এগৰাকী আইনৰ ছাত্ৰীৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি, শ্ৰেণী কোঠাৰ ভিতৰত ঘটিছিল ভয়ংকৰ ঘটনা
এখন আইন মহাবিদ্যালয়ত দলবদ্ধ যৌন নিৰ্যাতনৰ বলি হৈছে এগৰাকী ছাত্ৰী। কলকাতা আৰক্ষীয়ে এই গোচৰৰ তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ সূত্ৰ অনুসৰি অভিযুক্তৰ ভিতৰত আছে এগৰাকী প্ৰাক্তন ছাত্ৰ আৰু একেখন প্ৰতিষ্ঠানৰ দুজন কৰ্মচাৰী।

কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজত সংঘটিত এগৰাকী কনিষ্ঠ চিকিৎসকৰ যৌন নিৰ্যাতনৰ ঘটনাই জোকাৰি গৈছিল সমগ্ৰ দেশ। এইবাৰ পুনৰ কলকাতাত সংঘটিত হৈছে অনুৰূপ এক ঘটনা। এখন আইন মহাবিদ্যালয়ত দলবদ্ধ যৌন নিৰ্যাতনৰ বলি হৈছে এগৰাকী ছাত্ৰী। কলকাতা আৰক্ষীয়ে এই গোচৰৰ তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ সূত্ৰ অনুসৰি অভিযুক্তৰ ভিতৰত আছে এগৰাকী প্ৰাক্তন ছাত্ৰ আৰু একেখন প্ৰতিষ্ঠানৰ দুজন কৰ্মচাৰী। অভিযুক্তক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
যোৱা ২৫ জুনৰ সন্ধিয়া ৭:৩০ বজাৰ পৰা নিশা ১০:৫০ বজালৈ অভিযুক্তই নিৰ্মমভাৱে নিৰ্যাতন চলাইছিল ছাত্ৰীগৰাকীক। সহায় বিচাৰি চিৎকাৰ কৰিছিল ছাত্ৰীগৰাকীয়ে, কিন্তু সেই দানৱৰূপী নিৰ্যাতনকাৰীৰ পৰা তেওঁ ৰক্ষা নাপালে। ভুক্তভোগীৰ অভিযোগৰ পিছতে আৰক্ষীয়ে অভিযুক্তৰ সন্ধানত অভিযান তীব্ৰতৰ কৰি তোলে। অনেক বিচাৰ-খোচাৰৰ অন্তত তিনিওকে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
আৰক্ষীয়ে তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ মোবাইল জব্দ কৰিছে। তিনিওকে আদালতলৈ নিয়াৰ প্ৰস্তুতি চলোৱা হৈছে, য’ত অভিযুক্তক আৰক্ষীয়ে নিজৰ জিম্মাত বিচাৰিব। এজন বিষয়াই জনোৱা মতে, আৰক্ষীয়ে অভিযুক্তৰ পৰিয়ালৰ লোককো থানালৈ ফোন কৰি মাতি ঘটনা সন্দৰ্ভত সোধা-পোছা কৰিছে। অৱশ্যে এই সমগ্ৰ গোচৰৰ কোনো বিশেষ তথ্য দিয়া নাই পৰিয়ালৰ লোকে।
আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, কসবা আৰক্ষী থানাত উপস্থিত হয় যুৱতীগৰাকী। মহাবিদ্যালয়খনৰ দুগৰাকী কৰ্মচাৰী আৰু এগৰাকী প্ৰাক্তন ছাত্ৰৰ বিৰুদ্ধে দলবদ্ধ যৌন নিৰ্যাতনৰ এজাহাৰ দাখিল কৰে ভুক্তভোগীয়ে। তেওঁৰ অভিযোগৰ ভিত্তিত নেচনেল মেডিকেল কলেজত স্বাস্থ্য পৰীক্ষা কৰা হৈছে যুৱতীগৰাকীৰ।
কলেজৰ সূত্ৰ অনুসৰি অভিযুক্তৰ ভিতৰত এজন প্ৰাক্তন ছাত্ৰ। ২০২২ চনত তেওঁ ডিগ্ৰী পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছিল। সূত্ৰ অনুসৰি ভুক্তভোগী মহিলাগৰাকীয়ে আৰক্ষীক জনোৱা মতে, কলেজৰ এটা কোঠালৈ মাতি নি ছাত্ৰীগৰাকীক নিৰ্যাতন চলাইছিল। এটা অভিযুক্তই নিৰ্যাতন চলাইছিল আৰু বাকী দুই অভিযুক্তই মূল অভিযুক্তক সহায় কৰিছিল।