শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দুৰ্গন্ধ ওলাই আছিল এটা ৰঙা ছুটকেছৰ পৰা! খুলি দিয়াৰ লগে লগে এক ভয়ংকৰ ঘটনা…

দেশত তীব্ৰগতিত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। ইয়াৰ মাজতে পুনৰ এক চাঞ্চল্যকৰ খবৰ পোহৰলৈ আহিছে। এটা ছুটকেছত উদ্ধাৰ হয় এগৰাকী মহিলাৰ মৃতদেহ।

দুৰ্গন্ধ ওলাই আছিল এটা ৰঙা ছুটকেছৰ পৰা! খুলি দিয়াৰ লগে লগে এক ভয়ংকৰ ঘটনা…
ছুটকেছImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 06 Jun 2025 09:17 AM

পুনৰ এক জঘন্য কাণ্ড। এটা ছুটকেছৰ পৰা উদ্ধাৰ এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ। জানিব পৰা মতে ছুটকেছটোৰ পৰা দুৰ্গন্ধ ওলাই আছিল। যেতিয়া আৰক্ষীয়ে সেই খুলি চাই তেতিয়া তাৰ পৰা এগৰাকী মহিলাৰ পচি যোৱা মৃতদেহ উদ্ধাৰ হয়। এই ঘটনা সংঘটিত হৈছে তেলেংগানাৰ ৰঙাৰেড্ডী জিলাৰ বাচুপল্লীত। আৰক্ষীৰ তথ্য অনুসৰি বুধবাৰ (৪জুন) বিজয়দুৰ্গা অ’নাৰ্ছ এছ’চিয়েশ্যন কলনীৰ ৰেড্ডী লেবৰ দেৱালৰ সমীপত উদ্ধাৰ হৈছে মহিলাগৰাকীৰ মৃতদেহ।

আৰক্ষীয়ে  জনাই যে, বুধবাৰে তেওঁলোকে উক্ত অঞ্চলটোত কোনোৱে পেলাই যোৱা এটা ছুটকেছৰ পৰা দুৰ্গন্ধ ওলাই থকাৰ তথ্য লাভ কৰিছিল । লগে লগে আৰক্ষী সেইস্থানত উপস্থিত হৈ ছুটকেছটো এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰে।

মৃত মহিলাগৰাকীৰ বয়স ২৫ৰ পৰা ৩৫ বছৰৰ ভিতৰত হ’ব বুলি অনুমান কৰা হৈছে। আৰক্ষীয়ে সন্দেহ কৰিছে যে, ১০-১২ দিন পূৰ্বে মহিলাগৰাকীক হত্যা কৰি কোনোৱে এনেকৈ পেলাই থৈ গৈছে। এই পৰ্যন্ত মহিলাগৰাকী চিনাক্ত হোৱা নাই। ইতিমধ্যে মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। আৰক্ষীয়ে কয় যে, মৰণোত্তৰ পৰীক্ষাৰ অন্ততহে জানিব পৰা যাব মহিলাগৰাকীৰ কেনেকৈ মৃত্যু হ’ল, আৰু সেই অনুসৰি তদন্ত আগবঢ়াই নিয়া হ’ব।

আৰক্ষীয়ে জনাই যে ভাৰতীয় নাগৰিক সুৰক্ষা আইন (বিএনপিএছ)ৰ ১৯৪ ধাৰাত সন্দেহজনক মৃত্যুৰ গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি আছে। আৰক্ষীয়ে কয় যে, মহিলাগৰাকীক বিচাৰি উলিওৱাৰ বাবে সকলো ধৰণৰ চেষ্টা আৰক্ষীয়ে কৰি আছে। ইয়াৰোপৰি এই ঘটনাত জড়িত থকাসকলক উপযুক্ত শাস্তি বিহা হ’ব বুলি আৰক্ষীয়ে জনায়।

আৰক্ষীয়ে অপৰাধস্থলী পৰিদৰ্শন কৰি তদন্তৰ প্ৰাৰম্ভিক পৰ্যায়সমূহ নিৰীক্ষণ কৰাৰ লগতে দলসমূহক প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰে। ইয়াৰোপৰি ওচৰৰ আৰক্ষী থানাসমূহতো যোগাযোগ কৰিছে। মহিলাগৰাকী সন্দৰ্ভত কোনো এজাহাৰ দাখিল হৈছে নে নাই সেই সন্দৰ্ভতো পৰীক্ষা চলাই থকা হৈছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

অন্য খবৰ পঢ়কঃ অটোৰ ওপৰত বাগৰি পৰিল ট্ৰাক! থিতাতে প্ৰাণ হেৰুৱালে ৭জনে, আহত বহুতো…