ৰাজা-সোনমেই অহা নাছিল মেঘালয়লৈ, আহিছিল চুপাৰি কিলাৰো, সোনমৰ নিৰ্দেশতেই হত্যা ৰাজাক
ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ গোচৰত আৰক্ষীয়ে বৃহৎ সফলতা লাভ কৰিছে। মেঘালয় আৰক্ষীৰ মতে, ৰাজাক হত্যা কৰিছিল পত্নীয়ে। এই গোচৰৰ অভিযুক্ত পত্নীসহ ৪জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ৰাজা ৰঘুবংশী আৰু তেওঁৰ পত্নী সোণম মধ্যপ্ৰদেশৰ পৰা মেঘালয়লৈ গৈছিল হানিমুনলৈ। এই সময়ছোৱাত ৰাজাক হত্যা কৰা হয়।

হানিমুনৰ বাবে মেঘালয়ৰ শিলচৰলৈ যোৱা ইন্দোৰ দম্পতী ৰাজা ৰঘুবংশী আৰু সোণম ৰঘুবংশীৰ নিৰুদ্দেশৰ ৰহস্যৰ অৱসান । শ্বিলঙৰ পাহাৰত ৰাজা ৰঘুবংশীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ বিপৰীতে নিৰুদ্দেশ হৈ আছিল সোণম । উত্তৰ প্ৰদেশৰ গাজীপুৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সোণমক । এই কথা নিশ্চিত কৰিছে গাজীপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জ্ঞানেন্দ্ৰ প্ৰসাদে । একে সময়তে এই গোচৰত মেঘালয়ৰ ডিজিপিয়েও কৈছে যে ৰাজা হত্যাকাণ্ডৰ সৈতে তেওঁৰ পত্নী জড়িত বুলি অভিযোগ উত্থাপন হৈছে ।
মেঘালয়ৰ ডিজিপিৰ মতে, সোণমে ৰাজাক হত্যা কৰিবলৈ অপৰাধী নিয়োগ কৰিছিল । এই ঘটনাত পত্নী সোণমকে ধৰি চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । সোণামৰ উপৰিও আন ৩ অভিযুক্ত মধ্যপ্ৰদেশৰ । সোমবাৰে পুৱা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত গুৰুত্বপূৰ্ণ তথ্য শ্বেয়াৰ কৰে। তেওঁ লিখিছে, “মাত্ৰ ৭ দিনৰ ভিতৰতে ৰাজা হত্যাকাণ্ড সন্দৰ্ভত বৃহৎ সফলতা লাভ কৰিছে আৰক্ষীয়ে। এই গোচৰত মধ্যপ্ৰদেশৰ পৰা তিনিজন আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে এগৰাকী মহিলা অভিযুক্তই আত্মসমৰ্পণ কৰিছে।”
এই গোচৰৰ অভিযুক্তৰ সন্ধান এতিয়াও আৰক্ষীয়ে অব্যাহত ৰাখিছে বুলিও কয় মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে । আৰক্ষীৰ তালাচী অভিযান অব্যাহত আছে। ইয়াৰ উপৰিও মেঘালয় আৰক্ষীকো এই ক্ষীপ্ৰ পদক্ষেপৰ বাবে প্ৰশংসা কৰিছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই।
Within 7 days a major breakthrough has been achieved by the #meghalayapolice in the Raja murder case … 3 assailants who are from Madhya Pradesh have been arrested, female has surrendered and operation still on to catch 1 more assailant .. well done #meghalayapolice
— Conrad K Sangma (@SangmaConrad) June 9, 2025
বিগত কেইবাদিনো ধৰি ৰাজা হত্যাকাণ্ডই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছিল। অৱশ্যে এতিয়া ৰজাৰ পত্নী সোণমক বিচাৰি পোৱাৰ লগে লগে এই গোচৰৰ সকলো অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি ৰাজা ৰঘুবংশীৰ মৃত্যুৰ ৰহস্য সমাধান হ’ব বুলি আশা কৰা হৈছে। গাজীপুৰ আৰক্ষীয়ে জনোৱা মতে, ১৭ দিন ধৰি নিৰুদ্দেশ হৈ থকা সোণম ৰঘুবংশীক ইউ পিৰ গাজীপুৰৰ এখন ধাবাত উদ্ধাৰ কৰা হয়। তেওঁৰ অৱস্থা সুস্থিৰ নহয়। এই ঘটনা সন্দৰ্ভত বৰ্তমানলৈ সোণমে কোনো তথ্য প্ৰকাশ কৰা নাই।
উল্লেখ্য যে, সোণম ইন্দোৰৰ গোবিন্দ কলনীৰ বাসিন্দা। হিন্দু ৰীতি-নীতি অনুসৰি যোৱা বছৰৰ ১১ মে’ত ৰাজাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। বি.কম সম্পূৰ্ণ কৰিছিল সোণমে। বিয়াৰ পিছত দম্পতী শ্বিলঙ ফুৰিবলৈ আহিছিল। তাৰ পিছত নিৰুদ্দেশ হৈ পৰে দুয়ো।তঅৱশেষচ শিলঙৰ পাহাৰত উদ্ধাৰ কৰা হয় ৰাজাৰ মৃতদেহ। সোণম আৰু ৰাজা প্ৰথমে কামাখ্যা দেৱীক দৰ্শন কৰিবলৈ গৈছিল। ইয়াৰ পিছত দুয়ো ইয়াৰ পৰাই শ্বিলঙলৈ যায়। তেনেতে দুয়োজনেই হঠাৎ নিৰুদ্দেশ হৈ পৰে। এই সময়ছোৱাত আৰক্ষীয়ে এটা খাৱৈৰ পৰা ৰাজাৰ মৃতদেহ উদ্ধাৰ কৰে।