অটোৰ ওপৰত বাগৰি পৰিল ট্ৰাক! থিতাতে প্ৰাণ হেৰুৱালে ৭জনে, আহত বহুতো…
এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৭জনকৈ লোকে। জানিব পৰা মতে, অটোখনৰ ওপৰত ট্ৰাকখন বাগৰি পৰে যাৰ ফলত এই পথ দুৰ্ঘটনা সংঘটিত হয়।

এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৭জনকৈ লোকে। জানিব পৰা মতে, এখন অটোত ট্ৰাক এখন বাগৰি পৰাৰ ফলত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। পথ দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে থিতাতে ৭ জন লোক নিহত হোৱাৰ লগতে আহত হয় বহুতো। বৃহস্পতিবাৰে এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ ৰেৱা জিলাত। স্থানীয়লোকৰ মতে, এই অঞ্চলটোত মৃত্যু উপত্যকা বুলি জনা যায়। কিয়নো এয়াই প্ৰথম নহয়, পূৰ্বও এই অঞ্চলত বহু পথ দুৰ্ঘটনা সংঘটিত হৈছে য’ত বহু লোকৰ মৃত্যু হৈছে।
ঘটনাৰ পাছতে আৰক্ষী উপস্থিত হৈ মৃতদেহসমূহ উদ্ধাৰ কৰাৰ লগতে আহতসকলক হাস্পাতালত ভৰ্তি কৰে। ইতিমধ্যে মৃতদেহসমূহৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। লগতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ঘটনাত নিহত হোৱা সকলৰ ভিতৰত মহিলা আৰু শিশুও আছে। এই পথ দুৰ্ঘটনা আজি দুপৰীয়া সোহাগী থানাৰ অন্তৰ্গত ৩০ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে।
জানিব পৰা মতে, ৰাষ্ট্ৰীয় ঘাইপথ-৩০ৰ মাজেৰে এখন ট্ৰাক পাৰ হৈ গৈ থকা অৱস্থাত হঠাতে ট্ৰাকখন অনিয়ন্ত্ৰিত হৈ পৰে। সেই সময়তে পথটোৰে এখন অটো গৈ আছিল। লগে লগে সেই অটোখনত ট্ৰাকখনত বাগৰি পৰে আৰু ভয়ংকৰ দুৰ্ঘটনাত পতিত হয়। অটোখনত ৮জনকৈ লোক আছিল। দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে আটাইকেইজন ট্ৰাকৰ তলত সোমাই পৰে আৰু থিতাতে ৭ জনে মৃত্যুক সাৱতি লয়।
তথ্য অনুসৰি অটোখনত যাত্ৰা কৰা আটাইকেইজন লোক প্ৰয়াগৰাজৰ গংগাত গা ধুই মৌগঞ্জ জিলাৰ নাইগাধীলৈ গৈ আছিল। অটোখনত যাত্ৰা কৰা আটাইকেইজন লোক মৌগঞ্জৰ নাইগাধীৰ বাসিন্দা আছিল। আনহাতে প্ৰয়াগৰাজ হৈ ৰেৱা অভিমুখে গৈ আছিল ট্ৰাকখন।
ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে জনাই যে আটাইকেইজন লোক গংগাত গা ধুই ঘূৰি অহাৰ সময়ত এই ঘটনা সংঘটিত হয়। ইতিমধ্যে আটাইকেইজনৰ মৃতদেহ চিনাক্ত কৰি পৰিয়ালক অৱগত কৰা হৈছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত চলাই থকা হৈছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ আহিব।
অন্য খবৰ পঢ়কঃ মৌলৱীৰ কু-কাণ্ড! যুৱতী হ’ল ৮ মাহৰ গৰ্ভৱতী আৰু তাৰ পাছত…