শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

৪ পুত্ৰ-বোৱাৰী, নাতি-নাতিনীক এৰি ৩০ বছৰীয়া প্ৰেমিকৰ সৈতে পলায়ন মহিলাৰ, চিন্তাত স্বামী…

৩০ বছৰীয়া যুৱকৰ সৈতে পলাই যায় এগৰাকী বৃদ্ধা। জানিব পৰা মতে, এইগৰাকী মহিলাৰ আছে ৪ টাকৈ পুত্ৰ সন্তান, বোৱাৰী আৰু নাতি-নাতিনী। এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

৪ পুত্ৰ-বোৱাৰী, নাতি-নাতিনীক এৰি ৩০ বছৰীয়া প্ৰেমিকৰ সৈতে পলায়ন মহিলাৰ, চিন্তাত স্বামী…
প্ৰতীকী ফটোImage Credit source: META AI
barasha-sarma
Barasha Sarma | Published: 03 Jun 2025 14:12 PM

প্ৰেম! কোৱা হয়, প্ৰেমে নামানে বয়ৰ সীমনা। যাৰ বাবে হয়তো বিভিন্ন সময়ত প্ৰেমৰ লগত জড়িত বহু আজৱ ঘটনা পোহৰলৈ আহে। শেহতীয়াকৈ পুনৰ এনে এক ঘটনা পোহৰলৈ আহিছে য’ত এগৰাকী মহিলাই এজন যুৱকৰ সৈতে পলাই যায়। প্ৰেম নিচেই সাধাৰণ। কিন্তু এই প্ৰেমৰ ঘটনাই আচৰিত কৰি তুলিছে বহুতক। কিয়নো মহিলাগৰাকীৰ আছে স্বামী, চাৰিটাকৈ পুত্ৰ সন্তান, বোৱাৰী আৰু নাতি-নাতিনী। এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ললিতপুৰত।

জানিব পৰা মতে, মহিলাগৰাকী পলাই যোৱাৰ সময়ত বোৱাৰীয়েকৰ পৰা সকলো আ-অলংকাৰ লৈ যায়। ঘটনা সন্দৰ্ভত পৰিয়ালে অভিযোগ কৰিছে যে, তেওঁলোকে ঘটনা সন্দৰ্ভত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈ পত্ৰ প্ৰেৰণ কৰিছে, কিন্তু তাৰ পাছতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

ললিতপুৰৰ জাখোৰা থানা এলেকাৰ পৰা পোহৰলৈ অহা এই ঘটনা এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। বৃদ্ধাগৰাকীৰ স্বামীয়ে কয় যে, তেওঁৰ পত্নীয়ে ৩০ বছৰীয়া এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল। বহুদিন ধৰি প্ৰেম কৰাৰ অন্তত ২০ দিন আগত দুয়ো পলাই যায়। আচৰিত এয়াই যে, মহিলাগৰাকীয়ে ৪ গৰাকী বোৱাৰীয়েকৰ গহনা আৰু কাপোৰ আদি লৈ যায়।

মহিলাগৰাকীৰ স্বামীয়ে কৈছে যে, এই সন্দৰ্ভত তেওঁলোকে এজাহাৰ দাখিল কৰিছে যদিও এতিয়ালৈকে আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। যাৰ বাবে তেওঁলোকে বিষয়টো সন্দৰ্ভত যোগী আদিত্যনাথলৈও পত্ৰ প্ৰেৰণ কৰিছে।

জানিব পৰা মতে, মহিলাগৰাকী পলাই যোৱা যুৱকজনো বিবাহিত। এই সন্দৰ্ভত যুৱকজনৰ পত্নীয়ে কৈছে যে, তেওঁৰ স্বামীৰ কাণ্ডই যথেষ্ঠ সমস্যাৰ সৃষ্টি কৰিছে। সমাজত তেওঁলোকৰ মুখ উলিয়াব নোৱাৰা অৱস্থা কৰিছে। গতিকে এই সন্দৰ্ভত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে অব্যাহত ৰাখিছে।  এতিয়ালৈকে আৰক্ষীয়ে মহিলাগৰাকী আৰু তেওঁ প্ৰেমিকৰ কোনো সন্ধান লাভ কৰা নাই। গতিকে আৰক্ষীৰ তদন্তৰ অন্তত ঘটনা সন্দৰ্ভত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

অন্য খবৰ পঢ়কঃ তিনি সন্তানৰ মাতৃৰ সৈতে অসংযত অৱস্থাত যুৱক! বহিল পঞ্চায়ত সভা আৰু পাছত…