ককা-আইতাই হাত-ভৰি বান্ধি ৰাখিছিল, দেউতাই… মাতৃৰ মৃত্যু সন্দৰ্ভত ৩ সন্তানৰ ভয়ংকৰ বিৱৰণ…
দেশ এতিয়া বহু আগবাঢ়ি গ'ল। কিন্তু আধুনিক বুলি কোৱা এই সময়ৰ মাজতো সংঘটিত কিছুমান ঘটনাই বহুতকে আচৰিত কৰি তোলে। শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে যিয়ে আচৰিত কৰি তুলিব আপোনাক। এগৰাকী মহিলাক অতি নৃশংসভাৱে হত্যা কৰা হয়।

দেশত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। ইয়াৰ মাজতে পোহৰলৈ অহা এক ঘটনাই চকু কপালত তুলিব আপোনাৰ। ৰৌশনী চৌধাৰী নামৰ ৩৪ বছৰীয়া মহিলাগৰাকীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে স্বামী আৰু পৰিয়ালৰ লোকৰ বিৰুদ্ধে। জানিব পৰা মতে, মহিলাগৰাকীৰ তিনিগৰাকী কন্যা সন্তান আছিল। পুত্ৰ সন্তান নথকা বাবে স্বামী পৰিয়ালে এই নৃশংসকাণ্ড সংঘটিত কৰে। আচৰিত কথা এয়াই যে, এই সময়ত তিনি কন্যা সন্তান ঘটনাৰ সাক্ষী হৈ ৰয়। এই ঘটনা সংঘটিত হৈছে বিহাৰৰ গঞা জিলাত।
জানিব পৰা মতে, দেওবাৰে মাজনিশা সংঘটিত হৈছে এই ঘটনা। এই সমগ্ৰ কাণ্ড সন্দৰ্ভত মহিলাগৰাকীৰ ১০ বছৰীয়া কন্যাই কয় যে, তেওঁৰ পিতৃয়ে প্ৰথমে দুৱাৰ বন্ধ কৰি মাতৃক মাৰপিট কৰিবলৈ আৰম্ভ কৰে। মাতৃয়ে যেতিয়া নিজকে ৰক্ষা কৰিবলৈ চেষ্টা কৰে তেতিয়া ককাক আৰু আইতাকে হাত-ভৰি বান্ধি ৰাখে আৰু পাছত পিতৃয়ে ডিঙি চেপি হত্যা কৰে। অৱশেষত মাতৃয়ে মৃত্যুক সাৱতি লৈছিল।
অভিযুক্ত স্বামীৰ নাম নীতিশ চৌধাৰী বুলি চিনাক্ত হৈছে। জানিব পৰা মতে, এই হত্যাকাণ্ডৰ পাছতে মহিলাগৰাকীৰ ৩ সন্তান মৃতদেহৰ কাষত বহি থাকে। আনহাতে ঘটনাৰ পাছতে অভিযুক্তই পলায়ন কৰে। পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত অৱগত হৈ মহিলাগৰাকীৰ ভায়েক সেই স্থানত উপস্থিত হয় আৰক্ষীক খবৰ দিয়ে। লগে লগে আৰক্ষীয়ে আহি মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
অভিযুক্ত নীতিশ বেংকৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে। বাহিৰত সভ্য হ’লেও নিজকে ৩ সন্তানৰ পিতৃ বুলি মানি ল’ব পৰা নাছিল। পুত্ৰ সন্তান নথকা বাবে তেওঁ প্ৰায়েই পত্নীক মাৰপিট কৰিছিল।
২০১৪ চনত ৰোশনী আৰু নীতিশৰ বিয়া হৈছিল। বিয়াৰ পাছত প্ৰথম কেইটামান দিন ভালে আছিল যদিও পাছত আৰম্ভ হৈছিল স্বামী আৰু শহুৰ-শাহুৱেকৰ নিৰ্যাতন। অন্য দিনাৰ দৰে দেওবাৰে নিশাও মহিলাগৰাকীক আক্ৰমণ কৰে স্বামীয়ে। তাৰ পাছত মহিলাগৰাকীয়ে মাকৰ ঘৰলৈ ফোন কৰি সহায় বিচাৰে যদিও স্বামীয়ে ফোন কাঢ়ি লৈ যায়।
ইফালে মহিলাগৰাকীয়ে কান্দি কান্দি ফোন কৰাৰ পাছতে মাকৰ ঘৰৰ লোক চিন্তিত হৈ পৰে। পাছত সোমবাৰ (২২ ছেপ্টেম্বৰ) য়ে পুৱতি নিশা প্ৰায় ৩.৩০ বজাত ৰোশনীৰ ভায়েক সেই স্থানত উপস্থিত হয় আৰু দেখা পাই যে মৃতদেহৰ ওচৰত তিনি কন্যাই বহি কান্দি আছে। এই সমগ্ৰ কাণ্ডই জোকাৰি গৈছে সমগ্ৰ অঞ্চল। বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
অন্য খবৰ পঢ়কঃ প্ৰেমিকে নকৰে গ্ৰহণ! প্ৰথমে লৈ গ’ল হ্ৰদৰ পাৰলৈ, পাছত ৩ বছৰীয়া শিশুৰ সৈতে মাতৃৰ ভয়ংকৰ কাণ্ড…