শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

চাকৰি পাবা, কেৱল মোক ৪০ হাজাৰ টকা আৰু…যুৱকৰ অশ্লীল প্ৰস্তাৱ শুনি হতবাক মহিলা…

একাংশ লোকে চাকৰি দিয়াৰ নামত আজিও কিছুমান দুৰ্নীতি সংঘটিত কৰি আহিছে। শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে। এজন ৱাৰ্ড বয়ে এগৰাকী মহিলাক চাকৰি দিয়াৰ নামত বেয়া প্ৰস্তাৱ দিয়ে।

চাকৰি পাবা, কেৱল মোক ৪০ হাজাৰ টকা আৰু…যুৱকৰ অশ্লীল প্ৰস্তাৱ শুনি হতবাক মহিলা…
মহিলাগৰাকী
Barasha Sarma
Barasha Sarma | Published: 09 Nov 2025 15:55 PM

একাংশ লোকে সহজ পদ্ধতিৰে টকা ঘটিবলৈ বিভিন্ন কু-কাণ্ড কৰে। শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে য’ত এখন হাস্পাতালতৰ এজন ৱাৰ্ড বয়ে এগৰাকী মহিলাক চাকৰি দিয়াৰ নামত অশ্লীল প্ৰস্তাৱ দিয়ে। ইমানেই নহয়, মহিলাগৰাকীক তেওঁ ৪০ হাজাৰ টকাও দাবী কৰিছে। ৱাৰ্ড বয়জনে মহিলাগৰাকীক স্বাস্থ্য বিভাগত ৱাৰ্ড আয়া হিচাপে নিযুক্তি দিয়াৰ কথা নিশ্চিত কৰি এই প্ৰস্তাৱ দিছিল। কিন্তু তাৰ পাছতে মহিলাগৰাকীয়ে যুৱকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। এই ঘটনা সংঘটিত হৈছে ছত্তীশগড়ৰ ধামটৰীত।

এজাহাৰৰ পাছতেই গ্ৰেপ্তাৰ কৰা হৈছে যুৱকজনক। জানিব পৰা মতে, দলিত সম্প্ৰদায়ৰ এগৰাকী মহিলাই  চিটি কোতৱালি থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে। এজাহাৰত মহিলাগৰাকীয়ে উল্লেখ কৰে যে, যোৱা ছেপ্টেম্বৰ মাহত তেওঁ চাকৰিৰ বাবে আবেদন দাখিল কৰাৰ পাছতেই ৰাহুল ইলামকাৰ নামৰ এজন যুৱকৰ পৰা ফোন লাভ কৰিছিল। ৰাহুলে তেওঁক লগ কৰিবলৈ মাতিছিল।

পাছদিনা মহিলাগৰাকী যুৱকজনে কোৱা স্থানত উপস্থিত হয়, কিন্তু পাছত তেওঁৰ পৰা ৪০ হাজাৰ টকা দাবী কৰে ৰাহুলে। লগতে যুৱকজনে মহিলাগৰাকীক যৌন সম্পৰ্কৰ প্ৰস্তাৱ আগবঢ়ায়। ৰাহুলে কয়- “মোৰ লগত যৌন সম্পৰ্ক স্থাপন কৰা, তুমি চাকৰিটো পাবা”। কিন্তু যেতিয়া মহিলাগৰাকী মান্তি নহয় তেতিয়া ৰাহুলে অশ্লীল আচৰণ কৰিবলৈ আৰম্ভ কৰে। ইমানেই নহয়, মহিলাগৰাকীৰ সৈতে যুৱকজনে জঘন্য কাণ্ড সংঘটিত কৰে।

তাৰ পাছতে মহিলাগৰাকীয়ে ঘটনা সন্দৰ্ভত আৰক্ষীৰ কাষ চাপে। শেহতীয়াকৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে মহিলাগৰাকীৰ অভিযোগ সঁচা। বৰ্তমান অভিযুক্তক আৰক্ষীয়ে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। অভিযুক্তৰ পৰা আৰক্ষীয়ে মোবাইল ফোন জব্দ কৰি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

 

অন্য খবৰ পঢ়কঃ মোদী মোৰ বন্ধু, শীঘ্ৰেই মই ভাৰত ভ্ৰমণ কৰিম…ট্ৰাম্পৰ পুনৰ এক ডাঙৰ দাবী…