শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দীৰ্ঘসময় অন্তৰ্বাস পৰিধান কৰি থকা হ’ব পাৰে নেকি স্তনৰ কৰ্কট ৰোগৰ কাৰণ? জানক সকলো…

আজিকালি বহু সংখ্যক মহিলাই স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱা দেখা যায়। বহুতে ভাবে যে বেছিকৈ অন্তৰ্বাস পৰিধান কৰি থাকিলে স্তনৰ কৰ্কট ৰোগ হ'ব পাৰে। কিন্তু সঁচা কি এই সন্দৰ্ভত জনা প্ৰয়োজন।

দীৰ্ঘসময় অন্তৰ্বাস পৰিধান কৰি থকা হ’ব পাৰে নেকি স্তনৰ কৰ্কট ৰোগৰ কাৰণ? জানক সকলো…
মহিলাৰ স্বাস্থ্যImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 18 Aug 2025 16:39 PM

দেশত বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা। বিশেষকৈ মহিলাসকল বেছিকৈ স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱা দেখা যায়। এই কৰ্কট ৰোগৰ বিভিন্ন কাৰণ থাকিব পাৰে। বহুতে প্ৰশ্ন কৰে মহিলাসকলে পিন্ধা অন্তৰ্বাস হ’ব পাৰে নেকি স্তনৰ কৰ্কট ৰোগৰ কাৰণ? অৱশ্যে ইয়াৰ বিষয়ে প্ৰতিগৰাকী মহিলাই জনা দৰকাৰ।

পুৰুষ-মহিলা উভয়ে আণ্ডাৰৱেৰ বা অন্তৰ্বাস পৰিধান কৰিব লগা হয়। বিশেষকৈ মহিলাসকলে টান অন্তৰ্বাস পৰিধান কৰা দেখা যায়। গোটেই দিন বা কেতিয়াবা নিশাও এই টান অন্তৰ্বাস পৰিধান কৰিব লগাত পৰে। কিন্তু বিশেষজ্ঞসকলে কয় যে, যদি মহিলাৰ স্তন দীৰ্ঘদিন ধৰি আণ্ডাৰৱেৰৰ তলত উচ্চ চাপত থাকে তেন্তে সেয়া শৰীৰৰ বাবে ভাল নহয়।

বহুতে ভাবে যে দীৰ্ঘদিন ধৰি টান অন্তৰ্বাস বা ব্ৰা পৰিধান কৰিলে কেন্সাৰ হ’ব পাৰে। বিশেষকৈ স্তন কেন্সাৰ হ’ব পাৰে। অৱশ্যে চিকিৎসকৰ মতে এয়া সঁচা নহয়। কিন্তু ইয়াৰ ফলত আন স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে। পিছে এইবোৰ কি?

চিকিৎসকে কয় যে সকলো সময়তো অন্তৰ্বাস পৰিধান কৰি থকা সকলো মহিলাৰ বাবে সহজ নহয়। ইয়াৰ ফলত কান্ধ বা পিঠিত কাটিব পাৰে বা ৰঙা দাগ হ’ব পাৰে। ভুল আকাৰ বা ভুল ধৰণৰ ব্ৰা পিন্ধিলে পিঠিৰ বিষ আৰু ৰক্ত সঞ্চালনৰ সমস্যা হ’ব পাৰে।

উল্লেখ্য যে, আণ্ডাৰৱেৰ পৰিধান কৰিলে কেন্সাৰ হোৱাৰ উৰাবাতৰি ১৯৯৫ চনৰ পৰাই আৰম্ভ হৈছিল। সেই সময়ত লেখক ছিডনী ৰছ চিংগাৰ ৰেইছমাইজাৰে ‘ড্ৰেছড টু কিল’ নামৰ এখন কিতাপত লিখিছিল যে ব্ৰা বিশেষকৈ আণ্ডাৰৱেৰ ব্ৰাবোৰে লিম্ফেটিক প্ৰবাহত বাধা দিয়ে। ফলত স্তনৰ কলাত বিষাক্ত পদাৰ্থ আবদ্ধ হৈ কেন্সাৰ হ’ব পাৰে। লেখকগৰাকীয়ে সেই কথা অনুমানৰ ভিত্তিত লিখিছিল যদিও এয়া বহুতে মানি লৈছিল। সেই কথাৰ কোনো বৈজ্ঞানিক ভিত্তি নাছিল। চিকিৎসা বিজ্ঞানত প্ৰমাণৰ অভাৱৰ বাবে এই কথা জুইৰ দৰি বিয়পি পৰিছিল।

গৱেষণাই কি কয়?

২০১৪ চনত ছিয়াটলৰ ফ্ৰেড হাচিনছন কেন্সাৰ ৰিচাৰ্চ চেণ্টাৰে এক অধ্যয়ন চলাইছিল। Cancer Epidemiology, Biomarkers and Prevention নামৰ জাৰ্নেলত প্ৰকাশিত এই গৱেষণাত ১৫০০ৰো অধিক মহিলাক সংযুক্ত কৰা হৈছিল। এইসকলৰ কোনো কৰ্কট ৰোগত আক্ৰান্ত হোৱা নাছিল।

অধ্যয়নটোত দেখা গৈছে যে পিন্ধা ব্ৰাৰ প্ৰকাৰ, সময় বা টানতাই স্তন কেন্সাৰৰ সম্ভাৱনা বৃদ্ধি নকৰে। মুখ্য গৱেষক ডাঃ লু চেনে কয়, “আমাৰ অধ্যয়নত ব্ৰা পিন্ধিলে ৰজোনিবৃত্তিৰ পিছৰ মহিলাৰ স্তন কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পোৱাৰ কোনো প্ৰমাণ পোৱা নগ’ল।” আমেৰিকান কেন্সাৰ ছ’চাইটি, নেশ্যনেল কেন্সাৰ ইনষ্টিটিউট আৰু কেন্সাৰ কাউন্সিল অষ্ট্ৰেলিয়াৰ ক্ষেত্ৰতো একেই কথা প্ৰকাশ পাইছিল।

আণ্ডাৰৱেৰ পিন্ধিলে কি প্ৰভাৱ পৰে?

চিকিৎসকৰ মতে টাইট বা বেয়াকৈ ফিট হোৱা ব্রাই কেন্সাৰ সৃষ্টি নকৰে। কিন্তু ইয়াৰ ফলত আন সমস্যাৰ সৃষ্টি হব পাৰে। ইয়াৰ ফলত মহিলাসকলে ডিঙি, পিঠিৰ বিষত ভুগিব পাৰে। আনকি ইয়াৰ ফলত পিঠিত দাগ, শৰীৰৰ গঠন সলনি হোৱাও দেখা যায়। গতিকে সদায় সুবিধাজনক অন্তৰ্বাস পৰিধান কৰিব লাগে। বিশেষকৈ ৰাতি এইসমূহ খুলি থোৱা ভাল।

 

 

অন্য খবৰ পঢ়কঃ হাওঁফাওঁৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি জানেনে? ভুলতো নকৰিব আওকান, জানক সকলো…