ভিটামিন E ৰ অভাৱ হ’লে ছাল আৰু চুলিত কি লক্ষণে দেখা দিয়ে? জানক…
ভিটামিন E আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। যেতিয়া ইয়াৰ অভাৱ হয় কিছুমান সংকেতে দেখা দিয়ে। ইয়াৰ বিষয়ে জনা দৰকাৰ। কিয়নো ই ছালৰ পৰা চুলিৰ স্বাস্থ্যলৈ প্ৰভাৱিত কৰে।

মানুহৰ শৰীৰত বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। সুস্থ শৰীৰৰ বাবে পুষ্টিকৰণ উপাদানৰ প্ৰয়োজন। ইয়াৰোপৰি শৰীৰত যেতিয়া ভিটামিনৰ অভাৱ হয় তেতিয়া বহু সমস্যাই দেখা দিয়ে। শৰীৰৰ বাবে প্ৰয়োজনীয় ভিটামিন ই (Vitamin E)। ছালৰ পৰা চুলিৰ স্বাস্থ্যলৈ সকলোৰে বাবে এই ভিটামিনৰ আৱশ্যক। ইয়াৰোপৰি ই শক্তিশালী এন্টিঅক্সিডেন্ট, যিয়েশৰীৰৰ কোষবোৰৰ ক্ষতি হোৱাৰ পৰা ৰক্ষা কৰে।
আমেৰিকা নেশ্যনেল লাইব্ৰেৰী অৱ মেডিচিনৰ মতে, ভিটামিন ইৰ অভাৱ হোৱাৰ ফলত শৰীৰত নিউৰোমস্কুলৰ চিষ্টেমত বেয়া প্ৰভাৱ পৰে। যাৰ বাবে মাংসপেশী দুৰ্বল হয় আৰু ভাগৰুৱা অনুভৱ কৰা যায়। এনে অৱস্থাত অলপ কাম কৰিলেই মানুহ ভাগৰি পৰে। যেতিয়া মাংসপেশী দুৰ্বল হয় তেতিয়া শৰীৰৰ আন কামসমূহৰ ওপৰতো প্ৰভাৱ পৰে। সঘনাই যদি ভাগৰ আৰু দুৰ্বল অনুভৱ হৈ থাকে তেন্তে এয়া ভিটামিন ই অভাৱৰ লক্ষণ হ’ব পাৰে।
ভিটামিন ই কিয় গুৰুত্বপূৰ্ণ
কেৱল ছাল আৰু চুলিৰ বাবে নহয়, ভিটামিন ই চকুৰ স্বাস্থ্যৰ বাবেও উপকাৰী। ই চকুক অক্সিডেটিভ ক্ষতিৰ পৰা ৰক্ষা কৰাত সহায় কৰে। গতিকে যেতিয়া ভিটামিন ইৰ অভাৱ হয় তেতিয়া দৃষ্টিশক্তি দুৰ্বল হৈ পৰে আৰু বয়সৰ লগে লগে এই সমস্যা ভয়াবহ হৈ পৰে। যদি আপুনি দৃষ্টিশক্তি ম্লান বা কম হোৱে যেন অনুভৱ কৰিছে তেন্তে এয়া ভিটামিন ইৰ অভাৱৰ লক্ষণ হ’ব পাৰে।
ইয়াৰোপৰি ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। যদি আপুনি বাৰে বাৰে চৰ্দি, কাহ, জ্বৰ বা আন সংক্ৰমণত ভুগি আছে তেন্তে এয়া ভিটামিন ইৰ অভাৱৰ লক্ষণ হ’ব পাৰে। এই ভিটামিনে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।
ভিটামিন ই ছালৰ স্বাস্থ্যৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। ই ৰক্ত সঞ্চালন প্ৰক্ৰিয়া উন্নত কৰে। যাৰ ফলত চুলিৰ শিপাত পুষ্টি প্ৰদান কৰে। শৰীৰত ভিটামিন ইৰ অভাৱৰ ফলত চুলি দুৰ্বল আৰু শেতা হৈ পৰিব পাৰে। যদি আপোনাৰ চুলি সৰা, চুলি ফঁটা আদি সমস্যা আছে তেন্তে এয়া ভিটামিন E ৰ অভাৱত হ’ব পাৰে।
ইয়াৰোপৰি ভিটামিন ইৰ অভাৱ ছালত দেখা যায়। ই ছালক আদ্ৰাতা আৰু সুৰক্ষা প্ৰদান কৰে। ইয়াৰোপৰি ই ছালত বয়স বৃদ্ধিৰ প্ৰভাৱ পৰাৰ পৰা ৰক্ষা কৰে। যেতিয়া ইয়াৰ অভাৱ হয় তেতিয়া ছাল নিৰ্জীৱ আৰু শুকান হৈ পৰে। যাৰবাবে ছালত বয়সৰ প্ৰভাৱ সোনকালে পৰে। ইয়াৰোপৰি ছালক অকাল বয়স বৃদ্ধি হ’ব পাৰে। যদি আপোনাৰ শৰীৰত ভিটামিন ইৰ অভাৱে দেখা দিছে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰি ইয়াৰ পৰিপূৰণ গ্ৰহণ কৰা দৰকাৰ।
অন্য খবৰ পঢ়কঃ প্ৰস্ৰাৱত অধিক ফেন আহে নেকি? নকৰিব আওকান, হ’ব পাৰে এইসমূহ গুৰুতৰ ৰোগৰ লক্ষণ…