শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পিতৃৰ নামত কলংক! কন্যাৰ লগত জঘন্য কাণ্ড আৰু পাছত ১৫ বাৰকৈ…

যুৱতীগৰাকীৰ বন্ধু-বৰ্গই কোৱা অনুসৰি, যোৱা ১৫ দিন ধৰি তেওঁ নিমাত হৈ আছিল। কলেজত বন্ধ দিয়াৰ পাছতো হোষ্টেলৰ পৰা ঘৰলৈ যাব বিচৰা নাছিল। ঘৰ সম্পৰ্কীয় কোনো কথা তেওঁ নকৈছিল।

পিতৃৰ নামত কলংক!  কন্যাৰ লগত জঘন্য কাণ্ড আৰু পাছত ১৫ বাৰকৈ…
উত্তৰ প্ৰদেশImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 27 Jun 2025 14:18 PM

কিমান নৃশংস হ’লে কোনোৱে নিজৰ সন্তানক হত্যা কৰিব পাৰে? শেহতীয়াকৈ এনে এক নৃশংস ঘটনা পোহৰলৈ আহিছে য’ত এজন লোকে সতীয়া কন্যাক ১৫ বাৰকৈ ছুৰীৰে আক্ৰমণ কৰি হত্যা কৰে। ইমানতেই ক্ষান্ত নাথাকিল তেওঁৰ নৃশংসতা। সেই পাষাণজনে যুৱতীগৰাকীৰ ডিঙিৰ ওপৰত থিয় দিয়ে, যাতে তেওঁৰ মৃত্যু নিশ্চিত হয়। অভিযোগ অনুসৰি, তেওঁ পূৰ্বতে কন্যাক কেইবাবাৰো ধৰ্ষণ কৰিছিল। এই জঘন্য ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ বিজ্ঞানপুৰীত।

কন্যাৰ লগত হোৱা এই কাণ্ডই মাতৃক মানসিকভাৱে ভাঙি পেলায়। তেওঁ আৰক্ষীক কয় যে, তেওঁৰ স্বামীয়ে পূৰ্বতে  কন্যাক ধৰ্ষণ কৰিছিল। ইয়াৰ পাছত যুৱতীগৰাকীক শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ দাবী কৰি আহিছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে।

ভুক্তভোগীৰ বন্ধুৱে জানিবলৈ দিয়ে মতে, যোৱা ১৫ দিন ধৰি তেওঁ নিমাত হৈ আছিল। কলেজত বন্ধ দিয়াৰ পাছতো হোষ্টেলৰ পৰা ঘৰলৈ যাব বিচৰা নাছিল। ঘৰ সম্পৰ্কীয় কোনো কথা তেওঁ নকৈছিল। কিন্তু মাকৰ পৰা বাৰে বাৰে ফোন অহাৰ পাছত তেওঁ ঘৰলৈ গৈছিল। তাৰ পাছতে বৃহস্পতিবাৰে যুৱতীগৰাকীৰ লগত সংঘটিত হয় এনে অনাকাংক্ষিত ঘটনা।

যুৱতীগৰাকীৰ মাতৃয়ে আৰক্ষীক জনাই যে, কন্যাই প্ৰথমবাৰৰ বাবে হোষ্টেলৰ পৰা ঘৰলৈ অহাৰ সময়ত সতীয়া পিতৃয়ে ধৰ্ষণ কৰিছিল। এই ঘটনাত যুৱতীগৰাকী ইমানেই ভয় খাইছিল যে ঘৰলৈ আহিব বিচৰা নাছিল।  বন্ধৰ দিনতো হোষ্টেলত থাকিব বিচাৰিছিল। বহু অনুৰোধৰ অন্তত এইবাৰ বন্ধৰ সময়ত ঘৰলৈ আহিছিল আৰু ৩০ জুনত হোষ্টেললৈ উভতি যোৱাৰ কথা আছিল। কিন্তু তাৰ পূৰ্বে সতীয়া পিতৃয়ে হত্যা কৰে যুৱতীগৰাকীক।

আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে সতীয়া পিতৃ বিকাশে সম্পত্তিৰ লোভত এই জঘন্য অপৰাধ সংঘটিত কৰিছে। তেওঁৰ পত্নীৰ গুথাম্বাত মাটি আছিল, সেই মাটি বিক্ৰী কৰি বিকাশে প্ৰায় ৩ কোটি লাভ কৰিছিল। বিক্ৰীৰ ধন বিকাশে পত্নীক মাত্ৰ ৮০ লাখ দি বাকীখিনি নিজৰ লগত ৰাখিছিল। ইয়াৰ পিছত তেওঁ বিজ্ঞানপুৰীৰ ঘৰটো ২.৫ কোটি টকাত বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু পত্নী আৰু সতীয়া কন্যাই এই কথাৰ বিৰোধিতা কৰিছিল, ইয়াক লৈ ঘৰত প্ৰতিদিনে কাজিয়াৰ সূত্ৰপাত হৈছিল। অভিযুক্তই ভাবিছিল যে যদি তেওঁ যুৱতীগৰাকীক হত্যা কৰে তেন্তে সকলো বাধা দূৰ হ’ব। তাৰ পাছতে এই সমগ্ৰ ঘটনা সংঘটিত কৰে।

বৰ্তমান আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ অন্তত এই ঘটনাৰ অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

অন্য খবৰ পঢ়কঃ মাত্ৰ ৫০,০০০ টকা! পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰা নৌ সেনাৰ কৰ্মচাৰী গ্ৰেপ্তাৰ…