দৈনিক খোৱা এই ৫ বিধ খাদ্যই নষ্ট কৰে যকৃত, চিকিৎসকৰ পৰা জানক…
দৈনন্দিন খাদ্যত এনে বহু বস্তু থাকে, যিবোৰ খালে লিভাৰৰ ক্ষতি হ’ব পাৰে। এই প্ৰতিবেদনত আমি এনেকুৱা খাদ্যৰ কথা ক'ম যিবোৰ আপোনাৰ পাকঘৰত সহজে পোৱা যায় কিন্তু সেইবোৰ খোৱাৰ পিছত লিভাৰ ভাল ৰখাটোও সমানেই কঠিন।

যকৃত হৈছে আমাৰ শৰীৰৰ আটাইতকৈ পৰিশ্ৰমী আৰু গুৰুত্বপূৰ্ণ অংগ। ই আমাৰ খাদ্য হজম, বিষাক্ত পদাৰ্থ আঁতৰোৱা আৰু শৰীৰত শক্তি সৃষ্টিৰ কাম কৰে। বহু সময়ত আমাৰ অজ্ঞাতে আমাৰ দৈনন্দিন অভ্যাস আৰু খাদ্যাভ্যাসে ক্ৰমান্বয়ে এই যকৃতত প্ৰভাৱ পেলায়। আমি ভাবো যে অত্যধিক মদ বা ঔষধ সেৱনেহে যকৃতৰ ক্ষতি কৰে, কিন্তু সত্য কথাটো হ’ল আমাৰ পাকঘৰ আৰু খোৱা টেবুলত ৰখা কিছুমান দৈনন্দিন খাদ্য সামগ্ৰীও ইয়াৰ বাবে সমানেই বিপদজনক হ’ব পাৰে।
আমি এনেবোৰ খাদ্যবোৰ বাৰে বাৰে খাওঁ আৰু আমি ভাবো যে এইবোৰ একেবাৰে স্বাভাৱিক। প্ৰথম অৱস্থাত যকৃতে কোনো ডাঙৰ সংকেত নিদিলেও ভিতৰত ই দুৰ্বল হৈ পৰে। বহুতে ভাগৰুৱা, পেটত গধুৰতা, পাচনতন্ত্ৰৰ সমস্যা বা ছালৰ পৰিৱৰ্তনক আওকাণ কৰে। এই লক্ষণসমূহে পিছলৈ গুৰুতৰ ৰোগৰ ৰূপ ল’ব পাৰে।
এতিয়া প্ৰশ্ন উত্থাপন হয় যে সেইবোৰ কি কি বস্তু যিয়ে লিভাৰত ইমান হেঁচা প্ৰয়োগ কৰে যে লাহে লাহে ইয়াৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে। আপুনি জানি আচৰিত হ’ব যে এইবোৰ বস্তু কেৱল ফাষ্টফুড বা বাহিৰৰ খাদ্য নহয়, ঘৰুৱা খাদ্যতো অন্তৰ্ভুক্ত কৰিব পাৰি। কেতিয়াবা স্বাস্থ্যকৰ বুলি ভাবি খোৱা বস্তুবোৰো যকৃতৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ চিকিৎসকে এই খাদ্যসমূহৰ বিষয়ে জনাইছে।
চেনিযুক্ত খাদ্য
প্ৰথম বিপদজনক কথা হ’ল উচ্চ চেনি থকা খাদ্য। মিঠাই, চকলেট, মিঠা পানীয় আনকি কিছুমান পেকেটত থকা ৰসটো ইমানেই চেনি থাকে যে লিভাৰে ইয়াক চৰ্বিলৈ ৰূপান্তৰিত কৰিবলৈ আৰম্ভ কৰে। এই চৰ্বি যকৃতত জমা হৈ চৰ্বিযুক্ত যকৃতৰ ৰোগ সৃষ্টি কৰিব পাৰে।
ভজা আৰু জাংক ফুড
দ্বিতীয়টো ডাঙৰ বিপদ হ’ল ভজা আৰু জাংক ফুড – আলুৰ চিপচ, চিঙৰা, পাকোৰা, বাৰ্গাৰৰ দৰে বস্তুত অস্বাস্থ্যকৰ চৰ্বি আৰু ট্ৰেন্স ফেট থাকে যিয়ে যকৃতৰ কোষৰ ক্ষতি কৰে আৰু প্ৰদাহ বৃদ্ধি কৰে।
উচ্চ নিমখৰ বস্তু
তৃতীয় খাদ্য গোটটো হ’ল উচ্চ নিমখযুক্ত বস্তু। চিপচ, নিমখীয়া জলপান, পেকেট কৰা চূপ বা ইনষ্টেন্ট নুডলছত থকা অতিৰিক্ত ছডিয়ামে যকৃতত চাপ পেলায় আৰু তৰল পদাৰ্থৰ ভাৰসাম্য বিঘ্নিত কৰে।
প্ৰচেছড মাংস
চতুৰ্থটো হ’ল প্ৰচেছড মাংস – চচ্চেজ, বেকন, চালামিৰ দৰে বস্তুত অতি বেছি পৰিমাণৰ সংৰক্ষক আৰু চেচুৰেটেড ফেট থাকে যিয়ে যকৃতৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাব পাৰে।
অত্যধিক মদ্যপান
পঞ্চম বিপদ হ’ল অত্যধিক মদ্যপান – যকৃতৰ বাবে আটাইতকৈ বেয়া হৈছে মদ্যপান যিয়ে যকৃতত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায় আৰু দীৰ্ঘদিন সেৱন কৰিলে চিৰ’ছিছৰ দৰে গুৰুতৰ ৰোগ হ’ব পাৰে।
যকৃতৰ ভালে ৰাখিবলৈ হয় এইবোৰ বস্তু সম্পূৰ্ণৰূপে ত্যাগ কৰিব নোৱাৰিলেও অতি কম পৰিমাণে গ্ৰহণ কৰক। ইয়াৰ লগতে অধিক পানী, সতেজ ফল-মূল খাব লাগে আৰু প্ৰচেছড খাদ্যৰ পৰা আঁতৰি থাকিব লাগে। মনত ৰাখিব, যকৃতৰ নিজকে মেৰামতি কৰাৰ ক্ষমতা আছে কিন্তু ক্ষতিকাৰক অভ্যাসৰ পৰা ৰক্ষা কৰিলেহে এয়া সম্ভৱ।
লগতে পঢ়ক: বাৰে বাৰে মুখত ঘাঁ হয় নেকি? ইয়াৰ কাৰণ, প্ৰতিকাৰৰ উপায় জানক…