শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

পুটিনক সাক্ষাৎ কৰিব খোজে ৰাহুল গান্ধীয়ে, চৰকাৰক ক’লে- “আমিও দেশক প্ৰতিনিধিত্ব কৰোঁ”

বিদেশী বিশিষ্ট ব্যক্তিৰ সৈতে বিৰোধী দলপতিৰ বৈঠকৰ কথা উল্লেখ কৰি ৰাহুল গান্ধীয়ে কয় যে চৰকাৰৰ সাধাৰণ নীতি হৈছে বিৰোধী দলপতিৰ সৈতে বৈঠক অনুষ্ঠিত কৰা। বিৰোধী দলপতিৰ সৈতে পূৰ্বতে বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল, যিটো পৰম্পৰা অটল বিহাৰী বাজপেয়ী আৰু মনমোহন সিঙৰ কাৰ্যকালত চলি আছিল।

পুটিনক সাক্ষাৎ কৰিব খোজে ৰাহুল গান্ধীয়ে, চৰকাৰক ক’লে- “আমিও দেশক প্ৰতিনিধিত্ব কৰোঁ”
ৰাহুল গান্ধীImage Credit source: PTI
raj-saikia
Raj Saikia | Published: 04 Dec 2025 13:57 PM

দুদিনীয়া সূচীৰে ভাৰত ভ্ৰমণৰ বাবে বৃহস্পতিবাৰে সন্ধিয়া দিল্লীত উপস্থিত হ’ব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। বিশ্বই তেওঁৰ বহু প্ৰত্যাশিত ভ্ৰমণৰ ওপৰত চকু ৰাখিছে। দিল্লীতো ব্যাপক নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। ইফালে পুটিন দিল্লীলৈ অহাৰ পূৰ্বে লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে মোদী চৰকাৰক লক্ষ্য কৰি কয় যে চৰকাৰে বিৰোধী সদস্যসকলে বিদেশী প্ৰতিনিধিৰ সৈতে সাক্ষাৎ কৰাটো নিবিচাৰে। লগতে তেওঁ কয় যে বিৰোধীয়েও দেশক প্ৰতিনিধিত্ব কৰে।

ৰাষ্ট্ৰপতি পুটিনক সাক্ষাৎ কৰাৰ সম্ভাৱনা সন্দৰ্ভত ৰাহুল গান্ধীয়ে সংসদ ভৱনৰ বাহিৰত কয়, ‘‘বাহিৰৰ পৰা যিয়েই নহওক কিয়, তেওঁলোকৰ বিৰোধীৰ নেতাৰ সৈতে বৈঠক হয়, আৰু এইটোৱেই দেশৰ পৰম্পৰা হৈ আহিছে। কিন্তু আজিকালি এনেকুৱা হয় যে যেতিয়া বিদেশী গণ্যমান্য ব্যক্তি ইয়ালৈ আহে বা মই ক’ৰবালৈ ওলাই যাওঁ, তেতিয়া চৰকাৰে তেওঁলোকক পৰামৰ্শ দিয়ে যে তেওঁলোকে বিৰোধীৰ নেতাক লগ কৰিব নালাগে, গতিকে এইটোৱেই তেওঁলোকৰ (চৰকাৰৰ) নীতি।”

আমিও দেশক প্ৰতিনিধিত্ব কৰোঁ- ৰাহুল গান্ধী

তেওঁ আৰু কয়, “তেওঁলোকে(চৰকাৰে) প্ৰতিবাৰেই এই কাম কৰে। আমাৰ সকলোৰে সৈতে সম্পৰ্ক আছে। আমিও দেশক প্ৰতিনিধিত্ব কৰোঁ; কেৱল চৰকাৰেই নহয়। চৰকাৰে নিবিচাৰে যে বিৰোধী সদস্যই বাহিৰৰ লোকক লগ পাওক।” তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে এই নিয়ম মানি নচলে কাৰণ তেওঁৰ মনত নিৰাপত্তাহীনতাৰ ভাৱ আছে।

বিদেশী বিশিষ্ট ব্যক্তিৰ সৈতে বিৰোধী দলপতিৰ বৈঠকৰ কথা উল্লেখ কৰি ৰাহুল গান্ধীয়ে কয় যে চৰকাৰৰ সাধাৰণ নীতি হৈছে বিৰোধী দলপতিৰ সৈতে বৈঠক অনুষ্ঠিত কৰা। বিৰোধী দলপতিৰ সৈতে পূৰ্বতে বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল, যিটো পৰম্পৰা অটল বিহাৰী বাজপেয়ী আৰু মনমোহন সিঙৰ কাৰ্যকালত চলি আছিল। কিন্তু এতিয়া কি হয়? বিৰোধী দলৰ নেতাক সাক্ষাৎ নকৰিবলৈ চৰকাৰে পৰামৰ্শ দিয়ে। এল অ’ পিয়েও এক বেলেগ দৃষ্টিভংগী আগবঢ়ায়।

চৰকাৰে উলংঘা কৰিছে প্ৰট’কল- প্ৰিয়ংকা গান্ধী

একেদৰে ৰাহুল গান্ধীৰ ভগ্নী তথা কংগ্ৰেছৰ সাংসদ প্ৰিয়ংকা গান্ধী ৱাদ্ৰায়ো চৰকাৰক আক্ৰমণ কৰি কয়, “যিকোনো বিদেশী গণ্যমান্য ব্যক্তিয়ে বিৰোধীৰ নেতাক সাক্ষাৎ কৰাটো প্ৰট’কল, কিন্তু এতিয়া এই প্ৰট’কল ওলোটা কৰা হৈছে। এই চৰকাৰৰ সকলো নীতি ইয়াৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। তেওঁলোকে আন কাকো কণ্ঠ তুলিবলৈ নিদিয়ে আৰু আন কাৰো মতামত শুনিব নিবিচাৰে। তেওঁলোকে প্ৰট’কলভাঙি আছে।”

বিশিষ্ট অতিথিৰ সৈতে বিৰোধী দলৰ নেতাক সাক্ষাৎ কৰিবলৈ দিয়া নহয় বুলি ৰাহুল গান্ধীৰ অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আন এগৰাকী কংগ্ৰেছ সাংসদ শশী থাৰুৰে। তেওঁ কয়, “এল অ’ পিয়ে যি কথা কৈছে, মই ভাবো চৰকাৰে ইয়াৰ প্ৰতি সঁহাৰি জনাব লাগে।”

শশী থাৰুৰে আৰু কয়, “গণতন্ত্ৰত যদি ভ্ৰমণকাৰী গণ্যমান্য ব্যক্তিয়ে সকলোকে লগ পায় তেন্তে ভাল হ’ব। মই ভাবো যে এইটো এটা গুৰুত্বপূৰ্ণ ভ্ৰমণ, আৰু আমাৰ দেশখনে নিঃসন্দেহে ৰাছিয়া, চীন আৰু আমেৰিকাৰ সৈতে বহু গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক সম্পৰ্ক বজাই ৰখাৰ প্ৰয়োজন। আমি মানি ল’ব নোৱাৰো যে এটা সম্পৰ্ক আন এটাৰ প্ৰকৃতিৰ দ্বাৰা নিৰ্ধাৰিত হ’ব লাগে।”