Morning News: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
Morning Headline: পুনৰ হিমাচল প্ৰদেশত প্ৰকৃতিৰ তাণ্ডৱ। নেৰানেপেৰা বৰষুণ আৰু ডাৱৰ বিস্ফোৰণৰ ফলত ভয়ংকৰ পৰিস্থিতি। এতিয়ালৈকে প্ৰায় ৫ জন লোকৰ মৃতদেহ উদ্ধাৰ।

বাতৰি
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- কংগ্ৰেছ নেত্ৰী তথা অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীৰ বিৰুদ্ধে মানহানিৰ গোচৰ প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক ৰিণিকী ভূঞা শৰ্মাৰ।মীৰা বৰঠাকুৰে অভিযোগ উত্থাপন কৰিছিল যে, মুখ্যমন্ত্ৰী পত্নীয়ে ধৰ্মীয় স্থানত পুঁজি সংগ্ৰহ কৰিছে।
- চৰাইদেউত সেনা-আৰক্ষীৰ ব্যাপক অভিযান। বিমলাপুৰ চাহ বাগিচাৰ মেনেজাৰসহ তিনিজনক গ্ৰেপ্তাৰ। তেওঁলোক ক্ৰমে মেনেজাৰ গোলাপ গগৈ, একাউণ্টেণ্ট প্ৰণৱ ফুকন আৰু নামতোলাৰ ব্যৱসায়ী সুনীল কুমাৰ শ্বাহ। অভিযোগ অনুসৰি তেওঁলোকে আলফা (স্বাঃ)ক ধন যোগান ধৰিছে।
- পুনৰ অখিল গগৈৰ মুখত ৩ গগৈৰ প্ৰসংগ। গগৈৰ মতে, তিনি গগৈ লগ লাগিলে জুই লাগিব মুখ্যমন্ত্ৰীৰ। গতিকে মিত্ৰতা দাবী কৰিছে অখিল গগৈয়ে। ইয়াৰ বিপৰীতে গৌৰৱ গগৈয়ে ইয়াৰ ক্ষেত্ৰত কৌশলগত স্থিতি গ্ৰহণ কৰি দলৰ শীৰ্ষ নেতৃত্বই সিদ্ধান্ত ল’ব বুলি কয়।
- গুৱাহাটীবাসীৰ বাবে ভাল খবৰ। ৬ জুলাইত মুকলি হ’’ব ৰুক্মিণীগাঁৱত নিৰ্মীয়মাণ উৰণ সেতুৰ। সামাজিক মাধ্যমযোগে এই খবৰ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
- অৱশেষত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হ’ল ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাসহ ৪ মহাকাশচাৰী। ভাৰতীয় সময় অনুসৰি বৃহস্পতিবাৰে বিয়লি তেওঁলোক উপস্থিত হয়। AXIOM-4 মিছনৰ তিনি সতীৰ্থৰ সৈতে ISSত উপস্থিত শুভাংশু শুক্লা। ১৪ দিন থাকিব মহাকাশত।
- পুনৰ হিমাচল প্ৰদেশত প্ৰকৃতিৰ তাণ্ডৱ। নেৰানেপেৰা বৰষুণ আৰু ডাৱৰ বিস্ফোৰণৰ ফলত ভয়ংকৰ পৰিস্থিতি। এতিয়ালৈকে প্ৰায় ৫ জন লোকৰ মৃতদেহ উদ্ধাৰ। ইয়াৰোপৰি নিৰুদ্দেশ হৈ আছে বহুতো। ঘটনাস্থলীত অব্যাহত উদ্ধাৰ অভিযান।
- বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক বৃহৎ ঘোষণা কৰে। তেওঁ কয় যে আমি চীনৰ সৈতে বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰিছো। অৱশ্যে দুয়োখন দেশৰ মাজত কেনেধৰণৰ চুক্তি স্বাক্ষৰ হৈছে এই সন্দৰ্ভত কোনো মত প্ৰকাশ কৰা নাই ট্ৰাম্পে।
- অহা সপ্তাহত ব্ৰাজিলত অনুষ্ঠিত হ’ব ব্ৰিকছ সন্মিলন। এই সন্মিলনত অংশগ্ৰহণৰ বাবে ব্ৰাজিল ভ্ৰমণ কৰিব পাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ব্ৰাজিলৰ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে ঘানা, ট্ৰিনিদাদ এণ্ড ট’বাগো, আৰ্জেণ্টিনা আৰু নামিবিয়া ভ্ৰমণ কৰিব পাৰে।