প্ৰেমিকে নকৰে গ্ৰহণ! প্ৰথমে লৈ গ’ল হ্ৰদৰ পাৰলৈ, পাছত ৩ বছৰীয়া শিশুৰ সৈতে মাতৃৰ ভয়ংকৰ কাণ্ড…
এগৰাকী মহিলাৰ কু-কাণ্ডই চকু কপালত উঠাব আপোনাৰ। শেহতীয়াকৈ এক ঘটনা পোহৰলৈ আহিছে য'ত এগৰাকী মহিলাই নিজৰ ৩ বছৰীয়া কন্যাক হত্যা কৰে। ইয়াৰ পূৰ্বে মহিলাগৰাকীয়ে কন্যাক এটা স্থানলৈ লৈ যায়। যাৰ ভিডিঅ' এতিয়া ভাইৰেল হৈ পৰিছে।

দেশত ভয়ংকৰ ৰূপে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। ইয়াৰ মাজতে পুনৰ এক ঘটনা পোহৰলৈ আহিছে যিয়ে চকু কপালত তুলিব আপোনাৰ। এগৰাকী মাতৃয়ে নিজৰ তিনি বছৰীয়া কন্যাক হত্যা কৰে। জানিব পৰা মতে, মহিলাগৰাকীয়ে কন্যাক প্ৰথমে এটা হ্ৰদৰ পাৰলৈ লৈ যায়, তাতে তেওঁলোকে কিছু সময় কয়াই আৰু পাছত হ্ৰদত পেলাই দিয়ে। ইমানেই নহয়, ইয়াৰ পাছত তেওঁ আৰক্ষীৰ আগত কন্যা নিৰুদ্দেশ হোৱা বুলি কয়। এই ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ আজমেৰত।
যেতিয়া এই মহিলাগৰাকীৰ প্ৰকৃত সত্য পোহৰলৈ আহে তেতিয়া সকলো আচৰিত হৈ পৰে।জানিব পৰা মতে, মহিলাগৰাকীৰ বিবাহ বিচ্ছদ হৈছিল। শিশুটি আছিল মহিলাগৰাকীৰ প্ৰথম স্বামীৰ। বিচ্ছেদৰ পাছত মহিলাগৰাকীয়ে অন্য এজন পুৰুষৰ সৈতে সম্পৰ্ক স্থাপন কৰিছিল আৰু দুয়ো লিভ ইনত থাকিবলৈ আৰম্ভ কৰিছিল।কিন্তু লিভ-ইনত থকা সংগীয়ে তেওঁক কন্যাৰ বাবে সদায় ঠাট্টা-মস্কৰা কৰিছিল। এই কথাত অতিষ্ট হৈ মহিলাগৰাকীয়ে কন্যাক হত্যা কৰে।
তথ্য অনুসৰি, ১৬ ছেপ্টেম্বৰৰ নিশা সংঘটিত হৈছে এই ঘটনা। অভিযুক্ত মহিলা অঞ্জলি সিং (২৮) য়ে তেওঁৰ ৩ বছৰীয়া কন্যাক লৈ এটা হ্ৰদলৈ যায়। এই সময়খিনি ইতিমধ্যে চিচিটিভিত আৱদ্ধ হৈছে। তাৰ পাছত হ্ৰদৰ পাৰত শিশুটিৰ সৈতে তেওঁ বহু সময় কটায় আৰু পাছত হ্ৰদত পেলাই দি হত্যা কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জনোৱা অনুসৰি অঞ্জলি উত্তৰ প্ৰদেশৰ বাসিন্দা। কিন্তু তেওঁ অখিলেশ নামৰ যুৱকজনৰ সৈতে আজমেৰত লিভ ইনত আছিল।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কয় যে, প্ৰথম অৱস্থাত মহিলাগৰাকীয়ে শিশুটি নিৰুদ্দেশ হোৱা আৰক্ষী আৰু সংগীক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰিছিল। ঘটনাৰ নিশা তহলদাৰী আৰক্ষীয়ে মহিলাগৰাকীয়ে বহু সময় কিবা বিচাৰি থকা দেখিছিল। তেতিয়া আৰক্ষীয়ে তেওঁক সুধিছিল কি হৈছে বুলি। আৰক্ষীৰ প্ৰশ্নত মহিলাগৰাকীয়ে কৈছিল যে তেওঁৰ কন্যা হেৰাইছে আৰু বিচাৰি আছে। শিশুটি বিচৰাত আৰক্ষীয়ে সহায় কৰিব বিচাৰিছিল যদিও মহিলাগৰাকীয়ে অস্বীকাৰ কৰিছিল। পাছত আৰক্ষীয়ে সেই স্থানৰ পৰা আহি ঘটনাস্থলীত থকা চিচিটিভি ফুটেজ পৰীক্ষা কৰে আৰু তেতিয়াই সমগ্ৰ কাণ্ড পোহৰলৈ আহে।
আৰক্ষীয়ে জনোৱা মতে, এটা ফুটেজত মহিলাগৰাকীক শিশুটিৰ সৈতে দেখা গৈছিল। ইফালে আন এটা ফুটেজত মহিলাগৰাকীক অকলে দেখা গৈছিল। পাছত আৰক্ষীৰ অভিযানত বুধবাৰে হ্ৰদটোৰ পৰা শিশুটিৰ মৃতদেহ উদ্ধাৰ হয়। ইয়াৰ পাছতে আৰক্ষীয়ে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে।
আৰক্ষীৰ জেৰাত মহিলাগৰাকীয়ে হত্যাৰ কথা স্বীকাৰ কৰে। তেওঁ কয় যে, প্ৰেমিক অখিলেশে প্ৰায়ে তেওঁক ঠাট্টা কৰিছিল যে শিশুটি তেওঁৰ প্ৰথম স্বামীৰ। আনহাতে শিশুটিক অখিলেশে গ্ৰহণ কৰিব নোৱাৰে বুলিও কৈছিল। প্ৰেমিকৰ কথাত অতিষ্ট হৈ মহিলাগৰাকীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল। বৰ্তমান এই সমগ্ৰ কাণ্ড সন্দৰ্ভত চাঞ্চল্য অব্যাহত আছে।
অন্য খবৰ পঢ়ক- অবৈধ উৎপাদনৰ ক্ষেত্ৰত চীন প্ৰথম! ভাৰতো আছে তালিকাত, আমেৰিকাৰ ২৩ খন দেশৰ তালিকা জাৰি…