ইচ্ছামতে মাটি অধিগ্ৰহণ কৰিব নোৱাৰিব ৱাকফে ! ৰাষ্ট্ৰপতি স্বাক্ষৰ পাছতে আইনত পৰিণত হ’ল ৱাকফ সংশোধনী বিধেয়ক
সংসদৰ দুয়োটা সদতে গৃহীত হোৱাৰ ৪৮ ঘন্টাৰ ভিতৰতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৱাকফ সংশোধনী বিধেয়কত স্বাক্ষৰ কৰে। ৰাষ্ট্ৰপতিৰ স্বাক্ষৰত ৱাকফ সংশোধনী আইনত পৰিণত হয়। এতিয়া সলনি হৈছে ৱাকফৰ সম্পত্তি দাবীৰ পৰা আৰম্ভ কৰি পৰিচালনাৰ নিয়ম।
 
                                আইনত পৰিণত হ’ল ৱাকফ (সংশোধনী) বিধেয়ক । সংসদৰ দুয়োটা সদতে গৃহীত হোৱাৰ ৪৮ ঘন্টাৰ ভিতৰতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৱাকফ সংশোধনী বিধেয়কত স্বাক্ষৰ কৰে। ৰাষ্ট্ৰপতিৰ স্বাক্ষৰত ৱাকফ সংশোধনী আইনত পৰিণত হয়। এতিয়া সলনি হৈছে ৱাকফৰ সম্পত্তি দাবীৰ পৰা আৰম্ভ কৰি পৰিচালনাৰ নিয়ম।
১২ ঘণ্টীয়া আলোচনাৰ অন্তত ৩ এপ্ৰিলৰ ৰাতি ২ বজাত লোকসভাত ৱাকফ সংশোধনী বিধেয়ক গৃহীত হয়। এই বিধেয়কখন সপক্ষে ২৮৮ টা আৰু বিপক্ষে ২৩২টা ভোট লাভ কৰি গৃহীত হয়। পিছদিনা ৰাজ্যসভাত উত্থাপন কৰা হয় বিধেয়কখন। ৪ এপ্ৰিলৰ মাজনিশা ৰাজ্যসভাতো ৱাকফ বিধেয়কখন ১২৮ ভোটৰ বিপৰীতে ৯৫ ভোটত গৃহীত হয়। তাৰ পিছত বিধেয়কখন আইনলৈ ৰূপান্তৰিত কৰিবলৈ মাত্ৰ ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ প্ৰয়োজন আছিল।
শনিবাৰে নিশা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৱাকফ সংশোধনী বিধেয়কত স্বাক্ষৰ কৰে। কেন্দ্ৰীয় চৰকাৰে গেজেটত অধিসূচনা জাৰি কৰাৰ দিনৰে পৰা এই আইন কাৰ্যকৰী হ’ব।
কেন্দ্ৰই উল্লেখ কৰিছে যে, এই নতুন আইনখনে দেশৰ ৱাকফ সম্পত্তিৰ পৰিচালনা আৰু প্ৰশাসনিক ব্যৱস্থা উন্নত কৰিবলৈ চেষ্টা কৰিব। ৱাকফৰ সম্পত্তিলৈ স্বচ্ছতা আহিব। নতুন আইন অনুসৰি, এতিয়াৰ পৰা ৱাকফ কাউন্সিলত সৰ্বাধিক ৪ জন অমুছলমান প্ৰতিনিধি থাকিব। লগতে থাকিব ২ গৰাকী মহিলা প্ৰতিনিধি।
ৱাকফে আৰু কোনো সম্পত্তি নিজৰ বুলি দাবী কৰিব নোৱাৰিব। জিলা দণ্ডাধীশে এই দাবী পুনৰীক্ষণ কৰিব। ৱাকফ সেই মাটিৰ মালিক হয় নে নহয় সেই সন্দৰ্ভত জিলা দণ্ডাধীশে ল’ব চূড়ান্ত সিদ্ধান্ত। এই আইনক প্ৰত্যাহ্বান জনাই কংগ্ৰেছ আৰু AIMIM-এ ইতিমধ্যে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক : আপোনাৰ দিনটো আৰম্ভ কৰক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে…
 
                         
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
 
		 
 
		 
 
		 
 
		 
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
	  
		
         
                       
                       
                      