শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

স্বাস্থ্য-শিক্ষাখণ্ডত ‘সেৱা’ৰ লক্ষ্য আদানী গোটৰঃ গ্ৰহণ কৰিলে এনে পদক্ষেপ

আদানী গ্ৰুপৰ অংশ আদানী ফাউণ্ডেচনে মহাৰাষ্ট্ৰৰ ‘দত্ত মেঘ ইনষ্টিটিউট অৱ হায়াৰ এডুকেশ্যন এণ্ড ৰিচাৰ্চ’ (DMIHER)ৰ সৈতে সম্পৰ্ক স্থাপন কৰিছে। সুলভ মূল্যৰ স্বাস্থ্য শিক্ষা আৰু সেৱা প্ৰদানৰ বাবে DMIHERক উৎকৃষ্টতা কেন্দ্ৰ (CoE) হিচাপে গঢ়ি তোলাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

স্বাস্থ্য-শিক্ষাখণ্ডত ‘সেৱা’ৰ লক্ষ্য আদানী গোটৰঃ গ্ৰহণ কৰিলে এনে পদক্ষেপ
আদানী গোটে লৈছে গুৰুত্বপূৰ্ণ পদক্ষেপImage Credit source: PTI/Getty Images
monjit-dutta
Monjit Dutta | Published: 27 Jun 2025 13:13 PM

স্বাস্থ্য আৰু শিক্ষাৰ জগতখনক বিকশিত ৰূপত আগবঢ়াই নিয়াৰ উদ্দেশ্যে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আদানী গ্ৰুপে। ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ অংশ আদানী ফাউণ্ডেচনে মহাৰাষ্ট্ৰৰ ‘দত্ত মেঘ ইনষ্টিটিউট অৱ হায়াৰ এডুকেশ্যন এণ্ড ৰিচাৰ্চ’ (DMIHER)ৰ সৈতে সম্পৰ্ক স্থাপন কৰিছে। সুলভ মূল্যৰ স্বাস্থ্য শিক্ষা আৰু সেৱা প্ৰদানৰ বাবে DMIHERক উৎকৃষ্টতা কেন্দ্ৰ (CoE) হিচাপে গঢ়ি তোলাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই পদক্ষেপ আদানী গোটৰ অধ্যক্ষ গৌতম আদানীৰ ‘সেৱা হী সাধনা হ্যায়’ দৰ্শনৰ প্ৰকাশ হিচাপে গণ্য কৰা হৈছে।

এই অংশীদাৰিত্বই DMIHER ৰ শৈক্ষিক উদ্ভাৱন, ক্লিনিকেল গৱেষণা আৰু সম্প্ৰদায়ৰ স্বাস্থ্যসেৱা সম্প্ৰসাৰণ কৰিব বুলি আশা কৰা হৈছে। বৰ্তমান DMIHER ৰ অধীনত ১৫ খন প্ৰতিষ্ঠান আৰু ৫ খন শিক্ষণ চিকিৎসালয় পৰিচালিত হৈছে। ১৩টা বিভাগত ২১৭টা শিক্ষামূলক কাৰ্যসূচী—স্নাতক, স্নাতকোত্তৰ, ছুপাৰ-স্পেচিয়েলিটি, ডক্টৰেট আৰু ফেল’শ্বিপ পাঠ্যক্ৰম DMIHER ৰ অধীনত প্ৰদান কৰা হয়। এতিয়া আদানী গোটৰ সহযোগিতাই এই ব্যৱস্থা অধিক বিকশিত কৰি তুলিব বুলি আশা কৰা হৈছে।

DMIHER ৰ সৈতে এই সহযোগিতা আদানী গোটৰ ‘টেম্পল অফ হেলথকেয়াৰ’ ধাৰণাৰ সৈতে মিল থকা বুলিব পাৰি। আদানী গোটৰ বাবে চিকিৎসালয় কেৱল চিকিৎসাৰ স্থান নহয়; চিকিৎসালয়ক সন্মান, সেৱা আৰু মমতাৰ প্ৰতীক হিচাপে জ্ঞান কৰে আদানী গোটে। প্ৰধানমন্ত্ৰীৰ বিকশিত ভাৰত ২০৪৭ৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত এই পদক্ষেপক গুৰুত্বপূৰ্ণ হিচাপে বিবেচনা কৰা হৈছে।

আদানী ফাউণ্ডেশ্যনৰ অধ্যক্ষ ডাঃ প্ৰীতি আদানীয়ে এই সন্দৰ্ভত কয় যে, “গুণগত স্বাস্থ্য আৰু শিক্ষা সকলোৰে মৌলিক অধিকাৰ। আমি গৌৰৱান্বিত যে এই CoE- ৰ জৰিয়তে শৈক্ষিক উদ্ভাৱন, গৱেষণা আৰু কমিউনিটি কেয়াৰ একত্ৰিত হৈছে।” ইফালে DMIHERৰ প্ৰতিষ্ঠাপক শ্ৰী দত্ত মেঘে এই সহযোগিতাই আঞ্চলিক আৰু ৰাষ্ট্ৰীয় উন্নয়নৰ বাবে নতুন দিগন্ত মুকলি কৰিব বুলি মন্তব্য কৰে।

উল্লেখ্য যে শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আদানী ফাউণ্ডেশ্যনে ১৯৯৬ চনৰ পৰা ২১ খন ৰাজ্যৰ ৭০৬০ খন গাঁৱত আদানী ফাউণ্ডেশ্যনে কাম কৰি আহিছে। আদানী গোটৰ শিক্ষা, স্বাস্থ্য, পুষ্টি, জীৱিকা, জলবায়ু আৰু কমিউনিটি কেয়াৰ  প্ৰকল্পই ৯৬ লাখতকৈ অধিক লোকক উপকৃত কৰিছে। লগতে শিক্ষাখণ্ডৰ উন্নতিৰ বাবে কেইবাখনো শিক্ষানুষ্ঠান স্থাপন কৰিছে আদানী গোটে।