শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

সন্ধিয়া ৪ বজাৰ লগে লগে ক’লৈ গৈছিল শ্বাহিনা? চিকিৎসকগৰাকী সন্দৰ্ভত ন ন তথ্য পোহৰলৈ…

দিল্লীৰ বিস্ফোৰণ কাণ্ডৰ পূৰ্বে গ্ৰেপ্তাৰ হৈছিল মহিলা চিকিৎসক শ্বাহিনা শ্বাহিদ। এইগৰাকী মহিলা চিকিৎসকৰ ঘৰৰ পৰা কেইবাকেজি বিস্ফোৰক সামগ্ৰী আৰু বহু অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হৈছিল। পিছে এইগৰাকী চিকিৎসকৰ আচৰণো আছিল বহু বেলেগ।

সন্ধিয়া ৪ বজাৰ লগে লগে ক’লৈ গৈছিল শ্বাহিনা? চিকিৎসকগৰাকী সন্দৰ্ভত ন ন তথ্য পোহৰলৈ…
শ্বাহিনা
barasha-sarma
Barasha Sarma | Updated On: 14 Nov 2025 11:55 AM

দিল্লী বিস্ফোৰণ কাণ্ডৰ পাছতে চৰ্চাত আছে এটা নাম, শ্বাহিনা শ্বাহিদ। এইগৰাকী মহিলা চিকিৎসকৰ ফৰিদাবাদস্থিত ঘৰৰ পৰা উদ্ধাৰ হৈছিল বহু পৰিমাণৰ বিস্ফোৰক সামগ্ৰী আৰু অস্ত্ৰ-শস্ত্ৰ। আনকি তেওঁ  বিশ্ববিদ্যালয়ত বিস্ফোৰণৰ বাবে ‘ক্ৰাউড ফাণ্ডিং’ কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে। পিছে কেৱল চিকিৎসক হিচাপে নহয়,সংশ্লিষ্ট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়খনত তেওঁ আচৰিত আচৰণৰ বাবে চিনাকী আছিল।

সৰ্বভাৰতীয় সংবাদ মাধ্যম এনডিটিভিৰ এক প্ৰতিবেদন অনুসৰি, বিশ্ববিদ্যালয়ত পঢ়ি থকাৰ সময়ত শ্বাহিনাই নিজৰ লগত এডাল জপমালা বা আৰবী ভাষাত ‘তছবীহ’ ৰাখিছিল। তেওঁৰ হাতত হাদীছৰ কিতাপ এখনো আছিল। তেওঁৰ প্ৰকৃত কাম সন্ধিয়া ৪ বজাৰ পৰা আৰম্ভ হৈছিল। সন্ধিয়াৰ লগে লগে তেওঁ নিৰুদ্দেশ হৈ পৰিছিল। কাকো নোকোৱাকৈ তেওঁ গুচি গৈছিল ক’ৰবালৈ । কিন্তু কি আছিল সেই প্ৰকৃত কাম? শ্বাহিনাৰ সতীৰ্থই কয় যে, তেওঁৰ ব্যৱহাৰ একেবাৰে বেলেগ আছিল। তেওঁ প্ৰতিষ্ঠানটোৰ কোনো নিয়ম পালন কৰা নাছিল। কেৱল নিজৰ মাজত আছিল।

উল্লেখ কৰা প্ৰয়োজন যে, দিল্লীৰ বিস্ফোৰণৰ ঘটনাৰ সৈতে এইগৰাকী মহিলা চিকিৎসকৰ বিৰুদ্ধে এতিয়ালৈকে কোনো প্ৰত্যক্ষ অভিযোগ নাই। কিন্তু সোমবাৰে জম্মু-কাশ্মীৰ আৰু উত্তৰ প্ৰদেশ আৰক্ষীয়ে যৌথ অভিযান চলাই লক্ষ্ণৌত থকা তেওঁৰ ঘৰৰ পৰা এক কে-৪৭ এছাল্ট ৰাইফলৰ লগতে কেইবাকেজি বিস্ফোৰক উদ্ধাৰ কৰিছিল। পাছত গ্ৰেপ্তাৰ হৈছিল শ্বাহিনা।

সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, ফৰিদাবাদৰ চিকিৎসক মহম্মদ মুজাম্মিলৰ পৰা শ্বাহীনাৰ বিষয়ে আৰক্ষী অৱগত হৈছিল।  তাৰ পাছত আৰক্ষীয়ে তেওঁৰ ঘৰৰ পৰা মুঠ ৩৬০ কেজি বিস্ফোৰক আৰু বহু অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিছিল। লগতে ২০টা বোমাৰ বাবে টাইমাৰ, ৰিম’ট, ৱাকি-টকিও উদ্ধাৰ হৈছিল।

চিকিৎসকৰ পৰা সন্ত্ৰাসবাদীলৈ

তথ্য অনুসৰি, শ্বাহিনাৰ পিতৃ ছিদ আনছাৰী বন বিভাগৰ কৰ্মচাৰী আছিল। পিতৃ-মাতৃৰ দ্বিতীয় সন্তান শ্বাহিনা। তেওঁৰ দুজন ভাতৃ আৰু এগৰাকী ভগ্নী আছে। শ্বাহিনাই মহাৰাষ্ট্ৰৰ জাফৰ হাৱাত নামৰ এজন ব্যক্তিৰ লগত বিয়া হৈছিল যদিও ২০১৫ চনত বিবাহ বিচ্ছেদ হৈছিল। তাৰ পাছত শ্বাহিনা কানপুৰ মেডিকেল কলেজৰ চাকৰি এৰি ফৰিদাবাদলৈ গুচি যায়। তদন্তত পোহৰলৈ অহা অনুসৰি, বিবাহ বিচ্ছেদৰ পাছত কেইবাদিনৰ বাবে শ্বাহিনা নিৰুদ্দেশ হৈছিল। গতিকে সেই সময়ত শ্বাহিনা ক’লৈ গৈছিল, এই সময়চোৱাত জৈছ-ই-মহম্মদৰ সৈতে সম্পৰ্ক আছিল নেকি সেই সকলো সন্দৰ্ভত তদন্ত চলি আছে।

 

অন্য খবৰ পঢ়কঃ সন্ত্ৰাসবাদীৰ ঘৰত বুলড’জাৰ! ভাঙি পেলোৱা হ’ল দিল্লী বিস্ফোৰণৰ অভিযুক্ত ডাঃ ওমৰৰ বাসগৃহ…