কেনেকৈ স্বামীৰ পৰিয়ালৰ লোকে প্ৰাণ লৈছিল মহিলাৰ? ৫০০ পৃষ্ঠাৰ ছাৰ্জশ্বীটত ভয়ংকৰ তথ্য…
কিছুদিন পূৰ্বে সংঘটিত হোৱা এক হত্যাকাণ্ডই সমগ্ৰ দেশত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। এগৰাকী মহিলাক স্বামীৰ পৰিয়ালৰ লোকে জীৱন্তে জ্বলাই হত্যা কৰিছিল। এই ঘটনাৰ ছাৰ্জশ্বীট দাখিল কৰিছে আৰক্ষীয়ে।
কিছুদিন পূৰ্বে এক হত্যাকাণ্ডই জোকাৰি গৈছিল সমগ্ৰ দেশ। নিক্কি হত্যাকাণ্ড সন্দৰ্ভত এতিয়া আৰক্ষীয়ে আদালতত ৫০০ পৃষ্ঠাৰ ছাৰ্জশ্বীট দাখিল কৰিছে। সেই অনুসৰি, মহিলাগৰাকীক পৰিকল্পিতভাৱে জীৱন্তে জ্বলাই হত্যা কৰিছিল স্বামীৰ পৰিয়ালে। এই অভিযোগ উত্থাপন হৈছে মহিলাগৰাকীৰ স্বামী বিপিন, ভাতৃ ৰোহিত, শহুৰেত সত্যবীৰ আৰু শাহুয়েকৰ বিৰুদ্ধে। বৰ্তমান আটাইকেইজন কাৰাগাৰত আছে।
ছাৰ্জশ্বীটত আৰক্ষীয়ে উল্লেখ কৰিছে যে, মহিলাগৰাকীক হত্যাৰ ষড়যন্ত্ৰ ৰচা হৈছিল। তদন্তৰ সময়ত আৰক্ষীয়ে চিকিৎসাকৰ্মীৰ সৈতেও কথা পাতিছিল। প্ৰথম অৱস্থাত পোহৰলৈ আহিছিল যে মহিলাগৰাকী গেছ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত মৃত্যু হৈছিল। কিন্তু ফৰেন্সিক তদন্তত অন্য কাৰণ পোহৰলৈ আহে। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা বিচনা চাদৰ, কাপোৰ, থিনাৰৰ বটল, গেছ আদি জব্দ কৰিছিল। আৰক্ষীয়ে কৈছে যে, থিনাৰৰ সহায়ত জুই লগোৱা হৈছিল।
ভিডিঅ’ বনাইছিল
ছাৰ্জশ্বীটত আৰক্ষীয়ে উল্লেখ কৰিছে যে, মহিলাগৰাকী আৰ তেওঁৰ ভগ্নীয়ে সামাজিক মাধ্যমক ৰীল বনাইছিল। এই কথা বিপিন আৰু শাহুৱেকে ভাল পোৱা নাছিল। বাৰে বাৰে সতৰ্ক কৰাৰ পাছতো ভিডিঅ’ বনাইছিল। যাৰ ফলত স্বামী-স্ত্ৰীৰ মাজত দীৰ্ঘদিন ধৰি কাজিয়া চলি আছিল। সম্ভৱতঃ এইবাবে এই কাণ্ড সংঘটিত হয়। কিন্তু মহিলাগৰাকীৰ পিতৃয়ে অভিযোগ কৰা অনুসৰি, বিপিনৰ পৰিয়ালৰ লোকে যৌতুক দাবী কৰি আছিল। কোটি কোটি টকাৰ যৌতুক দিয়াৰ পাছতো দামী গাড়ী, টকা দাবী কৰি আছিল।
ঘটনাটো কি আছিল
যোৱা ২১ আগষ্টত উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়দাত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ কাণ্ড। এগৰাকী মহিলাক শহুৰেকৰ ঘৰৰ মানুহে প্ৰথমে প্ৰহাৰ কৰি পাছত জুই লগাই দিয়ে। মহিলাগৰাকীৰ এটা পুত্ৰ সন্তানো আছে। যিয়ে ভাষ্য প্ৰদান কৰিছিল যে, তেওঁৰ আগতেই মাতৃৰ শৰীৰত জুই লগাই দিছিল। পৰৱৰ্তী সময়ত তেওঁক হাস্পাতাললৈ নিয়া হয় যদিও মৃত্যুক সাৱতি লয়। এই ঘটনাৰে এতিয়া ছাৰ্জশ্বীট দাখিল কৰিছে আৰক্ষীয়ে।
অন্য খবৰ পঢ়কঃ ভগৱানে মাতি আছে… সহিব নোৱাৰিলে ডাঙৰ কন্যাৰ মৃত্যুৰ খবৰ, শেষ হৈ গ’ল এটা পৰিয়াল…