শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বিয়া আছিল ১৮ মাহৰ, বিচ্ছেদৰ গোচৰ চলিল ৮বছৰ! মহিলাই ভৰণ-পোষণৰ নামত দাবী কৰিলে ১২ কোটি টকা, BMW আৰু…

আজিকালি বিবাহ বিচ্ছেদৰ পাছত একাংশ মহিলাই স্বামীৰ পৰা লাখ লাখ টকা দাবী কৰে। শেহতীয়াকৈ এক গোচৰ পোহৰলৈ আহিছে য'ত এগৰাকী মহিলাই স্বামীৰ পৰা ১২ কোটি টকা দাবী কৰিছে।

বিয়া আছিল ১৮ মাহৰ, বিচ্ছেদৰ গোচৰ চলিল ৮বছৰ! মহিলাই ভৰণ-পোষণৰ নামত দাবী কৰিলে ১২ কোটি টকা, BMW আৰু…
উচ্চতম ন্যায়ালয়Image Credit source: Pradeep Gaur/SOPA Images/LightRocket via Getty Images
barasha-sarma
Barasha Sarma | Updated On: 07 Aug 2025 11:59 AM

বিবাহ আছিল মাত্ৰ ১৮ মাহৰ, কিন্তু বিবাহ বিচ্ছেদৰ গোচৰ চলিল ৮ বছৰ। অৱশেষত এই গোচৰত ৰায় প্ৰদান কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। এই সময়চোৱাত বিপুল পৰিমাণৰ জীৱিকা বা ভৰণ-পোষণৰ দাবী উত্থাপন কৰা পত্নীক কঠোৰ ধমক দিয়ে উচ্চতম ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ বিচাৰপীঠে মহিলাগৰাকীক কয়, “যদি আপুনি শিক্ষিত, তেন্তে ভিক্ষা নুখুজিব। নিজৰ বাবে নিজে উপাৰ্জন কৰক।”

সোমবাৰে উচ্চতম ন্যায়ালয়ে এহাল দম্পতীৰ বিবাহ বিচ্ছেদৰ গোচৰত ৰায়দান কৰে। দম্পতীহালক বিবাহ বিচ্ছেদৰ অনুমতি দিয়াৰ লগতে মহিলাগৰাকীক মুম্বাইত এটা ফ্লেট ভৰণ-পোষণ হিচাপে দিয়া হয়। জানিব পৰা মতে, মহিলাগৰাকীয়ে বিচ্ছেদিত স্বামীৰ পৰা ১২ কোটিৰ লগতে মুম্বাইৰ এটা ফ্লেট, বিএমডব্লিউ গাড়ী আৰু আন বহু দামী দামী সম্পত্তিৰ দাবী জনাইছিল। কিন্তু  সৰ্বোচ্চ ন্যায়ালয়ে মহিলাগৰাকীৰ এই দাবীক অনৈতিক বুলি অভিহিত কৰে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাই, ন্যায়াধীশ কে বিনোদ চন্দ্ৰন আৰু ন্যায়াধীশ এন ভি আঞ্জৰিয়াৰ বিচাৰপীঠে বিবাহ বিচ্ছেদ মঞ্জুৰ কৰে।

জানিব পৰা মতে, ২০২২ চনত মহিলাগৰাকীয়ে পাৰস্পৰিক নিষ্পত্তি চুক্তি  (Mutual Settlement Agreement) ত স্বাক্ষৰ কৰিছিল, য’ত তেওঁ বিবাহ বিচ্ছেদৰ নিষ্পত্তি হিচাপে মুম্বাইত দুটা পাৰ্কিং লট থকা এটা ফ্লেটৰ দাবী কৰিছিল। সেই সময়ত তেওঁ কোনো স্থায়ী ৰক্ষণাবেক্ষণৰ কথা কোৱা নাছিল। কিন্তু তাৰ পাছত মহিলাগৰাকী বোম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপে আৰু সেই চুক্তি মানি ল’বলৈ অস্বীকাৰ কৰে। পাছত উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই তেওঁৰ স্বামীয়ে উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হয়।

সেই চুক্তিৰ কথা উল্লেখ কৰি উচ্চতম ন্যায়ালয়ে কয় যে ১২ কোটি টকাৰ ৰক্ষণাবেক্ষণ দাবীৰ কোনো আইনী ভিত্তি নাই। লগতে কোনো ধৰণৰ প্ৰৱঞ্চনা সংঘটিত হোৱা নাই বুলিও উল্লেখ কৰে।

উল্লেখ কৰা প্ৰয়োজন যে, মহিলাগৰাকী উচ্চ শিক্ষিত। আই টি খণ্ডত কাম কৰে। জানিব পৰা মতে, বিয়াৰ মাত্ৰ ১৮ মাহ পাছতেই তেওঁ বিবাহ-বিচ্ছেদৰ সিদ্ধান্ত গ্ৰহণ কৰি ১২ কোটি টকা দাবী কৰিছিল। যোৱা জুলাই মাহত শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ বি আৰ গাভাইয়ে মহিলাগৰাকীৰ এই দাবীক গৰিহণা দি কয় যে, “আপুনি ইমান শিক্ষিত। খাদ্যৰ বাবে ভিক্ষা কৰা নহয়, নিজৰ জীৱিকা নিৰ্বাহ কৰা উচিত।”

মুখ্য ন্যায়াধীশগৰাকীয়ে লগতে কয়, “আপোনালোকৰ বিবাহ মাত্ৰ ১৮ মাহ চলিল। এতিয়া আপোনাক BMW লাগে? মাহে ১ কোটি টকা লাগে?” ইয়াৰোপৰি ন্যায়ালয়ে মহিলাগৰাকীয়ে নিজক পোহপাল দিবলৈ সক্ষম আৰু তেওঁৰ স্বামীৰ আৰ্থিক অৱনতি ঘটাৰ কথাও উল্লেখ কৰে। জানিব পৰা মতে. মহিলাগৰাকীৰ স্বামীয়ে পূৰ্বতে চিটিবেংকত কাম কৰিছিল, য’ত তেওঁ বছৰি ২.৫ কোটি টকা উপাৰ্জন কৰিছিল। কিন্তু এতিয়া তেওঁ নিবনুৱা হৈ পৰিছে। তেওঁৰ বাৰ্ষিক আয় ১৮ লাখ টকালৈ হ্ৰাস পাইছে।

 

 

অন্য খবৰ পঢ়কঃ মাত্ৰ ১৫ ছেকেণ্ডৰ ভিতৰত ধ্বংস হ’ব পাৰে সকলো! ইলন মাস্কৰ AI ৰ বৈশিষ্ট্য শুনি চকু কপালত উঠিব আপোনাৰ…