শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
ৰূপনগৰলৈ স্থানান্তৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ মুখ্য কাৰ্যালয়...

ৰূপনগৰলৈ স্থানান্তৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ মুখ্য কাৰ্যালয়…

barasha-sarma
Barasha Sarma | Published: 15 Dec 2025 21:09 PM

ASTC New Office: অসম ৰাজ্যিক পৰিবহন নিগমৰ মুখ্য কাৰ্যালয়ৰ ঠিকনা সলনি। আজি পৰিবহন মন্ত্ৰী চৰণ বড়োৱে ৰূপনগৰত এ এছ টি চিৰ নতুন কাৰ্যলয় মুকলি কৰে। য'ত বহু বিশিষ্ট লোক, বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

সলনি হ’ল অসম ৰাজ্যিক পৰিবহন নিগমৰ মুখ্য কাৰ্যালয়ৰ ঠিকনা। পল্টনবজাৰ বিপৰীতে এতিয়া হ’ব ৰূপনগৰ নতুন ঠিকনা। সোমবাৰে মুকলি কৰা হ’ল ASTCৰ মুখ্য কাৰ্যালয়। পৰিবহন মন্ত্ৰী চৰন বড়োৱে উদ্বোধন কৰে মুখ্য কাৰ্যালয়টো। উদ্বোধনী অনুষ্ঠানত মন্ত্ৰীগৰকাৰীৰ লগতে উপস্থিত থাকে নিগমৰ অধ্যক্ষ পল্লৱলোচন দাস, উপাধ্যক্ষ প্ৰণৱজ্যোতি লহকৰৰ লগতে পৰিবহন নিগমৰ বিষয়া কৰ্মচাৰীসকল।

উল্লেখ্য যে, নতুন বছৰত ASTCত সংযোজন হব নতুন ১০০খন বাছ। মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাই নতুন বছৰত মুকলি কৰিব বাছ সেৱা। জালুকবাৰীত নতুনকৈ নিৰ্মান কৰা হ’ব অত্যাধুনিক ISBT। ইয়াৰ বাবে ইতিমধ্যে প্ৰাৰম্ভিক কাম আৰম্ভ হৈছে। ইফালে বেতকুছিস্থিত ISBTক উন্নিত কৰা হ’ব বুলি জনাই মন্ত্ৰীগৰাকীয়ে।

সবিশেষৰ বাবে চাওক এই ভিডিঅ’…