মেৰুদণ্ডৰ বিষ হৈ থাকে নেকি? হ’ব পাৰে এই গুৰুতৰ ৰোগৰ লক্ষণ…
বহু সময়ত বহুতে মেৰুদণ্ডৰ বিষৰ সমস্যাত ভুগি থাকে। কেতিয়াবা ই সাধাৰণ হোৱাৰ সম্ভাৱনা থাকে। কিন্তু সকলো সময়তে ই সাধাৰণ নহ'ব পাৰে। গতিকে ইয়াৰ বিষয়ে জনা দৰকাৰ। ইয়াৰ আৰত থাকিব পাৰে ডাঙৰ কাৰণ।
বিভিন্ন সময়ত বহুতে মেৰুদণ্ডৰ বিষ অনুভৱ কৰে। বহাৰ বেয়া ভংগীমা, ভাগৰ, বয়স বৃদ্ধি বা বিভিন্ন কাৰণত এই বিষ হ’ব পাৰে। যাৰ বাবে বহু সময়ত এয়া সাধাৰণ বুলি মানুহে আওকাণ কৰে। কিন্তু দীৰ্ঘদিন ধৰি যদি এই এই বিষ বাৰে বাৰে হয় তেন্তে ই গুৰুতৰ ৰোগৰ লক্ষণ হ’ব পাৰে। কেতিয়াবা মেৰুদণ্ড (Spinal Pain)ৰ বিষৰ লগত খোজ কঢ়াত অসুবিধা, পিঠি বা ডিঙিত জঠৰতা, হাত-ভৰি জিনজিননি,দুৰ্বলতা, দীৰ্ঘ সময় বহি বা থিয় হ’বলৈ অসুবিধা হোৱা আদি লক্ষণে দেখা দিয়ে। এইবোৰ সহজভাৱে লোৱা ঠিক নহয়।
কেতিয়াবা এই বিষ ক্ৰমান্বয়ে বাঢ়ি যায়, যাৰ ফলত দৈনন্দিক কাম কৰা, বহা, উঠা আদিত সমস্যা আহিব পৰে। লাহে লাহে এই বিষ বাঢ়ি যায়। গতিকে সময়ত ইয়াক চিনাক্ত কৰা প্ৰয়োজন।
কি ৰোগৰ লক্ষণ
এই সন্দৰ্ভত সবিশেষ জনাইছে এইমছ দিল্লীৰ অৰ্থপেডিক বিভাগৰ অধ্যাপক ডাঃ ভবুক গাৰ্গে। তেওঁ কয় যে, মেৰুদণ্ডৰ বিষ বিভিন্ন ৰোগৰ লক্ষণ হ’ব পাৰে। স্লীপ ডিস্কে স্নায়ুত হেঁচা প্ৰয়োগ কৰে, যাৰ ফলত তীব্ৰ বিষ হয়। স্পণ্ডাইলাইটিছ বা ছাৰ্ভাইকেল আৰু লাম্বাৰ স্পণ্ডাইল’ছিছৰ ফলতো কঁকাল আৰু ডিঙিৰ বিষ স্থায়ী হয়।
অষ্টিঅ’পৰ’ছিছ অৰ্থাৎ হাড় দুৰ্বল হোৱাৰ ফলতো মেৰুদণ্ডৰ বিষ হ’ব পাৰে। কেতিয়াবা স্নায়ুৰ সমস্যা, আঘাত বা দীৰ্ঘদিনীয়া প্ৰদাহেও বিষ কৰিব পাৰে। কেতিয়াবা দীৰ্ঘসময় কাম কৰা, একে স্থানত বহি থকাৰ ফলতো বিষ হ’ব পাৰে।
পৰিত্ৰাণ উপায়
এই সমস্যা নোহোৱা কৰিবলৈ সঠিকভাৱে বহা জৰুৰী। এটা ঠাইত বেছি সময় বহি থাকিব নালাগে। মাজে মাজে খোজ কাঢ়িব লাগে। ইয়াৰোপৰি সাধাৰণ ব্যায়াম কৰা দৰকাৰ। গধুৰ বস্তু তোলাৰ পৰা বিৰত থাকিব লাগে। যদি বিষ বেছিদিন থাকে তেন্তে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।
গুৰুত্বপূৰ্ণ
- কামৰ সময়ত সঠিকভাৱে বহিব লাগে।
- দীৰ্ঘসময় এটা ঠাইত বহি থাকিব নালাগে।
- ওজন নিয়ন্ত্ৰণ কৰক।
- ব্যায়াম কৰক।
- বিষ থাকিলে চিকিৎসকৰ পৰামৰ্শ লওক।
- কাম কৰাৰ সময়ত সঠিক ভংগীমা বজাই ৰাখিব লাগে।
অন্য খবৰ পঢ়কঃ কোনে খাব নালাগে অমিতা? কাৰ বাবে বেয়া, জানক…