শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

তিনি সন্তানৰ মাতৃৰ সৈতে অসংযত অৱস্থাত যুৱক! বহিল পঞ্চায়ত সভা আৰু পাছত…

কোৱা হয়, প্ৰেমে নামানে কোনো বাধা! শেহতীয়াকৈ পুনৰ এক খবৰ পোহৰলৈ আহিছে য'ত জড়িত হৈ পৰিছে এগৰাকী মহিলা আৰু এজন যুৱক।

তিনি সন্তানৰ মাতৃৰ সৈতে অসংযত অৱস্থাত যুৱক! বহিল পঞ্চায়ত সভা আৰু পাছত…
প্ৰতীকী ফটোImage Credit source: META AI
barasha-sarma
Barasha Sarma | Published: 02 Jun 2025 15:07 PM

চিনেমাৰ দৰে এক কাহিনী! কোৱা হয়, প্ৰেমে নামানে বয়স, জাতি-ধৰ্ম, প্ৰেমত নাথাকে কোনো বাধা। বৰ্তমান সময়ত প্ৰেমৰ লগত জড়িত বিভিন্ন আজৱ ঘটনা আমি শুনিবলৈ পাওঁ। শেহতীয়াকৈ পুনৰ এনে এক ঘটনা পোহৰলৈ আহিছে। য’ত এজন যুৱক ৩ সন্তানৰ এগৰাকী মাতৃৰ প্ৰেমত পৰে। কিন্তু আপত্তিজনক অৱস্থাত দুয়ো এদিন ধৰা পৰে আৰু তেওঁলোকক লৈ পঞ্চায়তত বিচাৰ অনুষ্ঠিত হয়।  এই সভাত এনে এক সিদ্ধান্ত গ্ৰহণ কৰা হয়, যিয়ে চকু কঁপালত তুলিব আপোনাৰ।

প্ৰায় তিনি বছৰ পূৰ্বে যুৱকজন আৰু মহিলাগৰাকী ওচৰে-পাজৰে বাস কৰিছিল। চুবুৰীয়াত বাস কৰা তিনি সন্তানৰ মাতৃ এই মহিলাগৰাকীক যুৱকজনে ‘আন্টি’ বুলি সম্বোধন কৰিছিল। কিন্তু এইগৰাকী খুড়ীয়েকৰ সৈতে লাহে লাহে ঘনিষ্ঠতা বাঢ়ে যুৱকজনৰ। তেওঁলোকে ফোনত কথা পাতিবলৈ আৰম্ভ কৰে আনকি মাজে মাজে লগো কৰে। এনেকৈ তেওঁলোকৰ মাজত বিবাহ বহিৰ্ভূত এক সম্পৰ্ক গঢ় লৈ উঠে। সময়ৰ সৈতে তেওঁলোকৰ প্ৰেমো আগবাঢ়ি গৈ আছিল। যেতিয়া মহিলাগৰাকীৰ স্বামী ঘৰত নাথাকে তেতিয়া তেওঁ যুৱকজনক ঘৰত মাতে আৰু কিছু অন্তৰংগ মূহুৰ্ত পাৰ কৰে।

যুৱকজন সঘনাই মহিলাগৰাকীৰ ঘৰত আহি থকা দেখি ওচৰ-চুবুৰীয়াৰ মনতো সন্দেহ জাগিছিল। কিছুদিন পূৰ্বে স্বামী ঘৰত নথকা অৱস্থাত পুনৰ যুৱকজন মহিলাগৰাকীৰ ঘৰলৈ আহে। কিন্তু সেইদিনা ওচৰ-চুবুৰীয়া মহিলাগৰাকীৰ ঘৰলৈ যায় আৰু ঘৰৰ দুৱাৰ খুলি দিয়ে। সেই সময়ত দুয়ো অসংযত অৱস্থাত আছিল। লগে লগে চাৰিওফালে হুৱা-দুৱা লাগে আৰু পঞ্চায়তৰ সভা আহ্বান কৰা হয়।

সভালৈ মহিলাগৰাকীৰ স্বামীকো মাতি অনা হয়। সভাত তেওঁলোকক এই সম্পৰ্কৰ বিষয়ে প্ৰশ্ন কৰা হয় লগতে তেওঁলোকৰ ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে জানিব বিচাৰে। কিন্তু আচৰিত যে, তেতিয়াই যুৱকজনে মহিলাগৰাকীক সেন্দূৰ দিয়ে। সেই সময়ত সেই স্থানত মহিলাগৰাকীৰ স্বামীও উপস্থিত আছিল। মহিলাগৰাকীৰ স্বামীয়ে কয় যে, এই বিবাহত তেওঁৰ কোনো আপত্তি নাই। পত্নীক প্ৰেমিকৰ লগতে থাকিবলৈ দিয়ে। লগতে কয় যে, ল’ৰা-ছোৱালী কেইটা তেওঁ নিজৰ লগত ৰাখিব।

কাহিনী ইয়াতেই শেষ নহয়। এই ঘটনাৰ পাছত মহিলাগৰাকীয়ে কৰা এক মন্তব্যত আচৰিত হৈ পৰে সকলো। মহিলাগৰাকীয়ে কয় যে, তেওঁৰ সৰু সন্তানৰ পিতৃ স্বামী নহয়, তেওঁৰ প্ৰেমিক। গতিকে ডাঙৰ ল’ৰা-ছোৱালী কেইটা স্বামীৰ লগত থাকিলেও সৰু সন্তানটি তেওঁৰ লগত থাকবিলৈ দিব লাগে। মহিলাগৰাকীৰ  এই প্ৰস্তাৱত প্ৰেমিক আৰু স্বামীয়েও এই প্ৰস্তাৱত সন্মতি প্ৰদান কৰে।

এই ঘটনা বিহাৰৰ বৈশালী জিলাত সংঘটিত হৈছে। মহিলাগৰাকীৰ স্বামীয়ে কয়, “যুৱকজনে ইতিমধ্যে বহু নাৰীক প্ৰেমৰ জালত আৱদ্ধ কৰি ৰাখিছে। যোৱা দুবছৰ ধৰি মোৰ পত্নীৰ সৈতে সম্পৰ্কত আছিল। তিনি বছৰ আগতে তেওঁলোকে প্ৰথম লগ পাইছিল। মোৰ পত্নীক বিভিন্ন উপহাৰ আৰু টকা দিছিল। এতিয়া পঞ্চায়তৰ সন্মুখতে মোৰ পত্নীক তেওঁ বিয়া কৰাইছে। মোৰ পত্নী য’তেই নাথাকক কিয়, সেয়া তেওঁৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে। মই তেওঁক বিদায় দিলো।”

 

অন্য খবৰ পঢ়কঃ কাৰ বাবে সেন্দূৰ লয় ৰেখাই? আঁৰত আছে নেকি ৫ বছৰ সৰু এজন অভিনেতা, জানক…