শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

নাপালে ৫ লাখ টকা! ৪ মাহৰ গৰ্ভৱতী মহিলাৰ সৈতে ভয়ংকৰ কাণ্ড স্বামীৰ পৰিয়ালৰ…

বৰ্তমান আধুনিক যুগ! কিন্তু এনে আধুনিক সময়তো বহু মহিলাই অকালতে প্ৰাণ হেৰুৱাবলগীয়া হয়। শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে যিয়ে আচৰিত কৰি তুলিব আপোনাক। এগৰাকী ন-বিবাহিতাক হত্যা কৰে স্বামীৰ পৰিয়ালৰ লোকে।

নাপালে ৫ লাখ টকা! ৪ মাহৰ গৰ্ভৱতী মহিলাৰ সৈতে ভয়ংকৰ কাণ্ড স্বামীৰ পৰিয়ালৰ…
স্বামী-স্ত্ৰীImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 05 Oct 2025 20:30 PM

এটি পৰিয়াল বা এগৰাকী কন্যাই নিজৰ বিবাহক লৈ বহু সপোন দেখে! কিন্তু একাংশ পাষাণ মনৰ মানুহৰ বাবে আজিৰ দিনটো বহু মহিলাই অকালতে মৃত্যুত সাৱতি ল’বলগীয়া হয়। শেহতীয়াকৈ এনে এক খবৰ পোহৰলৈ আহিছে যিয়ে আচৰিত কৰি তুলিব আপোনাক। এগৰাকী মহিলাক বিবাহৰ ৬ মাহৰ পাছতেই অতি নিৰ্মমভাৱে হত্যা কৰা হয়। মৃত্যুৰ সময়ত মহিলাগৰাকী আছিল  ৪ মাহৰ গৰ্ভৱতী। এই নৃশংস হত্যাকাণ্ডৰ অভিযোগ মহিলাগৰাকীৰ স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপন হৈছে। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মইনপুৰীত।

অভিযোগ অনুসৰি, মহিলাগৰাকীক শহুৰেকৰ পৰিয়ালে দীৰ্ঘদিন ধৰি যৌতুক দাবী কৰি আছিল। শহুৰেকে এটা টেণ্ট হাউচ খুলিবলৈ বোৱাৰীক মাতৃৰ ঘৰৰ পৰা ৫ লাখ টকা আনিবলৈ হেঁচা প্ৰয়োগ কৰিছিল। কিন্তু এই টকা আনি দিব নোৱাৰাত মহিলাগৰাকীক মৰিয়াই মৰিয়াই হত্যা কৰা হয়। পৰৱৰ্তী সময়ত প্ৰমাণ নষ্ট কৰিবলৈ  শহুৰেকৰ পৰিয়ালৰ লোকে মৃতদেহটো পথাৰত নি জ্বলাই দিয়ে।

এই ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জনাই যে, চলিত বৰ্ষৰ ২১ এপ্ৰিলত কোটোৱালি থানা এলেকাৰ ৰংপুৰ গাঁৱৰ বাসিন্দা যুৱতীগৰাকীৰ গোপালপুৰ গাঁৱৰ নিবাসী শচীনৰ সৈতে বিয়া হৈছিল।  সেই মহিলাগৰাকীৰ এতিয়া মৃত্যু হৈছে।

মৃতৰ মাতৃ সুনীতা দেৱীয়ে অভিযোগ কৰে যে বিয়াৰ সময়ত দিয়া যৌতুকক লৈ তেওঁলোকৰ কন্যাৰ স্বামী শচীন, ভাতৃ প্ৰাণশু আৰু আত্মীয় ৰামনাথ, দিব্য, টিনা সন্তুষ্ট নাছিল। তেওঁলোকে বাৰে বাৰে ন-কইনাক ঘৰৰ পৰা ৫ লাখ টকা আনিবলৈ হেঁচা প্ৰয়োগ কৰিছিল।

যেতিয়া তেওঁলোকৰ দাবী পূৰণ নহয় তেতিয়া মহিলাগৰাকীক হত্যা কৰে। ৩ অক্টোবৰত মহিলাগৰাকীক হত্যা কৰি তেওঁলোকে পথাৰলৈ নি জ্বলাই দিয়ে। তথ্য অনুসৰি মৃত্যুৰ সময়ত মহিলাগৰাকী ৪ মাহৰ গৰ্ভৱতী আছিল। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। গতিকে তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ আহিব।

 

অন্য খবৰ পঢ়কঃ ভাৰতক মুকলি ভাবুকি পাকিস্তানৰ! ক’লে, ধ্বংসাৱশেষৰ তলত সোমাই পৰিব যদিহে…