শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ভাৰতক মুকলি ভাবুকি পাকিস্তানৰ! ক’লে, ধ্বংসাৱশেষৰ তলত সোমাই পৰিব যদিহে…

পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে ভাবুকি প্ৰদান কৰিছে ভাৰতক। যদি ভাৰতে কিবা দুঃসাহস কৰে তেন্তে ইয়াৰ উচিত প্ৰত্যুত্তৰ পাব বুলি তেওঁ কয়। লগতে কয় যে, ভাৰতে নিজৰ বিমানৰ ধ্বংসাৱশেষৰ তলত পোত যাব।

ভাৰতক মুকলি ভাবুকি পাকিস্তানৰ! ক’লে, ধ্বংসাৱশেষৰ তলত সোমাই পৰিব যদিহে…
পাকিস্তানImage Credit source: PTI
barasha-sarma
Barasha Sarma | Published: 05 Oct 2025 19:47 PM

অপাৰেশ্যন সেন্দূৰৰ পাছতো যেন সঠিক পথলৈ অহা নাই পাকিস্তান। দেওবাৰে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে ভাৰতক ভাবুকি প্ৰদান কৰে। তেওঁ কয়, ভাৰতে যদি ভৱিষ্যতে কিবা দুঃসাহস দেখুৱাই তেন্তে পাকিস্তানে সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰি প্ৰত্যুত্তৰ দিব। ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে দিয়া সতৰ্কবাণীৰ পাছতে পাক মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰিছে।

সামাজিক মাধ্যমত তেওঁ কৈছে যে, “ভাৰত চৰকাৰে ঘৰুৱা সমস্যাৰ পৰা দৃষ্টি আঁতৰ কৰিবলৈ উত্তেজনা বৃদ্ধি কৰিছে। পাকিস্তান আল্লাহৰ নামত সৃষ্টি কৰা দেশ, আৰু আমাৰ ৰক্ষক আল্লাহৰ সৈনিক। এইবাৰ ইনশ্বাল্লাহ ভাৰতক নিজৰ বিমানৰ ধ্বংসাৱশেষৰ তলত সমাধিস্থ কৰা হ’ব। আল্লাহ আকবৰ”।

পাকিস্তানৰ বিমান ধংস

শুকুৰবাৰে ভাৰতীয় বায়ুসেনাৰ মুৰব্বী এ পি সিঙে কয়, অপাৰেশ্যন সেন্দূৰৰ সময়ত ভাৰতে পাকিস্তানৰ কেইবাটাও সামৰিক ঘাটি আৰু এফ-১৬ৰ দৰে আমেৰিকাৰ যুদ্ধ বিমান ধ্বংস কৰিছিল। এয়াৰ চিফ মাৰ্শ্বাল অমৰ প্ৰীত সিঙে কয় যে, ভাৰতে পাকিস্তানৰ এয়াৰবেছত তিনিটা হেংগাৰত আক্ৰমণ চলাইছিল, যাৰ ফলত ৪-৫ খন বিমান ক্ষতিগ্ৰস্ত হৈছিল। ইয়াৰ ভিতৰত এফ-১৬ বিমান আছিল। ইয়াৰোপৰি আৰু তেওঁলোকে পাকিস্তানৰ ক্ষতিৰ বিভিন্ন তথ্য দাঙি ধৰিছিল।

ইমানেই নহয়, ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পাকিস্তানৰ ইতিহাস আৰু ভূগোল সলনি কৰাৰো সতৰ্কবাণী দিছিল। তেওঁ কৈছিল, “ভাৰতীয় সেনা আৰু বি এছ এফে সীমান্তক সুৰক্ষা দি আছে। কিন্তু পাকিস্তানে ছাৰ ক্ৰিক অঞ্চলত যদি কোনো দুঃসাহস দেখুৱাই, তেন্তে এনে সঁহাৰি দিয়া হ’ব যে পাকিস্তানৰ ইতিহাস আৰু ভূগোল সলনি হৈ পৰিব”।

০-৬ গলত পৰাজয়

ইয়াৰ পাছতে পাকিস্তানৰ মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে ইয়াৰ প্ৰত্যুত্তৰ দিয়ে। ভাৰতীয় সামৰিক আৰু ৰাজনৈতিক নেতৃত্বৰ বক্তব্যক তেওঁ ব্যৰ্থ প্ৰচেষ্টা বুলি অভিহিত কৰে। লগতে কয় যে, এনেধৰণৰ বক্তব্য দি ভাৰতে নিজৰ হেৰুৱা বিশ্বাসযোগ্যতা পুনৰ লাভ কৰিবলৈ চেষ্টা কৰিছে। ০-৬ গলত পৰাজয়ৰ বদনাম লুকুৱাবলৈ চেষ্টা কৰিছে ভাৰতে। অৱশ্যে তেওঁৰ ০-৬ গলৰ অৰ্থ কি সেয়া জানিব পৰা হোৱা নাই।

 

অন্য খবৰ পঢ়কঃ ট্ৰাম্পৰ নতুন সিদ্ধান্ত! বিপদত শ শ মুছলিম আৰু শিখ ধৰ্মৰ লোক, এতিয়াৰ পৰা এইসকলে ৰাখিব নোৱাৰিব দাড়ি…