18 Jan 2026
TV9 ASSAM
স্বাস্থ্যৰ বাবে উপকাৰী এবিধ ফল অমিতা। বিভিন্ন ধৰণৰ পুষ্টিকৰ উপাদান থাকে অমিতাত। ছালৰ পৰা চুলি, পাচনতন্ত্ৰ, ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালীৰ বাবে ই উপকাৰী। সব্জী বনাই বা কেঁচাকৈ অমিতা খোৱা যায়।
কিন্তু কিছুমানৰ বাবে অমিতা বেয়া। বিশেষ সমস্যা থকা লোকক অমিতাই ক্ষতি কৰিব পাৰে। এই সন্দৰ্ভত অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা ভাল।
কেঁচা অমিতাত পপেন আৰু লেটেক্সৰ দৰে উপাদান থাকে। যি গৰ্ভাশয় সংকুচিত কৰি গৰ্ভপাতৰ আশংকা বৃদ্ধি কৰিব পাৰে। গতিকে গৰ্ভৱতী মহিলাই খাব নালাগে।
কিছুমান মানুহৰ অমিতা খালে এলাৰ্জি হয়। গতিকে অমিতা খোৱাৰ পাছত যাৰ খজুৱতি, ফুলা, উশাহত সমস্যা আদি হয় তেনে লোকে খাব নালাগে।
অমিতা গৰম প্ৰকৃতিৰ। অমিতা খালে কিছুমানৰ পেটত জ্বলা-পোৰা, এচিডিটি, আদি সমস্যা হ'ব পাৰে। গতিকে পেটৰ সমস্যা হোৱা লোকে বেছি খাব নালাগে।
অনিয়মিত হৃদস্পন্দন হোৱা লোকসকলৰ বাবে অমিতা ভাল নহয়। গতিকে এনে লোকে অমিতা খাব নালাগে। এই ক্ষেত্ৰত অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল'ব পাৰে।
অমিতাত অধিক পৰিমাণৰ পটেছিয়াম থাকে। গতিকে যাৰ বৃক্কৰ লগত জড়িত সমস্যা আছে তেনে লোকে অমিতা খাব নালাগে। ই অপকাৰ সাধন কৰে।
পঢ়িবলৈ ক্লিক কৰক