Vice Presidential Poll 2025: ইণ্ডিয়া ব্লকৰ ভোটৰ অংক জংক-পংক, চুকত থাকি বুকত কামুৰিলে কোনে?
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি নিৰ্বাচিত হ'ল এন ডি এৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণন। তেওঁ ৪৫২ টা ভোট লাভ কৰাৰ বিপৰীতে ইণ্ডিয়া ব্লকৰ বি সুদৰ্শন ৰেড্ডীয়ে ৩০০ টা ভোট লাভ কৰে। ইণ্ডিয়া মিত্ৰজোঁটৰ মুঠ ৩১৫ জন সাংসদ। এনে পৰিস্থিতিত আশা কৰাতকৈ কম ভোট লাভ কৰিলে ৰেড্ডীয়ে। ইয়াৰ পিছত কোৱা হৈছে যে একাংশ সাংসদে ক্ৰছ ভোটিং কৰিছিল।

উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত এন ডি এৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণনে ইণ্ডিয়া ব্লকৰ সমৰ্থিত প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীক ১৫২ টা ভোটত পৰাস্ত কৰে। ৰাধাকৃষ্ণনে ৪৫২ আৰু ৰেড্ডীয়ে ৩০০ ভোট লাভ কৰে। কিন্তু তাৰ পাছতেই বিৰোধী শিবিৰত হিচাপৰ খেলিমেলি। প্ৰাৰ্থীৰ পৰাজয়ক লৈ এই খেলিমেলি নহয়, ভোটক লৈহে লাগিছে খেলিমেলিটো।
INDIA মিত্ৰজোঁটৰ ৩১৫ জন সাংসদ। তেন্তে বিৰোধীৰ প্ৰাৰ্থীগৰাকীয়ে আশা কৰাতকৈ কম ভোট লাভ কৰিলে কেনেকৈ? ইয়াৰ পিছত কোৱা হৈছে যে একাংশ সাংসদে ক্ৰছ ভোটিং কৰিছিল। তথ্য অনুসৰি এই কাম কৰা সাংসদসকল মহাবিকাশ আঘাড়ীৰ। এই ক্ৰছ ভোটিঙৰ জৰিয়তে এন ডি এয়ে ১০ৰ পৰা ১৩টা অধিক ভোট লাভ কৰে। ইণ্ডিয়া ব্লকে এই ১০ৰ পৰা ১৩জন সাংসদ মিত্ৰজোঁটৰ কোনটো দলৰ সেয়া বিবেচনা কৰি আছে।
নিৰ্বাচনত মুঠ ৭৫২টা বৈধ আৰু ১৫টা অবৈধ ভোটদান কৰা হয়। উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ৰ বাবে প্ৰয়োজন আছিল ৩৭৭টা ভোট। ক্ৰছ ভোটিঙৰ সন্দৰ্ভত শিৱসেনাৰ নেতা সঞ্জয় ৰাউতে কয় “কোনে ক্ৰছ ভোটিঙৰ কথা কৈছে? এন ডি এৰ একাংশ লোকে এই কথা কৈছে। আমাৰ হাতত থকা ভোটৰ তথ্য আমি পাইছো। আমি ৩০০ টা ভোট পাইছো আৰু যি ১৫ টা ভোট অবৈধ বুলি ঘোষণা কৰা হৈছে সেইবোৰ সুদৰ্শন ৰেড্ডীৰ সন্মুখত লিখা হৈছে। তথাপিও কিবা কাৰণত সেই ভোটসমূহ অবৈধ বুলি ঘোষণা কৰা হ’ল।”
বিৰোধীয়ে ইয়াক বিজেপিৰ নৈতিক পৰাজয় বুলি অভিহিত কৰিছে
মূল বিৰোধী দল কংগ্ৰেছে কয় যে ৰাধাকৃষ্ণনে সংখ্যাত জয়ী হ’লেও বাস্তৱত বিজেপিয়ে নৈতিক আৰু ৰাজনৈতিক পৰাজয়ৰ সন্মুখীন হৈছে। ৯ ছেপ্টেম্বৰৰ পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ সন্ধিয়া ৫ বজাত শেষ হয়। ভোটদান সমাপ্ত হোৱাৰ প্ৰায় ডেৰ-দুই ঘণ্টাৰ পিছতে ঘোষণা কৰা হয় নিৰ্বাচনৰ ফলাফল।
ৰাজ্যসভাৰ মহাসচিব তথা নিৰ্বাচনী বিষয়া পি চি মোদীয়ে ফলাফল ঘোষণা কৰি কয় যে মুঠ ৯৮.২ শতাংশ ভোটদান হৈছিল। এন ডি এৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণনে ৪৫২ আৰু বিৰোধী প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীয়ে ৩০০ ভোট লাভ কৰে। তেওঁ কয় যে এই নিৰ্বাচনত নিৰ্বাচনী কলেজৰ মুঠ ৭৮১ জন সদস্যৰ ভিতৰত ৭৬৭ জন (এটা ডাক বেলটকে ধৰি) ভোটদান কৰিছিল, য’ত ১৫ টা ভোট অবৈধ বুলি ঘোষণা কৰা হৈছিল।
‘বিবেকৰ কথা শুনিলে বিৰোধী দলৰ ৪০ জন সাংসদে’!
বিজেপিৰ সাংসদ সঞ্জয় জয়ছৱালে দাবী কৰে যে প্ৰায় ৪০ জন বিৰোধী সাংসদে তেওঁলোকৰ বিবেকৰ কথা শুনি কোনোবা নহয় কোনোবা ৰূপত এন ডি এৰ প্ৰাৰ্থীৰ সমৰ্থনত ভোটদান কৰিছিল। বিৰোধী দলৰ ৪০ জন সাংসদৰ সমৰ্থনৰ যি দাবী বিজেপি সাংসদগৰাকীয়ে কৰিছে, তাত অবৈধ বুলি ঘোষণা কৰা কেইবাটাও ভোট সন্নিবিষ্ট কৰা হৈছে। এন ডি এৰ নেতাসকলে কয় যে মহাৰাষ্ট্ৰৰ একাংশ বিৰোধী সাংসদে ৰাধাকৃষ্ণনৰ সমৰ্থনত ভোটদান কৰিছিল।