাছি থকা সময়ত হঠাতে হাৰ্ট এটেক গৈ ৰোগী মৃত্যু মুখত পৰে। দেখাত ফিট যেন লাগিলেও হাৰ্ট এটেক আৰু কাৰ্ডিয়াক এৰেষ্ট আহে। এই সন্দৰ্ভত সবিশেষ জনাইছে শেবলী হাস্পাতাল, জবলপুৰৰ কনচালটেণ্ট কাৰ্ডিঅ’লজিষ্ট অধ্যাপক ডাঃ আৰ এছ শৰ্মাই। তেওঁ কয় যে,আজিকালি হাৰ্ট এটেকৰ বহু ৰোগীৰ বয়স ৪০ বছৰৰ তলত। হৃদযন্ত্ৰৰ সমস্যাৰ প্ৰাৰম্ভিক লক্ষণ চিনাক্ত কৰা সহজ। কিন্তু বহুতে এইবোৰ আওকান কৰে।
কাৰণ
ডাঃ শৰ্মাই কয় যে, মেদবহুলতা, ৰক্তচাপ, মধুমেহ ৰোগৰ বাবে হাৰ্ট এটেকৰ সংখ্যা বৃদ্ধি পাইছে। ইয়াৰোপৰি মানসিক চাপ, টোপনিৰ অভাৱ আদিৰ ফলত কম বয়সতে হৃদযন্ত্ৰৰ সমস্যা হয়। আজিকালি যুৱক-যুৱতীসকলে জাংক ফুড খায়। গতিকে পৰিৱৰ্তিত খাদ্যভাস হৃদযন্ত্ৰৰ সমস্যাৰ আন এক কাৰণ। তেওঁ কয় যে, বৰ্তমান সময়ত উচ্চ ৰক্তচাপ আৰু কলেষ্টেৰল বৃদ্ধিৰ সমস্যা যুৱক-যুৱতীসকলৰো হয়। গতিকে এই ক্ষেত্ৰত সাৱধান হ’ব লাগে।
কি কৰিব
- দৈনিক অন্তত ৩০ মিনিট ব্যায়াম কৰিব লাগে।
- বেছি তেলযুক্ত, মচলাযুক্ত খাদ্য পৰিহাৰ কৰক।
- ধূমপান ত্যাগ কৰক।
- সুৰাপান ত্যাগ কৰক।
- পৰ্যাপ্ত টোপনি যাওক।
- মানসিক চাপ কম কৰক।
অন্য খবৰ পঢ়কঃ পুৱা উঠি ধূমপান কৰাৰ অভ্যাস আছে নেকি? হ’ব পাৰে এই ডাঙৰ ৰোগ, জানক বিশেষজ্ঞৰ পৰা…